স্কুটীৰ বাবে প্ৰতিবাদ
২০২১ বৰ্ষত উচ্ছতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণসকলক পূৰ্বৰ ঘোষণা মতে চৰকাৰে স্কুটী নিদিয়াত নলবাৰীত ক্ষুব্ধ ছাত্ৰীসকলে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰাজ্যখনত সময়ে সময়ে অ’ত-ত’ত এনেবোৰ প্ৰতিবাদ হৈয়েই থাকে৷ সেই দিশৰ পৰা ছাত্ৰীসকলৰ এই প্ৰতিবাদ বৰকৈ মন দিবলগীয়া কথা নহয়৷ চৰকাৰৰ হাতত ধন নাথাকিলে আঁচনি ৰূপায়ণত ব্যাঘাত জন্মে৷ অৱস্থা চাইহে ব্যৱস্থা৷ ধনৰ অভাৱত বহুতো উৎপাদনমূলক চৰকাৰী আঁচনি আধৰুৱা হৈ ৰোৱাৰ অনেক উদাহৰণ আছে৷ ছাত্ৰ-ছাত্ৰীক পৰীক্ষাত সুফল দেখুওৱাৰ বিনিময়ত স্কুটী দিয়া আঁচনিখনক [অথবা কাৰবাৰটোক] উৎপাদনমূলক বুলিব পাৰিনে? আঁচনিখনৰ দ্বাৰা উপকৃত হ’ব পৰাকৈ স্কুটী উৎপাদন কৰা কোনো থলুৱা উদ্যোগ-কাৰখানাও আমাৰ ৰাজ্যখনত নাই৷ বৰ্ধিতসংখ্যক স্কুটীয়ে ইন্ধনৰ চাহিদা বঢ়োৱাৰ লগতে ট্ৰেফিক যান-জঁট বঢ়াব আৰু প্ৰদূষণ বৃদ্ধিতো অৰিহণা যোগাব৷ গতিকে, কোনো কাৰণতেই ইয়াক উৎপাদনমূলক কাৰ্য বুলিব নোৱাৰি৷ স্কুল-কলেজৰ বিনামূলীয়া নামভৰ্তি, বিনামূলীয়া কিতাপ যোগান আদিৰ লগতো স্কুটী দিয়া আঁচনিখনক তুলনা কৰিব নোৱাৰি৷ কাৰণ, আনখনত সামাজিক সুৰক্ষাৰ ছাপ এটা আছে, যিটো স্কুটীত নাই৷ গতিকে, স্কুটী দিয়া কামটো পৰীক্ষাত ভাল নম্বৰ পোৱা বাবে ‘মামাই ভাগিনক দিয়া পুৰস্কাৰ’ বুলিয়েই ক’ব লাগিব৷ এতিয়া কথা হ’ল, পুৰস্কাৰ নিদিয়া বা নোপোৱাৰ বাবেনো কোনোবাই ৰাজপথত টেঁটুফালি প্ৰতিবাদ সাব্যস্ত কৰেনে? ছাত্ৰ-ছাত্ৰীয়ে সুচল ৰাস্তা-ঘাট, গতিশীল-নিৰাপদ ৰাজহুৱা পৰিবহণ, উন্নত যোগাযোগ, শিক্ষানুষ্ঠানত আধুনিক সা-সুবিধাযুক্ত পুথিভঁৰাল, ডিজিটেল শ্ৰেণীকোঠা, পৰীক্ষাগাৰ, বিশুদ্ধ খোৱাপানী, খেলপথাৰ আদিৰ বাবে দাবী কৰক, নাপালে বা নিদিলে প্ৰতিবাদ কৰক; তেতিয়া কথাবোৰ যুক্তিসংগত হয়৷ আচলতে, চৰকাৰী ঘৰৰ পৰা এনেকৈ ‘বিনামূলীয়া’কৈ উপহাৰ আগবঢ়োৱা কাৰবাৰটোৱেই অযুক্তিকৰ৷ কেৱল ছাত্ৰ-ছাত্ৰীকেই নহয়, কথাইপতি বিনামূলীয়া সামগ্ৰী অথবা নগদ টকাৰ অনুদান, সাহায্য, পেন্সন বিতৰণ কৰি চৰকাৰে হ্ৰস্বকালৰ বাবে কিছু জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ আপাতদৃষ্টিত কথাবোৰ ভালেই; চৰকাৰে ইমানবোৰ জনকল্যাণকামী আঁচনি ৰূপায়ণ কৰি সমাজৰ নিম্ন আয়ৰ লোকসকলক আৰ্থিকভাৱে সকাহ দিছে৷ কিন্তু দীৰ্ঘকালীন ফলাফল কি হ’ব, সেই বিষয়ে বিশেষ গুৰুত্ব দিয়া হোৱা নাই৷ ‘বৰ্তমান চলি থাকক, পাছত কি হয় দেখা যাব’ মনোভাবেৰে এনে আঁচনিবোৰ চলাই থকা হৈছে৷ আঁচনিবোৰৰ নেতিবাচক দিশবোৰক লৈ স্থানান্তৰত সমালোচনা হোৱাও পৰিলক্ষিত হৈছে৷ দূৰদৰ্শীসকলে ভেনিজুৱেলা, শ্ৰীলংকা আদিত ঘটা ঘটনাসমূহলৈ আঙুলিয়াই চৰকাৰক পৰোক্ষভাৱে সকীয়নিও দিছে৷ তথাকথিত জনপ্ৰিয় অথচ অনুৎপাদনশীল আঁচনি ৰূপায়ণ কৰিয়েই এই দেশবোৰৰ অৱস্থা দেউলীয়া হ’লগৈ৷ এই আঁচনিবোৰে কেৱল ৰাজকোষেই নিশকতীয়া কৰা নাই, মানুহবোৰকো এলেহুৱা আৰু পৰমুখাপেক্ষী কৰি তুলিছে৷ সৰু-সুৰাকৈ হ’লেও নিজাকৈ খেতি-বাৰী অথবা টুক-টাক বেহা চলাই স্ব-নিৰ্ভৰশীল হৈ যি স্বাভিমানৰ অধিকাৰী হ’ব পাৰি, সেই কথা এই ‘হিতাধিকাৰী’ সৃষ্টি কৰা আঁচনিবোৰে পাহৰাই পেলাইছে৷ নিজৰ লগতে দেশৰ উৎপাদনশীলতাৰ বাবে ই ভীষণ ক্ষতিকৰ৷ এসময়ত পৰৰ পিঠাৰে বিহু পতা এইসকলৰ যেতিয়া সান্দহ খোৱা বালি তল যোৱাৰ উপক্ৰম হ’ব, তেতিয়া চৰকাৰকেই ওলোটাই হুংকাৰ দিব৷ নলবাৰীৰ স্কুটী বিচৰা ছোৱালীহঁতৰ প্ৰতিবাদে তেনে সংকেতকেই বহন কৰিছে৷ চৰকাৰে এই প্ৰতিবাদৰ অন্তৰালত থকা ভৱিষ্যদ্বাণী শুনাৰ প্ৰয়াস কৰক৷






