Logo
image

ওজন হ্ৰাসৰ বাবে নিয়মীয়াকৈ পিঁয়াজ খাওক

নিয়মীয়াকৈ খাদ্য তালিকাত পিঁয়াজ ৰাখিলে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পোৱাৰ উপৰি মেদ বহুলতা আৰু ওজন হ্ৰাস কৰাত ই সহায় কৰে৷ ৰঙা পিঁয়াজত আছে কেৰেক্টটিন নামৰ পদাৰ্থ৷ ৰঙা পিঁয়াজত কেলৰিৰ মাত্ৰা কম থকাৰ বিপৰীতে ইয়াত আছে প্ৰচুৰ পৰিমাণে ফাইবাৰ৷ পিঁয়াজ বিভিন্ন ব্যঞ্জনৰ লগতে পিঁয়াজৰ চুপ আৰু ছালাড নিয়মীয়াকৈ খাদ্য তালিকাত ৰাখিলে বিভিন্ন সুফল পোৱা যায়৷ 

◾পিঁয়াজত আছে প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট৷ যাৰ বাবে পিঁয়াজ খালে শৰীৰৰ পৰা দূষিত পদাৰ্থ বাহিৰ হৈ যায়৷ 

◾ওজন হ্ৰাস কৰাৰ বাবে খালী পেটতে মৌৰ সৈতে মিহলাই পিঁয়াজৰ ৰস খাব পাৰে৷

◾এটা সাধাৰণ পিঁয়াজত কেলৰিৰ পৰিমাণতকৈ ভিটামিন, মিনাৰেল আৰু ফাইবাৰৰ পৰিমাণ বেছি থাকে৷ যাৰ বাবে পিঁয়াজ কেঁচাই খালে শৰীৰত হোৱা বিভিন্ন সংক্ৰমণ প্ৰতিৰোধ কৰিব পাৰি৷ বিভিন্ন বেক্টেৰিয়াৰ আক্ৰমণৰ পৰা পিঁয়াজে শৰীৰক ৰক্ষা কৰিব পাৰে৷

◾পিঁয়াজত আছে প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’, যাৰ বাবে পিঁয়াজ নিয়মীয়াকৈ খালে চৰ্মৰোগ আদিৰ পৰা হাত সাৰি থাকিব পাৰি৷ তদুপৰি ভিটামিন ‘চি’য়ে এণ্টি অক্সিডেণ্টৰ কাম কৰে৷ যাৰ বাবে শৰীৰত থকা ক্ষতিকাৰক উপাদান ধবংস কৰাত ই সহায় কৰে৷

◾পিঁয়াজত আছে ‘বি’ ভিটামিন৷ যি শৰীৰত ৰক্তকণিকাৰ কোষ গঠনত সহায় কৰে৷ 

◾পিঁয়াজ হ’ল পটাছিয়ামৰ উৎস৷ নিয়মীয়াকৈ পিঁয়াজ খালে পটাছিয়ামৰ অভাৱত ভুগিব নালাগে৷ 

◾নিয়মীয়াকৈ পিঁয়াজ খালে ৰক্তচাপ নিয়ন্ত্ৰণত থকাৰ উপৰি হাড়ৰ গঠন, হজম শক্তি বৃদ্ধি আদিত প্ৰচুৰ পৰিমাণে সহায় কৰে৷