Logo
image

জণ্ডিচ হ’লে এইকেইটা বিষয়ত সাৱধান হওক

অত্যধিক গৰমত জণ্ডিচ হোৱাৰ আশংকা থাকে৷ জণ্ডিচে  শৰীৰৰ সাংঘাতিক ক্ষতি কৰে৷ এইবিধ ৰোগে মানুহক ভিতৰৰ পৰা দুৰ্বল কৰি তোলে৷ ফলত আমি কাম-কাজ কৰিব নোৱাৰা হওঁ৷ জণ্ডিচ হ’লে অকল দৰৱৰ ওপৰতে নিৰ্ভৰ কৰি থকাটো উচিত নহয়৷ এইবিধ ৰোগত আক্ৰান্ত হ’লে দৰৱ খোৱাৰ উপৰিও কেইটামান নিয়ম মানি চলা দৰকাৰ৷ উল্লেখ কৰা হ’ল কোনবোৰ নিয়ম মানি চলিলে জণ্ডিচৰ পৰা অলপ হ’লেও নিৰাময় পাব পৰা যায়– 

 শৰীৰত বিলিৰুবিনৰ যথাযথ ভাৰসাম্য নাথাকিলে জণ্ডিচে দেখা দিয়ে৷ বিলিৰুবিন হৈছে তেজৰ এবিধ বৰ্জ্য পদাৰ্থ, যিটো শৰীৰৰ পৰা ওলাই যাব লাগে৷ ইয়াৰ বৰণ হালধীয়া আৰু ৰক্তকণিকাৰ পৰা আইৰণ ওলাই যোৱাৰ পাছত ই অৱশিষ্ট অৱস্থাত থাকে৷ এনে অৱস্থাত ই শৰীৰৰ পৰা ওলাই যাব নোৱাৰে আৰু তেতিয়াই জণ্ডিচ আৰম্ভ হয়৷ জণ্ডিচ মূলতঃ যকৃতৰ সমস্যাৰ বাবে হয়৷

কি কি উপসৰ্গই দেখা দিয়েঃ

১৷ জণ্ডিচ হ’লে চকু হালধীয়া বৰণৰ হয়৷ অকল চকুৱেই নহয় ছালতো হালধীয়া আৱৰণৰ দৰে দেখা যায়৷

[২] প্ৰস্ৰাৱৰ ৰঙো হালধীয়া হৈ পৰে৷

[৩] অত্যন্ত দুৰ্বল অনুভৱ হয়৷ একেৰাহে ওজন কমিবলৈ ধৰে৷

[৪] মাজে মাজে পেটৰ বিষ হয়৷ হাত-ভৰি আৰু গাঁঠি বিষাবলৈ ধৰে৷

[৫] কঁপি কঁপি জ্বৰ উঠে৷

[৬] বমি ভাব হয়৷ 

কি কি কৰণীয়ঃ

জণ্ডিচ হ’লে দৰৱ খোৱাত অৱহেলা নকৰিব৷ কিন্তু দৰৱৰ উপৰিও কেতবোৰ ঘৰুৱা উপাদান আছে, যিবোৰৰ জৰিয়তে আমি জণ্ডিচৰ পৰা অলপ হ’লেও পৰিত্ৰাণ পাব পাৰো–

[ক] কুঁহিয়াৰৰ ৰসঃ জণ্ডিচৰ আঁৰত যকৃতৰ বৃহৎ ভূমিকা থাকে৷ কুঁহিয়াৰৰ ৰসে যকৃতৰ কাম-কাজ স্বাভাৱিক হোৱাত সহায় কৰে৷ লগতে ই বিলিৰুবিনৰ মাত্ৰা কমায় আৰু সঘনাই প্ৰস্ৰাৱ হোৱাত সহায় কৰে৷ কুঁহিয়াৰৰ ৰসৰ সৈতে সামান্য নেমুৰ ৰস মিহলাই খালে বেছি উপকাৰ পোৱা যায়৷

[খ] আদাৰ ৰসঃ জণ্ডিচ হ’লে আদায়ো ভাল কাম কৰে৷ আদাই মুখৰ ৰুচি ঘূৰাই অনাত সহায় কৰে৷ আদাৰ ৰস খুব এটা সোৱাদযুক্ত নহয়৷ সেয়ে মৌৰ সৈতে মিহলাই আদাৰ ৰস খোৱা কৰিব পাৰে৷

[গ] গাজৰৰ ৰসঃ জণ্ডিচ হ’লে শৰীৰ দুৰ্বল হৈ পৰে৷ সেয়ে এনে সময়ত শৰীৰক শক্তি যোগান ধৰাতো অতি দৰকাৰ৷ গাজৰত থকা ভিটামিনে শৰীৰ শক্তিশালী কৰে৷ লগতে যকৃতৰ কাম-কাজো স্বাভাৱিক কৰি তোলে৷ অত্যধিক গৰমত নিতৌ এগিলাচকৈ গাজৰৰ ৰস খাব পাৰিলে ভাল৷

[ঘ] আনাৰসঃ আনাৰসে পৰিশোধনৰ কাম কৰে৷ পূৰ্বেই উল্লেখ কৰা হৈছে যে বিলিৰুবিন সঠিকভাৱে দেহৰ পৰা ওলাই নগ’লে জণ্ডিচ হয়৷ অৰ্থাৎ তেজ পৰিশোধিত নহ’লে জণ্ডিচ হ’ব পাৰে৷ আনাৰসে তেজ পৰিশোধনৰ কাম কৰে৷ সপ্তাহত তিনিৰ পৰা চাৰিদিন আনাৰস খাব পাৰিলে উপকাৰ পোৱা যায়৷

[ঙ] আমলখিঃ আমলখিত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে৷ শৰীৰত ভিটামিন চিৰ প্ৰয়োজন হ’লে আমলখিৰ পৰা সেই চাহিদা পূৰণ কৰিব পৰা যায়৷ নিতৌ আমলখিৰ ৰস খাব পাৰিলে ভাল৷ ভাতৰ সৈতে আমলখি সিজায়ো খাব পাৰে৷

[চ] ডালিমঃ ডালিমে দেহত তেজ উৎপাদন কৰাত সহায় কৰে৷ গৰমৰ সময়ত সুস্থ থাকিবলৈ বা তেজৰ ভাৰসাম্য ঠিকে ৰাখিবলৈ ডালিম খাব পাৰে৷ ডালিমত  প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট আৰু ছ’ডিয়াম থাকে৷ এই উপাদানসমূহে জণ্ডিচ নিৰাময় কৰাত সহায় কৰে৷

লগতে প্ৰচুৰ পৰিমাণে পানী খাওক৷ শৰীৰ শীতল কৰি ৰাখক৷ ৰ’দত বাহিৰলৈ নোলাব৷