Logo
image

এইবোৰ খাদ্যৰে শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াওক

শিশুৰ খাদ্যৰ ক্ষেত্ৰত প্ৰতিগৰাকী পিতৃ-মাতৃয়েই সচেতন৷ সন্তানটিয়ে সঠিক খাদ্য বা পুষ্টি লাভ কৰিছে নে নাই তাকে লৈ বহুতকে চিন্তাত পৰা দেখা যায়৷ বহু সময়ত শিশুৱে পছন্দৰ খাদ্য নাপালে খাদ্য গ্ৰহণ নকৰা হয়৷ বাহিৰৰ খাদ্যৰ প্ৰতি শিশুসকলৰ আকৰ্ষণ বেছি৷ কিন্তু এনে খাদ্য মুঠেই স্বাস্থ্যসন্মত নহয়৷ বাহিৰৰ খাদ্যই শিশুক পুষ্টি যোগান ধৰাটো দূৰৈৰ কথা, ওলোটাই বিভিন্ন ৰোগতহে আক্ৰান্ত কৰে৷ সেয়ে শিশুসকলক এনেধৰণৰ খাদ্য খুৱাওক, যিবোৰ খাদ্যই শিশুটিক পুষ্টি যোগান ধৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে৷ খাদ্য বিশেষজ্ঞসকলে শিশুক পুষ্টি যোগান ধৰিব পৰা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰা এইকেইটা খাদ্য খুৱাবলৈ পৰামৰ্শ আগবঢ়ায়–

[১] প্ৰ’টিনঃ পুষ্টিৰ অভাৱ পূৰণ কৰিবলৈ শিশুক নিতৌ প্ৰাণীজ প্ৰ’টিন খুওৱা উচিত৷ ইয়াত থকা এমিনো এচিডে দেহৰ কোষসমূহক শক্তিশালী কৰে৷ সেয়ে শিশুক মাছ, কুকুৰাৰ মাংস, পনীৰ, কণী আৰু গাখীৰ আদি নিয়মিত খুওৱা উচিত৷

[২] বাদামঃ আখৰোট বা কাঠ বাদামত প্ৰচুৰ পৰিমাণে ওমেগা-৩ ফেটি এচিড থাকে৷ ইয়াত থকা চৰ্বিযু্‌ক্ত উপাদানে হাওঁফাওঁক সংক্ৰমণৰ পৰা ৰক্ষা কৰে৷ সেয়ে টিফিনত শিশুক কাঠবাদাম দিয়া কৰক৷

[৩] আদা- নহৰু জাতীয় মছলাঃ আদা, হালধি আৰু নহৰু জাতীয় মছলাসমূহত প্ৰচুৰ পৰিমাণে থাকে প্ৰাকৃতিক এণ্টি অক্সিডেণ্ট৷ এইবোৰে শৰীৰক জীৱাণুমুক্ত কৰি ৰখাত সহায় কৰে আৰু সংক্ৰমণৰ পৰা ৰক্ষা কৰে৷ তদুপৰি আদা-নহৰুৱে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ গতিকে শিশুৰ খাদ্যত এইধৰণৰ মছলা ব্যৱহাৰ কৰিব পাৰে৷

[৪] ফলমূল আৰু পাচলিঃ শাক-পাচলি আৰু ফলমূলত ৰোগ প্ৰতিৰোধৰ বাবে প্ৰয়োজন হোৱা বিভিন্ন উপাদান থাকে৷ বিশেষকৈ এইবোৰৰ পৰা লাভ কৰা ভিটামিনে শৰীৰটোক সুস্থ কৰি ৰখাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে৷ সেয়ে শিশুক নিতৌ ভিটামিন ‘এ’, ভিটামিন ‘চি’যুক্ত ফলমূল যেনে সুমথিৰা, অমিতা আদি খুৱাব পাৰে৷ তদুপৰি সেউজীয়া পাচলি খুৱালে শিশুৰ পুষ্টি বাঢ়ে৷

[৫] টেঙা দৈঃ ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত টেঙা দৈৰ কাৰ্যকাৰিতা সাংঘাতিক৷ ইয়াত থকা ভেকুৰ নাশক উপাদানসমূহে চৰ্দি-কাহ-জ্বৰৰ দৰে সংক্ৰমণৰ পৰা শিশুক আঁতৰাই ৰাখে৷ তদুপৰি টেঙা দৈয়ে হজম শক্তি বঢ়ায়৷ লগতে ইয়াত থকা ভিটামিন ‘চি’য়ে দাঁত আৰু হাড় মজবুত কৰি তোলে৷