Logo
image

নিগনিৰ উৎপাতৰ পৰা সাৰিবলৈ এইকেইটা কাম কৰক

নিগনিৰ উৎপাতে সকলোকে বিৰক্ত কৰে৷ নিগনি নথকা ঘৰ হয়তো নোলাব৷ নতুন-পুৰণি যিকোনো বয়বস্তু কুটি নষ্ট কৰে নিগনিয়ে৷ সেয়ে নিগনিক প্ৰশ্ৰয় দিয়াৰ কথাই আহিব নোৱাৰে৷ উল্লেখ কৰা হ’ল নিগনিৰ উৎপাতৰ পৰা পৰিত্ৰাণ পোৱাৰ কেইটামান উপায়–

[১] পদিনাৰ গোন্ধ নিগনিয়ে সহ্য কৰিব নোৱাৰে৷ পদিনা পাত বা পদিনাৰ তেল ব্যৱহাৰ কৰি নিগনি খেদিব পৰা যায়৷ ইয়াৰ বাবে ঘৰৰ যিবোৰ স্থানত নিগনি থকাৰ সম্ভাৱনা থাকে সেইবোৰ স্থানত পদিনা পাত ৰাখক৷ দেখিব নিগনি লাহে লাহে নাইকিয়া হ’বলৈ ধৰিছে৷ ঘৰৰ চৌপাশে পদিনা ৰুলেও নিগনিৰ পৰা হাত সাৰিব পৰা যায়৷

[২] মূৰৰ চুলিৰেও নিগনি খেদিব পৰা যায়৷ নিগনিৰ মুখত চুলি সোমালে বা ভৰিত চুলি লাগি ধৰিলে নিগনিৰ মৃত্যু অৱধাৰিত৷ সেয়ে নিগনি খেদিবলৈ নিশাৰ ভাগত ঘৰৰ যিবোৰ স্থানত নিগনিৰ উৎপাত বেছি সেইবোৰত চুলি পেলাই ৰাখিব পাৰে৷

[৩] শুকান গোবৰ নিগনিৰ বাবে বৰবিহ স্বৰূপ৷ নিগনিয়ে যদি শুকান গোবৰ খায়, তেন্তে তাৰ মৃত্যু নিশ্চিত৷ সেয়ে খাদ্য বস্তুৰ সৈতে শুকান গোবৰ মিহলাই নিগনি বিচৰণ কৰা ঠাইসমূহত পেলাই ৰাখিব পাৰে৷

[৪] জালুকগুটিৰ গোন্ধ নিগনিৰ বাবে অতি অসহ্যকৰ৷ ঘৰৰ যিবোৰ স্থানত নিগনি থকাৰ সম্ভাৱনা থাকে, সেইবোৰত জালুকগুটি গুৰি কৰি পেলাই ৰাখক৷ জালুকগুটিৰ গোন্ধে নিগনিৰ হৃদযন্ত্ৰৰ ক্ষতি কৰে৷ ফলত লগে লগে মৃত্যু ঘটে৷

[৫] পিয়াঁজ ব্যৱহাৰেৰেও নিগনি খেদিব পৰা যায়৷ নিগনিৰ গাঁতৰ মুখত পিয়াঁজ কাটি ৰাখক৷ দেখিব নিগনি নাইকিয়া হৈছে৷