Logo
image

অত্যধিক গৰমত মন কৰিব লগা দুটা বিশেষ কথা

সম্প্ৰতি গ্ৰীষ্মকাল৷ কিন্তু অসমত আনবাৰতৈ অলপ সুকীয়া৷ যোৱা দুদিন ধৰি আমাৰ চৌপাশৰ তাপমান প্ৰায় ৪১০ চেলছিয়াছ৷ আমাৰ প্ৰত্যেকৰে শৰীৰটোৱে হয়তো হৃদয়ঙ্গম কৰিছে যে চৌপাশে তপত জলবায়ু আৰু সেই বায়ুৰ আদ্ৰতা অত্যধিক হোৱাৰ বাবেই আমাৰ শৰীৰটোত অসহ্যকৰ অনুভৱ৷ ৱল্ডৰ্ মেটেৰ’লজিকেল অৰ্গেনাইজেছন আৰু ইণ্ডিয়ান মেটেৰ’লজিকেল ডিপাৰ্টমেণ্টৰ আধাৰত এই পৰিৱেশ সূচনা হোৱাৰ অন্যতম কাৰণ হিচাপে উল্লেখ কৰিব পাৰি যে এয়া শক্তিশালী মৌচুমী জলবায়ুৰ প্ৰভাৱ৷ মৌচুমী জলবায়ু শক্তিশালী হোৱাৰ কাৰণ হ’ল প্ৰশান্ত মহাসাগৰৰ জলবায়ুত সংঘটিত হোৱা ‘লা-নিনা’ নামৰ সাগৰীয় জলবায়ু সম্পৰ্কীয় এক পৰিঘটনা৷ যাৰ বাবে পশ্চিমৰ বতাহে পৃথিৱীৰ মধ্য-পূব অঞ্চলত গৰম বায়ু কঢ়িয়াই আনিছে৷ ফলত জলবায়ুৰ তাপমান আৰু আদ্ৰতা বৃদ্ধি হৈছে৷ মৌচুমী জলবায়ু হঠাতে শক্তিশালী হৈ পৰাটো আমাৰ বাবে ভাল নহয়৷ এনে ধৰণৰ জলবায়ুৰ অশনি সংকেতৰ মূল কাৰণ হিচাপে ক’ব পাৰো গোলকীয় উষ্ণতাৰ প্ৰভাৱ৷ যি কি নহওক চৌপাশে অসহ্যকৰ গৰম, তপত জলবায়ু আৰু তাতে আমাৰ বায়ুৰ আদ্ৰতা বেছি৷ এনে পৰিস্থিতিত আমাৰ শৰীৰটোৱে ভালকৈ কাম কৰি থাকিবলৈ হ’লে আপুনি দুটা বিশেষ কথা লক্ষ্য কৰি ব্যৱস্থা গ্ৰহণ কৰাটো নিতান্তই প্ৰয়োজন৷

১৷ মন কৰক যাতে আপোনাৰ শৰীৰত তৰলৰ পৰিমাণ কমি নাহে, অৰ্থাৎ ডিহাইড্ৰেছন নহয়৷ এনে পৰিৱেশত আমাৰ দেহব্যৱস্থাত দেখা দিয়া মূল অসুবিধাটোৱেই হ’ল  ডিহাইড্ৰেছন৷ কেতিয়াবা এনে ডিহাইড্ৰেছন মাৰাত্মক হয়৷ হীট ষ্ট্ৰোক হৈ মৃত্যু পৰ্যন্ত হয়৷ আপুনি কৰিব লগা প্ৰাথমিক কামটো হ’ল শৰীৰটোক পৰ্যাপ্ত পৰিমাণে তৰল [পানী বা আন তৰল] যোগান ধৰক৷ পিয়াহ লাগিলেহে পানী খাম বুলি ভবাতকৈ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে পানী খাওক, যাতে গৰমৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ঘাম আৰু মূত্ৰ হিচাপে যিমান তৰল শৰীৰৰ বাহিৰলৈ ওলাই যায় সেই পৰিমাণৰ ভাৰসাম্য ৰাখিব পাৰে৷

২৷  মন কৰক যাতে দেহত বিদ্যুৎ সঞ্চাৰিত লৱণৰ (Electrolyte) পৰিমাণ কমি নাহে৷ জানেনে, আমাৰ শৰীৰটোৱে কাম কৰি থাকিবলৈ তেনে খনিজ লৱণৰ বৰ প্ৰয়োজন৷ সেইবোৰ হ’ল Na, Ca, K, Cl, Mg ইত্যাদি৷ এইবোৰ আমাৰ দেহৰ তেজ, প্ৰস্ৰাৱ, কোষ আৰু আন আন অংগত থকা তৰলত ব্যাপ্ত হৈ থাকে আৰু নিৰ্দিষ্ট কাম কিছুমান কৰি থাকে৷ যেনে– দেহত পানীৰ পৰিমাণৰ ভাৰসাম্য, Ph ৰ ভাৰসাম্য, কোষলৈ পুষ্টি যোগান ধৰা, দেহৰ পৰা অপদাৰ্থ বাহিৰ কৰা, স্নায়ু পেশী, হৃদযন্ত্ৰ ইত্যাদিয়ে যাতে সক্ৰিয়ভাৱে কাম কৰিব পাৰে ইত্যাদিৰ ভাৰসাম্য ৰক্ষা৷ অসহ্যকৰ গৰমত বেছি পৰিমাণে ঘামিলে আৰু ঘনাই প্ৰস্ৰাৱ কৰিলে আমাৰ দেহত electrolyte ৰ পৰিমাণ কমি অহাটো স্বাভাৱিক৷ গতিকে আপুনি এনেধৰণৰ পানী খাওক, য’ত পৰ্যাপ্ত পৰিমাণে খনিজ লৱণ থাকে, সেইবোৰ খাদ্য যেনে বিভিন্ন ধৰণৰ ৰসাল ফল, পাচলি ইত্যাদি খাওক, যাতে শৰীৰটোৱে প্ৰয়োজনীয় electrolyte আহৰণ কৰিব পাৰে৷ সচেতন হওক, প্ৰয়োজনীয় ব্যৱস্থা লওক আৰু চৌপাশৰ তলত জলবায়ুৰ সতে মোকাবিলা কৰাৰ প্ৰয়াস কৰক৷