Logo
image

অৰুণোদয় নে অপমান!

ব্ৰিটিছৰ অধীনত দুশ বছৰ থকা ভাৰতৰ বিকাশৰ ক্ষেত্ৰত যি পদক্ষেপ লৈছিল সেইসমূহৰ অধিকসংখ্যকেই আছিল ব্ৰিটিছৰ স্বাৰ্থত কৰা বিকাশ৷ ফলত দেশৰ জনতাৰ সামাজিক-সাংস্কৃতিক-শৈক্ষিক আদি ক্ষেত্ৰত যি বিকাশ হ’ব লাগিছিল, সেয়া সম্ভৱ হৈ উঠা নাছিল৷ ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো আছিল অৰ্থনৈতিক অনগ্ৰসৰতা৷ ব্ৰিটিছে নিজৰ ৰাজভঁৰাল চহকী কৰিবৰ বাবে পৰিকল্পনা কৰিছিল যদিও ইয়াৰ জনতাৰ অৰ্থনৈতিক নিৰাপত্তাৰ দিশটোত বিশেষ গুৰুত্ব দিয়া নাছিল৷ যাৰ বাবে ১৯৪৭ চনত দেশে দীঘলীয়া আৰু কঠোৰ সংগ্ৰামৰ ফলত স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল৷ স্বাধীন ভাৰতত দৰিদ্ৰ তথা অৱহেলিত, বিশেষকৈ ঐতিহাসিকভাৱে যিসকল পিছপৰি আছিল সেই জনজাতিসকলক সংৰক্ষণৰ সুবিধা প্ৰদান কৰি তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নত কৰিবলৈ স্বাধীন চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল৷ সংবিধান প্ৰণেতাসকলে আশা কৰিছিল যে অন্ততঃ দহ বছৰ সংৰক্ষণৰ ব্যৱস্থাৰে তেওঁলোকৰ অৰ্থনৈতিক ব্যৱস্থাক উন্নত কৰি সংৰক্ষণ ব্যৱস্থা প্ৰত্যাহাৰ কৰিব৷ কিন্তু আজি স্বাধীনতাৰ অমৃত মহোৎসৱ উদ্‌যাপনৰ সময়তো সেয়া সম্ভৱ হোৱা দূৰৰ কথা নতুনকৈ সংৰক্ষণৰ দাবী উঠিবলৈ ধৰিলে আৰু আজি পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে সাধাৰণ জাতিৰো এটা অংশক ১০ শতাংশ সংৰক্ষণৰ সুবিধা দিব লগা হৈছে৷ বাকী বহু জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যাদা বিচাৰি আন্দোলন কৰাটো সৰ্বজনবিদিত৷ 

কিন্তু কিয় এনে হৈছে? স্বাধীন দেশৰ বৰ্তমান চৰকাৰে যি সময়ত স্বাধীনতাৰ ৭৫ বছৰত অমৃত মহোৎসৱ উদ্‌যাপন কৰিছে, সেই সময়ত দেশ অৰ্থনৈতিকভাৱে কিয় পিছপৰি ৰৈছে?

