Logo
image

সৌৰশক্তি

আধুনিক জীৱনযাত্ৰাত বিদ্যুতৰ ব্যৱহাৰ প্ৰতি মুহূৰ্ততে অনুভৱ  কৰা হয়৷ বিদ্যুতৰ ব্যৱহাৰে মানুহৰ জীৱনযাত্ৰা আৰামদায়ক কৰাৰ লগতে উন্নয়ন ত্বৰান্বিত কৰিছে৷ কিন্তু বিদ্যুতৰ বাবে মূলতঃ জীৱাশ্ম ইন্ধন আৰু নদীবান্ধ নিৰ্মাণ কৰি জলবিদ্যুৎ উৎপাদন কৰাৰ ফলত সময়ে সময়ে মানুহে ইয়াৰ কুফল ভুগি আহিছে৷ জীৱাশ্ম ইন্ধন দহনৰ ফলত বায়ুমণ্ডলত কাৰ্বনৰ পৰিমাণ বৃদ্ধি পাইছে, আৰু ইয়ে গোলকীয় উষ্ণতা বৃদ্ধিত অনুঘটকৰ কাম কৰিছে৷ ইফালে জনসাধাৰণৰ প্ৰয়োজনীয় বিদ্যুৎ উৎপাদন কৰিবলৈ নদীবান্ধ নিৰ্মাণ কৰাৰ ফলত বান্ধৰ নামনি অংশত বাস কৰা লোকে সময়ে সময়ে জলপ্ৰলয়ৰ সন্মুখীন হৈ আহিছে৷ ইয়াৰ ফলত বান্ধৰ নামনি অংশত বাস কৰা লোকে অবৰ্ণনীয় সমস্যাৰ সন্মুখীন হৈ আহিছে৷ কেতিয়াবা কেতিয়াবা এনে বান্ধ ভাঙি বান্ধৰ নামনি অংশৰ লোকৰ জীৱন-সম্পত্তি সকলো ধবংস কৰিছে৷ কেন্দ্ৰীয় চৰকাৰে অৰুণাচলত নিৰ্মাণ কৰা বৃহৎ নদীবান্ধসমূহে অসমৰ জনজীৱন বিধবস্ত কৰিব বুলি বিভিন্ন দল-সংগঠনে প্ৰতিবাদ কৰি অহাৰ পাছতো এনে বান্ধ নিৰ্মাণ চলিয়েই আছে৷ ভূটানত নিৰ্মাণ কৰা নদীবান্ধসমূহৰ বাবেও নামনি অসমত প্ৰতিবছৰে বানে সংহাৰ ৰূপ ধাৰণ কৰি বিস্তৰ ক্ষতি কৰি আহিছে৷ সেইদৰে নাগালেণ্ড, মেঘালয়ত স্থাপন কৰা বান্ধৰ পানী সময়ে সময়ে এৰি দিয়াৰ ফলতো বান্ধৰ নামনিৰ অঞ্চলত অৰ্থাৎ অসমত অভাৱনীয় বান হয়৷ মূলতঃ বাৰিষা বান্ধৰ অতিৰিক্ত পানীভাগ হঠাতে এৰি দিয়াৰ ফলতেই বান্ধৰ নামনিত অস্বাভাৱিক বানৰ সৃষ্টি হৈ বিস্তৰ ক্ষতি কৰে৷ মানৱ সভ্যতাই বিকাশৰ বাটত আগবাঢ়িবলৈ হ’লে যিহেতু শক্তিৰ প্ৰয়োজন অতীব, সেয়ে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ কমাই আৰু নদীবান্ধৰ পৰা হ’ব পৰা ক্ষয়-ক্ষতি কমাই নবীকৰণযোগ্য, স্বচ্ছ আৰু সেউজ শক্তি উৎপাদনত গুৰুত্ব আৰোপ কৰিব লাগিব৷ শক্তিৰ অফুৰন্ত উৎস সূৰ্য৷ সূৰ্যৰ দ্বাৰা  বিকিৰিণ হোৱা ফটন কণাক সৌৰকোষ নামৰ আৰ্হিৰ দ্বাৰা  আবদ্ধ কৰি নিৰ্দিষ্ট পদ্ধতিৰে বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰিব পাৰি৷ তদুপৰি সৌৰশক্তি আহৰণ কৰি তাক সঠিক ৰূপত ব্যৱহাৰ কৰিব পাৰিলে জীৱাশ্ম ইন্ধন আৰু জলবিদ্যুতৰ ওপৰত নিৰ্ভৰশীলতা বহুখিনি কমি যাব৷ যিহেতু সৌৰশক্তি ব্যৱহাৰ কৰি বিভিন্ন কাম কৰা সম্ভৱ, সেয়ে সৌৰশক্তি আহৰণত গুৰুত্ব আৰোপ কৰিব লাগিব৷ অসমত জীৱাশ্ম ইন্ধন আৰু জলবিদ্যুৎ শক্তিৰ ব্যৱহাৰ হ্ৰাস কৰি সৌৰশক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে ওদালগুৰিৰ লালপুলত ২৫ মেগাৱাট শক্তিসম্পন্ন সৌৰপ্ৰকল্প মুকলি কৰাৰ লগতে বুধবাৰে কামৰূপ জিলাৰ বকোতো ২৫ মেগাৱাট শক্তিসম্পন্ন আন এটা সৌৰপ্ৰকল্প মুকলি কৰে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি, ২০২৬ চনৰ ভিতৰত অসমে প্ৰয়োজনীয় শক্তিৰ ৫০ শতাংশ সৌৰশক্তিৰ পৰা আহৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ ৰাজ্যৰ শক্তি বিভাগে পূৰ্বৰ আমগুৰি সৌৰ প্ৰকল্পৰ উপৰি  পুনৰ শিলচৰ আৰু নগাঁৱতো দুটা সৌৰপ্ৰকল্প স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ৰাজ্য চৰকাৰে আনকি ১০০০ মেগাৱাট শক্তিসম্পন্ন সৌৰপ্ৰকল্প স্থাপনৰ বাবে এন এল কৰ্পোৰেশ্বনৰ লগত বুজাবুজিৰ চুক্তি কৰিব বুলিও সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷ সৌৰশক্তি প্ৰকল্পসমূহে ৰাজ্যৰ জীৱাশ্ম ইন্ধনৰ দহনৰ মাত্ৰা কমাই জীৱাশ্ম ইন্ধনৰ পৰা হোৱা প্ৰদূষণ ৰোধ কৰাৰ উপৰি স্বচ্ছ আৰু সেউজশক্তি উৎপাদন কৰি প্ৰদূষণমুক্ত পৰিৱেশ সৃষ্টি কৰিব আৰু এনে প্ৰকল্পসমূহে সংস্থাপনৰো নতুন পথ মুকলি কৰিব৷