Logo
image

দীঘল-ঘন চুলিৰ বাবে এইকেইটা টিপ্‌ছ ব্যৱহাৰ কৰক আৰু মেজিক চাওক

দীঘল আৰু ঘন চুলিৰ অধিকাৰী হ’বলৈ কাৰণো মন নাযায়৷ বাৰিষা সময়ত চুলি নানানধৰণৰ সমস্যাই দেখা দিয়ে৷ বিশেষকৈ সঘনে বৰষুণৰ তিতাৰ পৰা চুলি বিশেষ সমস্যা হয়৷ সুন্দৰ, মজবুত একোচা চুলিৰ কাৰণে এই টিপ্‌ছকেইটাই শীঘ্ৰে সুফল দিব বুলি সদৰী কৰিছে বাবা ৰামদেৱে৷

ছিকাকাই পাউদাৰ ব্যৱহাৰ

আপোনাৰ চুলি ভাল কৰি ৰখাৰ কাৰণে ছিকাকাই পাউদাৰ ব্যৱহাৰ কৰিব পাৰে৷ ছিকাকাইত এণ্টি ফাংগল আৰু পুষ্টিকৰ উপাদান থাকে৷ যি উপাদানে চুলিৰ পুষ্টি যোগায়৷ ছিকাকাই নিয়মিতভাৱে ব্যৱহাৰ কৰিলে  খুজুৱতিৰ পৰা ৰক্ষা পাব পাৰে৷ তদুপৰি ছিকাকাই চুলিৰ উজ্জ্বলতা আৰু সৌন্দৰ্য বৃদ্ধি কৰে৷ আগদিনা ছিকাকাই পাউদাৰ তিয়াই ৰাখক আৰু পাছদিনা মূৰত লগাই আধাঘণ্টাৰ পাছত চুলিখিনি ধুই পেলাব৷ পৰৱৰ্তী সময়ত ছিকাকাইৰ মেজিক চাব৷

আমলখি  আৰু মণিছালৰ গুটি ব্যৱহাৰ

আমলখি, ছিকাকাই আৰু মণিছালৰ গুটিৰ  [ৰিঠা] দ্বাৰা চুলিৰ যত্ন ল’ব পাৰি৷ চুলি ভালে ৰখাৰ ক্ষেত্ৰত এই তিনিবিধ উপাদানে বিশেষভাৱে কাম দিয়ে৷ কোনো কোনো ক্ষেত্ৰত মণিছালৰ গুটিক ‘প্ৰাকৃতিক চাবোন’ বুলি আখ্যা দিয়া হয়৷  কাৰণ ছেম্পুৰ পৰিৱৰ্তে অতীজত মহিলাসকলে মণিছালৰ গুটি ব্যৱহাৰ কৰিছিল৷ এটা পাত্ৰত পানী লৈ আমলখি, মণিছালৰ গুটি আৰু ছিকাকাই তিয়াই ৰাখক৷ পাছত সেই পানীৰে মূৰ ধুই পেলাওক৷ আপোনাৰ চুলি সুস্থ, সবল, সুন্দৰ আৰু নিমজ হ’ব৷

মূলতানি মাটি ব্যৱহাৰ

শৰীৰৰ ছালৰ যত্নৰ কাৰণে মূলতানি মাটি ব্যৱহাৰৰ কথা আমি সকলোৱে জানো৷ কিন্তু চুলিৰ যত্নৰ কাৰণেও মূলতানি মাটি ব্যৱহাৰ কৰা হয়৷ চুলি ভালেৰখাৰ কাৰণে মূলতানি মাটিৰ ভূমিকা খুবেই গুৰুত্বপূৰ্ণ৷ এচামুচ মূলতানি মাটি লৈ তাৰ লগত মৌ আৰু নেমুৰ ৰস মিশ্ৰণ কৰক৷ ইয়াৰ লগত আধাকাপ দৈ দি এটা পেক তৈয়াৰ কৰক৷ এই মিশ্ৰণখিনি চুলিত লগাওক আৰু ত্ৰিশ মিনিটৰ পাছত ধুই দিয়ক৷ তদুপৰি চুলিত নাৰিকল তেল সামান্য গৰম কৰি লগাই সুফল পাব পাৰি৷ আনহাতে চুলি ঘন আৰু দীঘল কৰাৰ বাবে পুষ্টিকৰ খাদ্য, সুস্বাদু ফল আৰু পৰ্যাপ্ত পৰিমাণে পানী খাবলৈ পৰামৰ্শ দিছে ৰামদেৱে৷