Logo
image

খাদ্য-দ্ৰব্যমূল্য আৰু জি এছ টি

দীৰ্ঘদিনীয়া ক’ভিড অতিমাৰীয়ে সমগ্ৰ বিশ্বতে উৎপাদন, বিতৰণ, ব্যৱসায়িক ক্ষেত্ৰত এক অস্বাভাৱিক সংকটৰ সৃষ্টি কৰিলে৷ তাৰ সমান্তৰালভাৱে ৰাছিয়া-ইউক্ৰেইন যুদ্ধই ভূতৰ ওপৰত দানহ পৰাদি সংকট আৰু অধিক স্ফীত কৰি তুলিলে৷ বিশ্বৰ দুখীয়া বা উন্নয়নশীল দেশবোৰৰ কথা বাদেই, আমেৰিকাৰ দৰে ধনী দেশতো খাদ্যদ্ৰব্যৰ বৰ্ধিত দৰে বিপদঘণ্টা বজালে৷ ইউৰোপীয় দেশসমূহতো খাদ্যসামগ্ৰীৰ দামে গ্ৰাহকক বিপাঙত পেলালে৷ স্থানান্তৰত এই সমস্যাক লৈ উচ্ছ পৰ্যায়ৰ চিন্তা-চৰ্চা, আলোচনা চলিল৷ ৱল্ডৰ্ ইক’নমিক ফ’ৰামৰ চলিত বৰ্ষত অনুষ্ঠিত বাৰ্ষিক বৈঠকত খাদ্যদ্ৰব্যৰ বৰ্ধিত দৰ, খাদ্য সুৰক্ষাৰ প্ৰত্যাহ্বান আৰু সমস্যা সমাধানৰ বিষয়ে বিস্তৃত আলোচনা কৰা হৈছে৷ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই ইউৰোপীয় আৰু আফ্ৰিকাৰ দেশবোৰত, বিশেষকৈ ঘেঁহু আৰু খোৱাতেলৰ ক্ষেত্ৰত সৃষ্টি কৰা সংকটৰ বিষয়ে বিশ্ব বেংকেও কেইবালানি গুৰুত্বপূৰ্ণ আলোচনা-সমীক্ষা চলাই সমাধানৰ পথৰ অনুসন্ধান চলাইছে৷ ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাই প্ৰতি মাহতেই খাদ্য-মুদ্ৰাস্ফীতি সম্পৰ্কে তথ্য-পৰিসংখ্যা প্ৰকাশ কৰি বিষয়টোৰ গুৰুত্ব অৱধাৱন কৰাত পৰ্যালোচকসকলক সহায় কৰিছে৷ বিশ্ব বাণিজ্য সংস্থাই বিশেষজ্ঞসকলৰ যুক্তি-মতামতৰ ভিত্তিত সাৱধানবাণী শুনাইছে যে অহা দুবছৰপৰ্যন্ত বিশ্বত খাদ্যদ্ৰব্য সম্পৰ্কীয় ৰণ-শিঙা বাজিয়েই থাকিব৷ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাকোষৰ পৰিচালন সঞ্চালকজনে মন্তব্য কৰিছে যে যুক্তিসংগত দামত প্ৰয়োজনীয় খাদ্যদ্ৰব্য কিনিবলৈ গ্ৰাহকসকল অপাৰগ হৈ পৰিছে আৰু ই এক মহাসংকটৰ  সৃষ্টি কৰিছে৷ তেওঁ এইটো কথাও পৰ্যবেক্ষণ কৰা বুলি কৈছে যে বিশ্বৰ বহুতো দেশে উচ্ছ হাৰৰ খাদ্যদ্ৰব্যৰ বাবে সমস্যাত ভুগিছে, ইন্ধনৰ বৰ্ধিত দাম নিম্নগামী হোৱাৰ পাছতো খাদ্যৰ দাম কমা নাই৷ মন কৰিবলগীয়া কথা যে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই জন্ম দিয়া ইউৰোপ-আফ্ৰিকাৰ ঘেঁহু-সংকট মোচনৰ বাবে ভাৰতে