প্ৰকৃতি বনাম স্মাৰ্ট দেশৰ স্মাৰ্ট মানুহ
সাম্প্ৰতিক সময়ত স্মাৰ্ট ভিলেজ, স্মাৰ্ট চিটি, স্মাৰ্ট পুলিচ, স্মাৰ্ট বিষয়া, স্মাৰ্ট শিক্ষাৰ্থী আদি সৃষ্টিত ৰজাঘৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে৷ স্মাৰ্টফোন ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বৰ্তমান ৰজাঘৰ, প্ৰজাঘৰ সকলো সিদ্ধহস্ত৷ মুঠতে সকলো ক্ষেত্ৰতে ৰজা-প্ৰজা উভয়ে ‘স্মাৰ্ট’ শব্দটোত বিশেষ গুৰুত্ব আৰোপ কৰিছে৷ স্মাৰ্টচিটি নিৰ্মাণৰ যোগেদি আধুনিক জীৱনত উপলব্ধ হোৱাকৈ দেশৰ বহু মহানগৰ, নগৰত উন্নত বাট-পথ, ফুটপাথ, নৰ্দমা, বিদ্যুৎ, খোৱাপানী, জনস্বাস্থ্য, যোগাযোগ অৰ্থাৎ ইণ্টাৰনেট, টেলিফোন ব্যৱস্থা, স্বাস্থ্য আদিৰ সা-সুবিধা উন্নত কৰাৰ পৰিকল্পনা কৰা হৈছে৷ প্ৰায় ৰ লাখ কোটি টকা ব্যয়সাপেক্ষে দেশৰ ১০০খন মহানগৰক স্মাৰ্টচিটিৰূপে গঢ়ি তোলাৰ প্ৰকল্প ইতিমধ্যে কেইবাবছৰো পাৰ হৈ গ’ল৷ অসমৰ গুৱাহাটী মহানগৰকো স্মাৰ্টচিটিলৈ পৰ্যবসিত কৰাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল যদিও এই পৰ্যন্ত গুৱাহাটীয়ে নিজকে কিমান স্মাৰ্টৰূপে পৰিগণিত কৰিব পাৰিছে সেয়া শেহতীয়া কৃত্ৰিম বান, ভূমিস্খলন, খোৱাপানীৰ নাটনি, নলা-নৰ্দমাৰ অৱস্থা, পৰিৱেশ-প্ৰদূষণ, বাট-পথৰ অৱস্থা আদিয়ে প্ৰতিপন্ন কৰিছে৷ উল্লেখ্য কেন্দ্ৰ চৰকাৰে স্মাৰ্টচিটি গঠনৰ যোগেদি দেশৰ মহানগৰসমূহক উন্নত কৰাৰ বাবে যিবোৰ উপাদানক ভিত্তি হিচাপে গ্ৰহণ কৰিছে সেয়া জানো এক সাধাৰণ উন্নত জীৱন-যাপনৰ বাবে প্ৰয়োজন নহয়? বাট-পথ, স্বাস্থ্য-জনস্বাস্থ্য আদি বিভিন্ন সা-সুবিধা প্ৰদান কৰাটো এখন চৰকাৰৰ মৌলিক দায়িত্ব, কৰ্তব্যৰ ভিতৰতে অন্তৰ্ভুক্ত হয়৷ চৰকাৰী নীতি-নিয়ম, ব্যৱস্থাৰ মাজেদি বাট-পথ নিৰ্মাণ, গৃহ নিৰ্মাণ, খোৱাপানীৰ ব্যৱহাৰ, স্বাস্থ্য-সেৱা প্ৰদান আদি বিভিন্ন দিশসমূহ পৰিচালিত হ’লে পৃথককৈ স্মাৰ্ট অভিধা ব্যৱহাৰৰ নিশ্চয় কোনো প্ৰয়োজনেই নাই৷ চৰকাৰ-প্ৰশাসনৰ লগতে এই ক্ষেত্ৰত নাগৰিক সমাজেও উপযুক্ত ভূমিকা পালন কৰাটো বাঞ্চনীয়৷ বিশ্বৰ উন্নত ৰাষ্ট্ৰসমূহৰ মহানগৰ-নগৰসমূহক সুবিধাজনক ৰূপে গঢ়ি তোলাৰ বাবে নতুনকৈ ‘স্মাৰ্ট’ ৰূপে প্ৰতিষ্ঠা কৰিব লগা নহয়৷ সংশ্লিষ্ট ৰাষ্ট্ৰৰ চৰকাৰ-প্ৰশাসনে পৰিৱৰ্তিত পৰিৱেশ-পৰিস্থিতিৰ লগত সংগতি ৰাখি নতুন নতুন ব্যৱস্থাসমূহৰ সংযোজন কৰে৷ চৰকাৰ-প্ৰশাসনক এই ক্ষেত্ৰত নাগৰিকেও সহযোগিতা প্ৰদান কৰে৷ গৃহ নিৰ্মাণ, ব্যক্তিগত বাসভৱন নিৰ্মাণ, ব্যক্তিগত যান-বাহনৰ সংখ্যা, ৰাজপথত হৰ্ণ বজোৱা, য’তে-ত’তে প্ৰস্ৰাৱ-পায়খানা কৰা, থু-খেকাৰ পেলোৱা, প্লাষ্টিকৰ ব্যৱহাৰ, যান-বাহন আইন, খোৱাপানীৰ ব্যৱহাৰ, নিৰ্ধাৰিত সময়ৰ ভিতৰত নাগৰিকৰ আবেদন নিস্পত্তিকৰণ আদি বিভিন্ন দিশত চৰকাৰী নীতি-নিৰ্দেশনা থাকে৷ সেই নীতি-নিৰ্দেশনা উলংঘা কৰিলে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰো নিশ্চয়তা থাকে৷ উন্নত দেশসমূহৰ প্ৰশাসনে যথাসম্ভৱ ৰাইজক সা-সুবিধাসমূহ প্ৰদান কৰে আৰু নাগৰিকেও বিভিন্ন নীতি-নিৰ্দেশনা মানি চলে৷ তেনে ৰাষ্ট্ৰসমূহত সেয়েহে বেলেগকৈ স্মাৰ্ট মহানগৰ গঢ়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব লগা হোৱা নাই৷ ভাৰতৰ কেইবাখনো ৰাজ্যই এই ক্ষেত্ৰত কেতবোৰ ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি নাগৰিকক আশ্বস্ত কৰাৰ চেষ্টা কৰিছে৷ অলপতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত মেঘ বিস্ফোৰণ, বৰষুণ, বানপানীয়ে বিভিন্ন স্থানত, নগৰ-মহানগৰত কি পৰিস্থিতিৰ সৃষ্টি কৰিলে তাৰ বিশদ ব্যাখ্যাৰ প্ৰয়োজন নাই৷ আমি স্মাৰ্ট মানুহে প্ৰকৃতিতকৈ বেছি স্মাৰ্ট হ’বলৈ চেষ্টা কৰাৰ বাবে প্ৰকৃতিয়ে এতিয়া উত্তৰ দিবলৈ আৰম্ভ কৰিছে৷ মহাত্মা গান্ধীয়ে কৈছিল– এই সৃষ্টিৰ কোনোবা যদি স্মাৰ্ট আছে সেয়া হ’ল প্ৰকৃতি৷ নিৰন্তৰ নীতি-নিয়মতে বন্ধা আছে জোন-বেলি-তৰাৰ উদয় আৰু অস্ত, দিন-ৰাতি, ঋতুৰ পৰিৱৰ্তন, সমুদ্ৰৰ লহৰ, জীৱ-জন্তুৰ মৃত্যু, নৈ-জান-জুৰি ইত্যাদি৷ প্ৰকৃতিয়ে প্ৰাকৃতিকভাৱে প্ৰদৰ্শন কৰাৰ ‘স্মাৰ্টনেছ’ৰ বিপৰীতে আমি নাগৰিকে অত্যাধুনিক জীৱন-যাপনৰ স্বাৰ্থত প্ৰকৃতিয়ে নিবিচৰা বহু কাম কৰিছোঁ৷ স্মাৰ্টচিটিৰ পৰিকল্পনা কৰিছোঁ; কিন্তু তাত অন্তৰ্ভুক্ত হৈছেনে সেউজ পাহাৰ, অৰণ্যক সুৰক্ষিত কৰাৰ, প্ৰাকৃতিক জলাশয়সমূহ সুৰক্ষিত কৰা, জৈৱ-বিচিত্ৰ্যক ৰক্ষা কৰাৰ? বিশাল বিশাল ফ্লেট নিৰ্মাণ কৰি ভূ-তল জল উলিয়াই আছোঁ, পানী উত্তোলন হ্ৰাস হ’লে অধিক গভীৰতাৰ পৰা পানী লৈছোঁ৷ যান-বাহনৰ কোনো নিয়ন্ত্ৰণ নাই৷ অত্যধিক গাড়ীৰ সংখ্যাই নিজে সৃষ্টি কৰিছে ট্ৰেফিক জাম, শব্দ-প্ৰদূষণ, বায়ু-প্ৰদূষণ৷ উন্নত ৰাষ্ট্ৰ বা উন্নত ৰাজ্যৰ স্মাৰ্ট মানুহ, স্মাৰ্ট চৰকাৰে এনে কাম সাধাৰণতে নকৰে৷ অসম চৰকাৰে সম্প্ৰতি পৰিৱেশ সুৰক্ষাৰ বাবে মুখ্যমন্ত্ৰীৰ নেতৃত্বত কাৰ্যালয়, শিক্ষানুষ্ঠান আদিত বৃক্ষৰোপণৰ এক অভিলাসী আঁচনি গ্ৰহণ কৰিছে৷ কিন্তু একে চৰকাৰে ৰাজ্যৰ চৰম আৰ্থিক দৈন্যতা সত্ত্বেও ছাত্ৰ-ছাত্ৰীক স্কুটী প্ৰদান কৰি প্ৰদূষণ বৃদ্ধিত ইন্ধন যোগাইছে৷ স্কুটীৰ পৰিৱৰ্তে চাইকেল প্ৰদান কৰি এটা শক্তিশালী বাৰ্তা প্ৰেৰণ কৰাৰ সুযোগ চৰকাৰে হেৰুৱাইছে৷






