Logo
image

অসমৰ জাতীয় ফুলপাহৰ চমৎকাৰী গুণ

জানেনে ত্ৰেতাযুগৰ জনকনন্দিনী সীতা দেৱীৰ প্ৰিয় ফুল কি আছিল? আখ্যানমতে যি ফুলক কোৱা হয় সীতপুষ্প৷ সেয়া হ’ল আমাৰ জাতীয় ফুল ‘কপৌ’৷ ইংৰাজীত যাক কোৱা হয় ফক্সটেইল অৰ্কিড বুলি৷ ইয়াৰ বৈজ্ঞানিক নাম Rhynchostylis Retusa. সমগ্ৰ বিশ্বত পোৱা প্ৰায় ২৫,০০০ মান প্ৰজাতিৰ অৰ্কিডৰ ভিতৰত সম্ভৱতঃ দেখিবলৈ আটাইতকৈ ধুনীয়া আমাৰ জাতীয় ফুল কপৌ৷

জানি আচৰিত হ’ব যে ব’হাগত আমোল-মোলাই থকা কপৌ পাহি দেখিবলৈ যিমান ধুনীয়া, ইয়াৰ গুণাগুণো চমৎকাৰী৷ সদ্যহতে হোৱা বিভিন্ন বৈজ্ঞানিক গৱেষণাৰ পৰা জানিব পৰা গৈছে যে এইবিধ ফুলৰ পাহি, গা-গছ, পাত, শিপা আদিত এনে কিছুমান ঔষধি উপাদান আছে, যিবোৰ আমাৰ দেহৰ বিভিন্ন ৰোগৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰি৷ বিশেষ কিছুমান গৱেষণাৰ পৰা ইয়াকো জানিব পৰা গৈছে যে এই ফুলৰ উপাদান বিশেষকৈ বাটবিষৰ ক্ষেত্ৰতো উপকাৰী৷

এই ফুল আৰু গছজোপাৰ গুণাগুণৰ বিষয়ে বিভিন্ন জনজাতীয় লোকে বিশেষ পৰম্পৰাগত কায়দাৰে অতীজৰে পৰা অৱগত আছিল৷ সেই বাবেই তেওঁলোকে বিভিন্ন ৰোগৰ ক্ষেত্ৰত অতীজৰে পৰা এই ফুলৰ উপাদানবোৰ ব্যৱহাৰ কৰি আহিছে৷ অসমতো জনজাতীয় লোকসকলে পৰম্পৰাগতভাৱে এই গছৰ শিপা কাটিলে-চিঙিলে বা আৰ্থেৰাইটিছ, ৰুমেটিজম, এপিলেপ্সি, কিডনী ষ্টোন, টিবি, মেলেৰিয়া আদি ৰোগৰ ক্ষেত্ৰত প্ৰয়োগ কৰি আহিছে৷ পাত আৰু শিপাৰ ৰস ব্লাড ডিচেণ্ট্ৰি, গেছট্ৰিকৰ সমস্যা, পেৰালাইচিছ আদিৰ ক্ষেত্ৰত প্ৰয়োগ কৰাৰ উপৰিও এই ফুলৰ পাহি শুকোৱাই মহ-দাঁহ খেদাৰ ক্ষেত্ৰতো প্ৰয়োগ কৰা দেখা যায়৷ পৰম্পৰাগত এই জ্ঞান আৰু প্ৰয়োগক মান্যতা দিয়েই সাম্প্ৰতিক সময়ত বহু গৱেষণা হৈছে৷ সেই বৈজ্ঞানিক গৱেষণাবোৰৰ পৰাই জানিব পৰা গৈছে যে শিপাৰ মিশ্ৰণ বাতবিষৰ কাৰণে ভাল অৰ্থাৎ ৰুমেটিজম নিৰ্মূল কৰিব পাৰি৷ পাতৰ গুড়ি বিষনাশক, গতিকে আৰ্থেৰাইটিছৰ বাবে উপকাৰী৷ ফুলৰ পাহিবোৰ হ’ল ইনছেক্ট ৰিপিলেণ্ট অৰ্থাৎ পাহিবোৰত এনে কিছুমান উপাদান আছে যিবোৰে মহ-দাঁহ খেদাত সহায় কৰে৷

তদুপৰি এই ফুল আৰু পাতবোৰ বেক্টেৰীয়া নাশক আৰু ভেকুৰনাশক৷ আনহাতে গোটেই গছজোপাত বহুতো জৈৱৰাসায়নিক পদাৰ্থ পোৱা যায়৷ সেইবোৰ হ’ল এলকেলেইডছ, গ্লাইকোছাইড, ফ্লেভাৰনাইড, ছেপনিনছ, টাৰ্পোনইড, কুইনাইন, কৌমেনিন ইত্যাদি৷ এই ফুলত কুইনাইন পোৱা যায় বাবেই জনজাতীয় লোকে মেলেৰিয়া বা আন তেনে ৰোগৰ ক্ষেত্ৰত এই গছৰ উপাদান প্ৰয়োগ কৰিছিল বা কৰি আহিছে৷

গতিকে সাতে-পাঁচে মিলাই ক’ব পাৰি যে বসন্ত কালত ব’হাগৰ বতৰা লৈ ফুলি থকা অসমৰ জাতীয় ফুল কপৌ সাধাৰণ ফুল নহয়, বৰঞ্চ বহু ঔষধীয় গুণেৰে ভৰপূৰ এক অনন্য ফুল৷ যাক লৈ অসমীয়া হিচাপে নিশ্চিতভাৱে গৌৰৱ কৰিব পাৰো৷ কেৱল গৌৰৱ কৰিলেই জানো হ’ব! বহু সম্ভাৱনাৰে পৰিপূৰ্ণ আমাৰ জাতীয় ফুলপাহি কিন্তু সম্প্ৰতি সংকটৰ গৰাহত৷ এই সংকটৰ পৰা উদ্ধাৰ কৰি সংৰক্ষণৰ সু-ব্যৱস্থা কৰাটো প্ৰতিজন অসমীয়াৰে নৈতিক দায়িত্ব আৰু কৰ্তব্য হোৱা উচিত নহয়নে?