Logo
image

বাথৰুমৰ দুৰ্গন্ধ আঁতৰোৱাৰ সহজ উপায়

এজন লোক কিমান পৰিচ্ছন্ন, সেয়া তেওঁৰ পাকঘৰ আৰু বাথৰুমটোৰ পৰাই জানিব পৰা যায়৷ মলিয়ন বাথৰুমটো পৰিষ্কাৰ কৰিবলৈ যাওঁতে নিজেও মলিয়ন হৈ ওলাই আহিব লগা হয়৷ জানি থোৱা ভাল যে মলিয়ন বাথৰুমটোৰ পৰা বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে৷ সেয়ে বাথৰুমটো দুৰ্গন্ধমুক্ত আৰু পৰিষ্কাৰ কৰি ৰখা উচিত৷ উল্লেখ কৰা হ’ল বাথৰুম দুৰ্গন্ধমুক্ত আৰু পৰিষ্কাৰ কৰি ৰখাৰ কেইটা সহজ উপায়–

[১] বেকিং ছ’ডাৰ ব্যৱহাৰঃ বাথৰুম দুৰ্গন্ধমুক্ত কৰি ৰাখিবলৈ বেকিং ছ’ডা ব্যৱহাৰ কৰিব পাৰে৷ বাথৰুমটোৰ কোনো এটা স্থানত এটা বাতি বা কাপত বেকিং ছ’ডা খুলি থোৱা অৱস্থাত ৰাখক৷ বেকিং ছ’ডাই বাথৰুমৰ দুৰ্গন্ধ খুব সহজেই শোষণ কৰি লয়৷ একাপ বেকিং ছ’ডা বাথৰুমটোত এনেদৰে এমাহ পৰ্যন্ত ৰাখিব পৰা যায়৷ এমাহৰ পাছত ছ’ডাখিনি সলনি কৰিব৷ বাথৰুমৰ মজিয়াত দাগ থাকিলে সেয়া বেকিং ছ’ডাৰে আঁতৰাব পাৰি৷

[২] এছেন্সিয়েল অইলঃ বাথৰুম দুৰ্গন্ধমুক্ত ৰখাত এছেন্সিয়েল অইলেও কাম কৰে৷ ই এয়াৰ ফ্ৰেছনাৰতকৈও বেছি কাৰ্যকৰী৷ ইয়াৰ বাবে পছন্দৰ যিকোনো এছেন্সিয়েল অইল কপাহত লগাই বাথৰুমটোৰ এটা চুকত ৰাখি দিয়ক৷ দেখিব দুৰ্গন্ধ আঁতৰিবলৈ ধৰিছে৷

[৩] ভিনেগাৰ আৰু নেমুঃ নেমু সকলোৰে ঘৰত থাকে৷ বাথৰুমটোৰ দুৰ্গন্ধ আঁতৰাবলৈ নেমু ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰ বাবে এটুকুৰা নেমু বাথৰুমৰ চুকত ৰাখক৷ এসপ্তাহৰ মূৰে মূৰে নেমুটুকুৰা সলনি কৰিব৷ নেমুৱে দুৰ্গন্ধ আঁতৰাই সতেজ আৰু সুগন্ধি বিয়পায়৷ নেমুৰ সলনি বাথৰুমত ভিনেগাৰ ৰাখিও দুৰ্গন্ধ আঁতৰাব পৰা যায়৷ ইয়াৰ বাবে এটা খোলা পাত্ৰত ভিনেগাৰ ৰাখক৷ পোন্ধৰ দিনৰ মূৰে মূৰে ভিনেগাৰখিনি সলনি কৰিব৷ কিন্তু শিশুৱে ঢুকি নোপোৱাকৈ ৰাখিব ভিনেগাৰখিনি৷

[৪] নিয়মিত পৰিষ্কাৰ কৰকঃ বহুতে বাথৰুমটো পৰিষ্কাৰ কৰিবলৈ পাহৰি থাকে৷ কিন্তু স্বাস্থ্যকৰ জীৱন-যাপন কৰিবলৈ হ’লে বাথৰুম নিয়মীয়াকৈ পৰিষ্কাৰ কৰি ৰখা উচিত৷ বিশেষকৈ বাথৰুমৰ টাইলছ্‌ মলিয়ন হ’লেই ইয়াক পৰিষ্কাৰ কৰা উচিত৷

[৫] ভেণ্টিলেছনঃ বাথৰুমৰ ভেণ্টিলেছন সদায় ব্যৱহাৰ কৰক৷ পোহৰ আৰু বতাহ ঠিকমতে চলাচল কৰিব নোৱাৰিলে বাথৰুমৰ দুৰ্গন্ধ আঁতৰ হোৱাটো কঠিন হয়৷ এনে ক্ষেত্ৰত বাথৰুমত ভেণ্টিলেছন ব্যৱহাৰ কৰক অথবা এগ্‌জাষ্ট ফেন লগাওক৷ এয়াৰ পিউৰিফেয়াৰো ব্যৱহাৰ কৰিব পাৰে৷