Logo
image

প্ৰকৃতি, জলবায়ু পৰিৱৰ্তন আৰু বননীতি

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ৰাজ্যৰ কাৰ্যালয়সমূহৰ চৌহদ সেউজ কৰাৰ লক্ষ্যৰে ‘মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক গছপুলি ৰোপণ’ আঁচনি গ্ৰহণ কৰিছে৷ ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে প্ৰায়বোৰ কাৰ্যালয় চৌহদতে গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰিছে৷ মূলতঃ বিশ্বজুৰি হোৱা জলবায়ু পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীয়ে এই আঁচনি ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিছে৷ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ এয়া নিঃসন্দেহে এক ইতিবাচক আঁচনি৷ কিন্তু একে সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পথ নিৰ্মাণ, উন্নয়নমূলক কামৰ বাবে গছ-গছনি কাটি পৃথিৱীৰ হাঁওফাঁওত মোক্ষম আঘাত হানিছে৷ কেৱল গুৱাহাটী মহানগৰীতে জালুকবাৰীৰ পৰা খানাপাৰালৈ পথছোৱা ছিক্সলেনযুক্ত কৰাৰ নামত ইতিমধ্যে ২,৫০০জোপা গছ কাটিছে৷ ইয়াৰ উপৰি প্ৰতিটো ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰাৰ নামত নতুবা পথ বহলোৱাৰ নামত গছ-গছনি কাটি পৰিস্থিতি-তন্ত্ৰত আঘাত হানিছে৷ উন্নয়নৰ নামত প্ৰকৃতি ধবংস কৰাৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি পাইছে আৰু সেউজ আৱৰণৰ পৰিমাণ সংকুচিত হৈ আছে৷ ইয়ে অনাগত দিনত মানৱ সভ্যতালৈ অশনি সংকেত কঢ়িয়াই আনিব৷ ইফালে, কেন্দ্ৰীয় চৰকাৰেও আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি অমৃত বৃক্ষ ৰোপণ আঁচনি গ্ৰহণ কৰিছে যদিও আনফালে নতুন বননীতিৰ বাবে দেশৰ উচ্ছ আৰু নিম্ন সদনলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে৷ প্ৰস্তাৱিত নতুন বননীতি দুয়োখন সদনতে গৃহীত হোৱাৰ সম্ভাৱনাই অধিক৷ কিয়নো দুয়োখন সদনতে এনডিএ চৰকাৰৰ প্ৰতিনিধিৰ সংখ্যাই অধিক৷ ফলত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে তথাকথিত ঔদ্যোগিক বিকাশৰ দোহাই দি বন সুৰক্ষা অধিনিয়ম ২০২২ক আইনত পৰিণত কৰাৰ সম্ভাৱনাই অধিক৷ এইখন প্ৰস্তাৱ যদি বাস্তৱত ৰূপায়িত হয়, তেন্তে চৰকাৰে অবাধ হাৰত বনাঞ্চল ধবংস কৰি উন্নয়নমূলক কাৰ্য কৰিব পাৰিব৷ পূৰ্বে এনে কাৰ্যত বনাঞ্চলৰ কাষৰীয়া লোকৰ মতামতক গুৰুত্ব দিয়া হৈছিল যদিও নতুন বননীতি কাৰ্যকৰী হ’লে বন ধবংসৰ বাবে কোনো দল-সংগঠনে প্ৰতিবাদ কৰিব নোৱাৰিব৷ তেতিয়া কেন্দ্ৰৰ  এই নতুন বননীতিক দোহাই দি চৰকাৰে য’তেই ইচ্ছা কৰে তাতেই ৰাজহুৱা শুনানি অবিহনে নিৰ্মাণ কৰিব পাৰিব বৃহৎ নদীবান্ধ, বৃহৎ উদ্যোগ, ঘাইপথ আদি৷ তদুপৰি কোনো প্ৰকল্পৰ বাবে বনভূমিৰ দৰকাৰ হ’লে ৰাইজৰ মতামত অবিহনেই চৰকাৰে অধিগ্ৰহণ কৰিব পাৰিব বনভূমি৷ এই ব্যৱস্থাৰ বাবে বনভূমিত বাস কৰা লোকসকল ক্ষতিগ্ৰস্ত হ’ব আৰু চৰকাৰে উন্নয়নমূলক কামৰ দোহাই দি আৰু পুঁজিপতিৰ স্বাৰ্থত অবাধে আৰু বাধাহীনভাৱে বন ধবংস কৰিব৷ ফলত প্ৰাকৃতিকভাৱে সংবেদনশীল অঞ্চলসমূহ সংকটৰ গৰাহত পৰিব৷ ইয়াৰ পৰিণাম কিমান ভয়াৱহ হ’ব সেই কথা নুবুজিলে মানুহে অতিবৃষ্টি, অনাবৃষ্টি, প্ৰখৰ উষ্ণতাৰ মাজত দিন অতিবাহিত কৰাৰ বাবে সাজু থাকিব লাগিব৷ ইতিমধ্যে ভাৰতৰ কোনো কোনো অঞ্চলৰ তাপমাত্ৰাই ৪৫ ডিগ্ৰী চেলছিয়াছ পাৰ কৰিছে৷ জলবায়ু পৰিৱৰ্তনৰ ফলত বিগত এটা দশকত খৰাং, বান আদি দুৰ্যোগ দহৰ পৰা বিছ শতাংশ বৃদ্ধি পাইছে৷ ইয়াৰ উপৰি জলবায়ু পৰিৱৰ্তনে কৃষি উৎপাদনত নেতিবাচক প্ৰভাৱ পেলাইছে আৰু খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিত অনুঘটকৰ কাম কৰিছে৷ গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত মৰু অঞ্চলৰ বৰফ গলিব আৰু কবি নৱকান্ত বৰুৱাই ‘ইয়াত এখন নদী আছিল’ নামৰ কবিতাত কোৱাৰ দৰে ‘নদীক নিজৰা কৰি জুৰিক শিলনি কৰি, বালিৰ দ’লেৰে গছ-লতা ফুলৰ সমাধি’ হ’ব৷ তেতিয়া ‘দিনৰ পোহৰে তাতে ঢালি দিব কমলা ৰঙৰ গলা-লোহা৷’ কৃত্ৰিম উন্নয়নৰ নিচাত প্ৰকৃতিৰ সম্পদ ধবংসৰ উদগ্ৰ বাসনাই মানুহেই মানুহৰ বাবে বিভীষিকা নমাই আনিব৷ উন্নয়ন আমাক লাগিব; কিন্তু প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট কৰি সাধিক খোজা উন্নয়নে মানৱ সভ্যতালৈ অমানিশাহে কঢ়িয়াই আনিব৷ গতিকে চৰকাৰ তথা জনসাধাৰণে বনাঞ্চল সংৰক্ষণ কৰাৰ লগতে গছপুলি ৰোপণ কৰি প্ৰাকৃতিক সন্তুলন ৰক্ষা কৰাৰ চেষ্টা কৰাহে যুগুত৷