Logo
image

ভাত কেৰেলাৰ অসাধাৰণ গুণ জানক

সম্প্ৰতি বজাৰত বৰ্ষাকালীন পাচলিৰ জুই ছাই দাম৷ সাধাৰণতে বৰ্ষকালত বজাৰত পাচলি কমকৈ উপলব্ধ হয়৷ অধিকাংশ পাচলিয়েই বানত বা অতিবৃষ্টিত নষ্ট হৈ গেলি-পচি যায়৷ কিন্তু তাৰ মাজতো এবিধ পাচলি বজাৰত সহজতে সতেজ অৱস্থাত পোৱা যায়৷ আলুৰ পৰা হোৱা লতাজাতীয়, স্থানীয়ভাৱে উৎপাদন হোৱা, বজাৰত সহজতে পোৱা এই পাচলিবিধেই হ’ল ভাত কেৰেলা৷ সাধাৰণতে বৰ্ষাকালীন পাচলি জিকা, কোমোৰা, ভেণ্ডি, ভোল, তিতা কেৰেলা, লেচেৰা আদি স্থানীয়ভাৱে উৎপাদিত পাচলিসমূহ অতিবৃষ্টি বা বানপানীত মৰি গেলি-পচি যায় যদিও ভাত কেৰেলাৰ গছ সহজে নমৰে৷ বহুতৰ  বাবে অতি প্ৰিয় এই পাচলিবিধ সিজাই, তৰকাৰী বনাই, ভাজি বা পিটিকা কৰিও খাব পাৰি৷ এই সাধাৰণ ভাতকেৰেলাৰ অসাধাৰণ গুণ জানিলে আপুনি সঁচাকৈয়ে আচৰিত হ’ব৷ ভাত কেৰেলাৰ প্ৰচুৰ পৰিমাণে ভিটামিন, মিনাৰেল, ফাইবাৰ, কাৰ্বোহাইড্ৰেট, এণ্টি অক্সিডেণ্ট আদি স্বাস্থ্যোপযোগী উপাদান থাকে৷ দেখাত সবুজ আৰু গাত নৰম কাঁইট থকা ভাতকেৰেলাত বিলাহীতকৈও বেছি পৰিমাণে লাইকোডিন থাকে৷ গাজৰতকৈ ২০ গুণ অধিক বিটা কেৰোটিন আৰু কমলা-নেমুতকৈ ৪০ গুণ অধিক ভিটামিন থাকে৷ বিশেষজ্ঞসকলে সেয়ে ভাতকেৰেলাক ‘ছুপাৰ ফুড’ হিচাপে আখ্যা দিয়ে৷ অতীজতে ইয়াক ‘সৰগীয় ফল’ বোলা হৈছিল৷ হৃদ ৰোগৰ পৰা কেঞ্চাৰ ৰেগলৈ ই মহৌষধ হিচাপে কাম কৰে৷ ইয়াৰ আছে বহু ঔষধি গুণ৷ 

ভাত কেৰেলাৰ উপকাৰিতা

◾কৰ্কট ৰোগৰ প্ৰতিৰোধক

ভাত কেৰেলাৰ এনে এক প্ৰয়োজনীয় উপাদান থাকে যে ই কৰ্কট ৰোগ প্ৰতিৰোধত সহায় কৰে৷ বিশেষকৈ কৰ্কটৰ কোষ বিভাজন হ্ৰাস কৰে ভাত কেৰেলাই৷ অৰ্থাৎ সহজ অৰ্থত ক’বলৈ গ’লে কৰ্কট ৰোগ বিয়পাত  বাধা দিয়ে ভাতকেৰেলাই৷ তদুপৰি এইবিধ ফলত প্ৰটিন কিছু পৰিমাণে থাকে৷

◾এনিমিয়া ৰোধক 

ভাত কেৰেলাত প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ থকাৰ  লগতে আইৰণ, ফলিক এচিদ থাকে৷ ভাত কেৰেলাই এনিমিয়া ৰোধ কৰাত বিশেষভাৱে সহায় কৰে৷

◾কলেষ্ট’ৰেল নিয়ন্ত্ৰণ কৰে

আজি কালি কলেষ্ট’ৰেলৰ সমস্যা ঘৰে ঘৰে৷ কলেষ্ট’ৰেল নিৰাময়ৰ ক্ষেত্ৰত  ভাত কেৰেলাই বিশেষভাৱে সহায় কৰে৷

◾হাৰ্টৰ সমস্যা 

ভাত কেৰেলাত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট থাকে৷ যি হাৰ্ট সুৰক্ষিত কৰি ৰখাত সহায় কৰে৷ বিশেষকৈ ভাত কেৰেলা সিজাই খালে বিশেষভাৱে গুণ দিয়ে৷

◾মেদবৃদ্ধিত বাধা দিয়ে

ভাত কেৰেলাত ভিটামিন ‘চি’ প্ৰচুৰ পৰিমাণে থাকে৷ শৰীৰৰ অতিৰিক্ত মেদ বৃদ্ধিৰ ক্ষেত্ৰত ভিটামিন ‘চি’য়ে বাধা দিয়ে৷ তেজত ভিটামিন ‘চি’ৰ পৰিমাণ বাঢ়িলে শীঘ্ৰে ফেট গলাই পেলোৱাত সহায় কৰে৷ যাৰ ফলত শৰীৰত অতিৰিক্ত মেদ জমাৰ সম্ভাৱনা নাথাকে৷