এইসমূহ সংৰক্ষণৰ বাদেও দৰিদ্ৰ লোকৰ বাবে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ সকলোৱেই নানা আঁচনি গ্ৰহণ কৰি নিৰ্বাচনৰ হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি আহিছে৷ অসমতো ২০২০ চনৰ ২ অক্টোবৰৰ পৰা মহিলাসকলৰ বাবে চৰকাৰে প্ৰৱৰ্তন কৰিলে অৰুণোদয় আঁচনি, যি আঁচনিৰ জৰিয়তে দাৰিদ্ৰ্য সীমাৰেখাৰ তলত বাস কৰা বিধৱা, অবিবাহিত মহিলা, বিশেষভাৱে সক্ষম মহিলা আদিক মাহে প্ৰথমে ৮৩০ টকা, বৰ্তমান ১,০০০ টকাকৈ দি আছে৷ এনে সময়তে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে অৰুণোদয়ৰ ধনৰ পৰিমাণ ১২৫০ টকা কৰিব আৰু হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰিব৷ এই ঘোষণা কৰা সভাতে মুখ্যমন্ত্ৰীয়ে আৰু এটা কথা ঘোষণা কৰে যে এতিয়াৰ পৰা প্ৰতিটো অৰুণোদয় পৰিয়ালৰ ঘৰৰ সন্মুখত চৰকাৰে একোখন ফলক আঁৰিব আৰু তাত লিখা থাকিব অৰুনোদয় পৰিয়াল বুলি৷ ওপৰে ওপৰে চাবলৈ গ’লে চৰকাৰী অনুদান গ্ৰহণ কৰা পৰিয়াল চিনাক্তকৰণৰ এয়া চৰকাৰী প্ৰচেষ্টা, কিন্তু কোনো মানুহেই জন্মতে দৰিদ্ৰ হৈ জন্মগ্ৰহণ নকৰে৷ নিৰ্দিষ্ট সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিস্থিতিত পৰি মানুহ দৰিদ্ৰ হয়৷ সেয়ে কোনো মানুহে নিজকে দৰিদ্ৰ বুলি চিনাকী দি গৌৰৱ অনুভৱ নকৰে৷ অৰুণোদয় আঁচনিখনেই যিহেতু দৰিদ্ৰৰ বাবে, সেয়ে প্ৰতিটো পৰিয়ালৰ জপনাৰ সন্মুখত সেইখন আঁৰি দিয়াৰ পাছত সমাজত পৰিয়ালটো চিৰজীৱনৰ বাবে দৰিদ্ৰ পৰিয়াল হিচাপে চিহ্নিত হৈ পৰিব৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীজনে এই কথা ঘোষণা কৰি দুটা অতি ভয়ংকৰ কথা কৈছে, তেওঁৰ মতে, ইতিমধ্যে একাংশ সক্ষম লোকো আঁচনিৰ আওতাত সোমাইছে! যদি এইটো হৈছে তেন্তে চৰকাৰৰ প্ৰশাসন যন্ত্ৰ চৰকাৰৰ নিয়ন্ত্ৰণত নাই৷ যি বিশেষ ব্যৱস্থাৰে, যি বিশেষ কমিটীয়ে অৰুণোদয় হিতাধিকাৰীক নিৰ্বাচন কৰে, সেইসকলৰ বিশ্বাসযোগ্যতাৰ ওপৰতে মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন উত্থাপন কৰিছে৷ যদি সঁচাকৈ তেনে লোকৰ নাম সোমাইছে, তেন্তে যি পদ্ধতিৰে ফলক লগোৱা কাম কৰিব বিচাৰিছে, সেই পদ্ধতিৰেই সেইসকলক নিৰ্বাচিত কৰক আৰু আঁচনিৰ পৰা বাহিৰ কৰক৷ কিন্তু নিৰ্বাচনৰ সময়ত সেইসকলৰ পৰা প্ৰলোভনেৰে ভোট লৈ এতিয়া সামান্য একাংশৰ বাবে প্ৰকৃত হিতাধিকাৰীক চৰকাৰে অপমান কৰাৰ অধিকাৰ নাই৷ দ্বিতীয় কথা, মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে যে যিসকল সক্ষম লোকে এই আঁচনিৰ সুবিধা লৈছে, তেওঁলোকে নিজেই লাজ পাব আৰু আঁচনিৰ পৰা আঁতৰি যাব৷ এই ফলক থাকিলে সেইবোৰ ঘৰৰ ল’ৰাই বিয়া কৰাবলৈ ছোৱালীও নাপাব! ইয়াৰ প্ৰত্যক্ষ অৰ্থটো হ’ল– অৰুনোদয় ফলক আঁৰি দিয়াৰ লগে লগে সেইসকল দৰিদ্ৰ পৰিয়াললৈ কোন মানুহে ছোৱালী দিব? তেন্তে এয়া সেই পৰিয়ালসমূহক অপমান কৰা নহয়নে? মুখ্যমন্ত্ৰীয়ে চিন্তা কৰিছেনে সেইসকল অৰুণোদয় পৰিয়ালে তেন্তে ক’ৰ ছোৱালী পাব? নে এতিয়াৰ পৰা অৰুণোদয় নামৰ এক জাতি-গোষ্ঠীৰ সৃষ্টি হ’ব আৰু সেইসকলৰ মাজতহে বিয়া-বাৰু সম্ভৱ হ’ব! আচলতে চৰকাৰে সকলোৱে অৰুণোদয় এৰাটোৱেই বিচাৰিছে নেকি? নহ’লে ফলক লগোৱাৰ প্ৰয়োজন ক’ৰপৰা আহিল?