Logo
image

অতিৰিক্ত চৰ্বি সহজে আঁতৰাবলৈ এই পাঁচটা নিয়ম মানি চলক

সাম্প্ৰতিক জীৱনশৈলীত বহুতেই অতিৰিক্ত ওজনৰ সমস্যাত ভোগা দেখা যায়৷ অনিয়মীয়া খাদ্যাভাসৰ বাবে বহুতে কম দিনতে শকত হৈ পৰে৷ ফলত দেহৰ অত্যধিক ওজন বাঢ়ে৷ কিন্তু এই সমস্যাৰ পৰা হাত সৰাৰো উপায় নথকা নহয়৷ উল্লেখ কৰা হ’ল সহজতে অতিৰিক্ত চৰ্বি আঁতৰাব পৰা পাঁচটা উপায়–

[১] চৰ্বিযুক্ত খাদ্য নাখাব৷ তাৰ সলনি বেছিকৈ ফল-মূল আৰু পাচলি খাওক৷ তেলযুক্ত খাদ্য সামান্য পৰিমাণে খোৱা কৰক৷ নিজৰ খাদ্যাভাস নিয়ন্ত্ৰণ কৰি চলক৷ সীমিত পৰিমাণৰ খাদ্য খোৱা কৰক৷

[২] শক্তিশালী বিপাকক্ৰিয়াক ওজন কমোৱাৰ মূল চাবি-কাঠি বুলি কোৱা হয়৷ বিপাকক্ৰিয়াক অধিক শক্তিশালী কৰাৰ বাবে নিয়মিত শৰীৰৰ চৰ্চা কৰক৷ ইয়াৰ ফলত দেহত অতিৰিক্ত কেল’ৰি জ্বলি যোৱাৰ লগতে মেটাবলিজম বৃদ্ধি পায়৷ দৈনিক অন্ততঃ ৪৫ মিনিট সময় শৰীৰ চৰ্চা কৰক৷

[৩] দিনে তিনিৰ পৰা চাৰি লিটাৰ পানী খোৱা কৰক৷ পানী যিমানেই বেছি খাব দেহৰ পৰা সিমানেই বেছি বিষাক্ত দ্ৰব্যসমূহ ওলাই যোৱাত সহায় হ’ব৷ তদুপৰি পানী বেছিকৈ খালে বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ আশংকা হ্ৰাস পায়৷ লগতে পানী খোৱাৰ অভ্যাসে ওজন বৃদ্ধিত বাধা দিয়ে৷

[৪] টোপনি মানুহৰ বাবে খাদ্যৰ দৰেই অতি গুৰুত্বপূৰ্ণ৷ শৰীৰ আৰু মন সুস্থ ৰাখিবলৈ দৈনিক আঠ ঘণ্টাৰ পৰা নঘণ্টা টোপনি মৰাটো দৰকাৰ৷ যিসকলৰ পৰ্যাপ্ত টোপনি নহয়, তেওঁলোকৰ অতিৰিক্ত ওজন বৃদ্ধি পোৱাৰ আশংকা থাকে৷ টোপনি পৰ্যাপ্ত নহ’লে বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বাঢ়ে৷

[৫] মানসিক চাপত ভুগিলে কৰ্টিছল নামৰ এবিধ হৰম’ন নিঃসৃত হয়৷ এইবিধ হৰম’নৰ মাত্ৰা বাঢ়িলে শৰীৰৰ ওপৰত তাৰ প্ৰভাৱ পৰে৷ ফলত ওজন বৃদ্ধি পোৱাৰ আশংকা আহে৷ মানসিক চাপ কমাবলৈ মেডিটেশ্বন বা যোগ ব্যায়াম কৰিবলৈ পৰামৰ্শ দিয়ে বিশেষজ্ঞসকলে৷