ৰপ্তানি বঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে৷ তথ্য মতে, এপ্ৰিল, ২০২২ত শেষ হোৱা বিত্তীয় বৰ্ষটোত ভাৰতে ৭ নিযুত টনতকৈ অধিক ঘেঁহু ৰপ্তানি কৰিছে আৰু পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত ২৭৪ শতাংশ অধিক মূল্য লাভ কৰিবলৈ সক্ষম হৈছে৷ একে সময়ছোৱাত ভাৰতে আটা ৰপ্তানিৰ দ্বাৰাও ২৬৭ শতাংশ অধিক মূল্য আৰ্জিবলৈ সক্ষম হৈছে৷ অৱশ্যে, শেহতীয়াকৈ ঘেঁহু ৰপ্তানিত নিয়ন্ত্ৰণ আৰোপ কৰা হৈছে৷ এনে প্ৰেক্ষাপটত, য’ত খাদ্য-নাটনি আঁতৰ কৰাৰ বাবে ভাৰতে তৎকালীনভাৱে ব্যৱস্থা ল’লে, দেশৰ আভ্যন্তৰীণ খাদ্য-মূল্যৰ ঊধবৰ্গামী ৰেখাডালত এটা আঁচোৰো মৰা পৰিলক্ষিত নহ’ল৷ কিহৰ বাবে দেশত খাদ্যসামগ্ৰী দৰ আকাশলংঘী হ’ল, তাৰ বিস্তৃত আলোচনা-পৰ্যালোচনা চকুত নপৰিল৷ বিৰোধীৰ যান্ত্ৰিক বাক্যবাণ অথবা ছেগা-চোৰোকাকৈ অ’ত-ত’ত হোৱা প্ৰতিবাদ অৱশ্যেই ফলহীন বৃক্ষ৷ এইবোৰৰ মাজতে আহি গ’ল জি এছ টিৰ ৰামটাঙোন৷ মাছ, মাংস, পনীৰ, মৌ, দৈ আদিৰ লগতে তথ্য-লেবেলসহকাৰে পূৰ্বতে পেকেট কৰি লৈ বিক্ৰী কৰা ২৫ কিলোগ্ৰামৰ কম ওজনৰ চিৰা, ময়দা, দাইল আদিতো ৫ শতাংশ হাৰত খাদ্য সেৱা কৰ লগোৱা হ’ল৷ এতিয়া চৌপাশে প্ৰতিবাদৰ জোৱাৰ৷ ৰাহুল গান্ধীয়েতো ‘গব্বৰ সিং টেক্স’ আদি বিশেষণেৰে জি এছ টিকেই সমালোচনা কৰিছে৷ বিৰোধীৰ প্ৰতিবাদত বিত্তমন্ত্ৰীয়ে কৈছে যে এই সিদ্ধান্ত জি এছ টি কাউঞ্চিলৰ, য’ত দেশৰ সকলো ৰাজ্যৰ প্ৰতিনিধি আছিল আৰু ‘নন-বিজেপি’ চৰকাৰৰ প্ৰতিনিধিও মজুত আছিল৷ উল্লেখ্য যে এইবাৰৰ বাজেট ভাষণতেই বিত্তমন্ত্ৰীয়ে জি এছ টিৰ হাৰৰ সিদ্ধান্ত কাউঞ্চিলৰ সিদ্ধান্তমৰ্মে পাছত ঘোষণা কৰা হ’ব বুলি কৈছিল৷ যিয়েই নহওক, জি এছ টি আওতাৰ বাহিৰত থকা পাচলিকে ধৰি আন খাদ্যসামগ্ৰীৰ মূল্য অভাৱনীয় ৰূপত বাঢ়িছে, যিটো ক’ভিড-১৯ বা ৰাছিয়া-ইউক্ৰেইন ঘটনাৰ প্ৰত্যক্ষ প্ৰভাৱ নহয়৷ এইক্ষেত্ৰত প্ৰশাসন, গ্ৰাহক সুৰক্ষা সংস্থা, সংবাদসেৱী তথা সৰ্বসাধাৰণ ৰাইজৰো কৰণীয় আছে৷ গুড়-চিৰা-চাহ খোৱা, গান গাই কৰা প্ৰতিবাদে ‘ইছ্যু’টোক টুলুঙা কৰি পেলায়৷ গুৰুত্বসহকাৰে সকলোৱে বিষয়টো অনুধাৱন কৰক৷