Logo
image

হাঁওফাঁও ভালে ৰাখিবলৈ এইকেইটা নিয়ম মানি চলক

প্ৰদূষণ দ্ৰুতগতিত বাঢ়িছে৷ উশাহ ল’লে শৰীৰত প্ৰৱেশ কৰে নানা মাৰাত্মক পদাৰ্থ৷ যাৰ বাবে শৰীৰ নানা ৰোগত আক্ৰান্ত হয়৷ ক’ভিডৰ সময়ত এনেধৰণৰ সংক্ৰমণৰ পৰা হাঁওফাঁওক নিৰাপদে ৰাখিবলে মাস্ক পিন্ধাটো অপৰিহাৰ্য হৈ পৰিছে৷ বিভিন্ন কাৰণত হাঁওফাঁও আক্ৰান্ত হ’ব পাৰে৷ বিশেষকৈ ভাইৰাছ, বেক্টেৰিয়াৰ আক্ৰমণৰ বাবে হাঁওফাঁৱে সঠিকভাৱে কাম কৰিব নোৱাৰা হৈ পৰে৷ কেতিয়াবা ইয়াৰ বাবেই কোনোজনৰ মৃত্যুপৰ্যন্ত হ’ব পাৰে৷ প্ৰদূষণৰ বাবে অতি সহজে হাঁওফাঁও বিভিন্ন সংক্ৰমণৰ বলি হয়৷ ইয়াৰ ভিতৰত এজমাৰ দৰে ৰোগত ভোগা লোকৰ সংখ্যাই বেছি৷ হাঁওফাঁও ভালে ৰাখিবৰ বাবে কেইটামান নিয়ম কঠোৰভাৱে মানি চলা উচিত৷

◾ধূমপান পৰিহাৰ কৰি চলকঃ ধূমপান হাঁওফাঁওৰ বাবে অত্যন্ত বিপজ্জনক৷ ধূমপানৰ ফলত শৰীৰত নিক’টিনৰ দৰে ক্ষতিকাৰক উপাদান প্ৰৱেশ কৰে৷ এই নিক’টিনে হাঁওফাঁওৰ ভয়ংকৰ ক্ষতি কৰাৰ লগতে ধূমপান দীৰ্ঘদিন ধৰি কৰিলে হাঁওফাঁও কৰ্কট ৰোগতো আক্ৰান্ত হ’ব পাৰে৷ সেয়েহে হাঁওফাঁওক নিৰোগী কৰাৰ ৰখাৰ বাবে ধূমপান পৰিহাৰ কৰি চলা উচিত৷

◾প্ৰদূষণৰ পৰা হাত সাৰি থাকিবলৈ চেষ্টা কৰকঃ পৰিৱেশ প্ৰদূষণ হৈ পৰিছে এতিয়া বিভিন্ন ৰোগৰ প্ৰধান উৎস৷ বতাহত বিভিন্ন ধৰণৰ বীজাণু বিয়পি পৰে৷ অসাৱধানৱশতঃ এনেধৰণৰ বীজাণু হাঁওফাঁওত প্ৰৱেশ কৰিলে গুৰুতৰ অসুখত আক্ৰান্ত হোৱাৰ আশংকা থাকে৷ সেয়েহে পৰাপক্ষত সকলো সময়তে মাস্ক ব্যৱহাৰ কৰিলে এনেধৰণৰ বিপদৰ পৰা হাত সাৰি থাকিব পাৰি৷

◾নিয়মীয়া শৰীৰচৰ্চাঃ আধুনিক ব্যস্ততাপূৰ্ণ সময়ত মানুহৰ শাৰীৰিক পৰিশ্ৰমৰ পৰিমাণ হ্ৰাস পাইছে৷ ইয়াৰ পৰিৱৰ্তে ফাষ্টফুড গ্ৰহণে শৰীৰত নানা ৰোগৰ আশংকা বঢ়াই তুলিছে৷ হাঁওফাঁও নিৰোগী কৰি ৰখাৰ বাবে আটাইতকৈ উত্তম পন্থা হ’ল শৰীৰচৰ্চা৷ শৰীৰচৰ্চা নিয়মীয়াকৈ কৰিলে হাঁওফাঁও সুস্থ-সৱল হৈ থকাটো নিশ্চিত হৈ পৰে৷

◾প্ৰতিদিনে বিশুদ্ধ তিনি লিটাৰকৈ পানী খাওকঃ বহু সময়ত পানীৰ পৰিমাণ শৰীৰত কমি যোৱাৰ ফলত নানা ধৰণৰ শাৰীৰিক সমস্যাৰ সৃষ্টি হয়৷ প্ৰতিদিনে কমেও তিনি লিটাৰ বিশুদ্ধ পানী সেৱন কৰাটো হাঁওফাঁওৰ বাবে অতি উত্তম৷