Logo
image

চৰকাৰী সিদ্ধান্তই অংক-বিজ্ঞান ভীতি হ্ৰাস কৰিবনে?

‘প্ৰথম’ নামৰ সংস্থাটোৰ দ্বাৰা পৰিচালিত ‘এছাৰ’ [এনুৱেল ষ্টেটাছ অন এডুকেশ্যন ৰিপ’ৰ্ট]ৰ প্ৰতিবেদনত দেশৰ বিশেষকৈ স্কুলীয়া শিক্ষাৰ দৃশ্যপটক প্ৰতিফলিত কৰা হয়৷ উক্ত প্ৰতিবেদনত স্কুলীয়া শিক্ষাৰ বিভিন্ন স্তৰত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলে বাক্য গঠন, যোগ-বিয়োগ, পূৰণ-হৰণ অংক কৰিব পৰা যোগ্যতা, স্কুল ড্ৰপ আউট, বিদ্যালয়সমূহৰ আন্তঃগাঁথনি, শিক্ষক-ছাত্ৰৰ অনুপাত, শিক্ষক প্ৰশিক্ষণ, পাঠ্যক্ৰম আদি বিভিন্ন দিশৰ বিষয়ে উল্লেখ কৰা হয়৷ এছাৰ-ৰ জৰীপত স্কুল নিৰ্ভৰতাৰ পৰিৱৰ্তে প্ৰতিঘৰ নিবাসীৰ জৰীপৰ ওপৰত অগ্ৰাধিকাৰ প্ৰদান কৰি স্কুলীয়া শিক্ষাৰ পৰিৱেশ সম্পৰ্কে অধ্যয়ন কৰা হয়৷ এছাৰ-ৰ প্ৰতিবেদনত বিগত বৰ্ষসমূহত অসমৰো স্কুলীয়া শিক্ষাৰ বিভিন্ন দিশ উন্মোচিত হৈ আহিছে৷ সেই মৰ্মে স্কুলীয়া শিক্ষাৰ কেইবাটাও বৰ্ষ অতিক্ৰম কৰাৰ পাছতো এক বুজনসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ভাষাতে এটা বাক্য সম্পূৰ্ণ শুদ্ধকৈ লিখিব নোৱাৰে, অষ্টম শ্ৰেণীত পঢ়া এচাম ছাত্ৰ-ছাত্ৰীয়ে পূৰণ-হৰণটো বাদেই যোগ-বিয়োগৰ অংকও শুদ্ধকৈ কৰিব নোৱাৰে৷ নিজৰ মাতৃভাষাত অধ্যয়ন কৰা এনে ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজীত বাক্য এটা শুদ্ধকৈ লেখিব বা পঢ়িব পৰা কিমান যোগ্যতা আছে সেই বিষয়ে এছাৰ-ৰ প্ৰতিবেদনত উল্লেখ থাকিলেও বা নাথাকিলেও সাধাৰণ লোকৰ বাবে সেয়া বোধগম্য নোহোৱাকৈ নি(য় নাথাকে৷ অসমৰ চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে দক্ষতাৰে নিজৰ পাঠ্যক্ৰমসমূহ আয়ত্ত কৰি সেই পৰিৱেশতে অধ্যয়ন কৰি পৰৱৰ্তী পৰ্যায়ত বিভিন্ন ক্ষেত্ৰত উজ্বলি উঠে যদিও এক বুজনসংখ্যকে সেই ক্ষেত্ৰত পিছপৰি যোৱাৰ বাবে সামগ্ৰিকভাৱে অসমৰ শৈক্ষিক অগ্ৰগতি বিশেষভাৱে আশাপ্ৰদ হোৱা নাই৷ যোৱা কিছু বছৰৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণৰ হাৰ বৃদ্ধি পাইছে যদিও প্ৰকৃততে উত্তীৰ্ণৰ হাৰ বহু কম৷ অংক, ইংৰাজী, বিজ্ঞান আদি বিষয়ত অনুত্তীৰ্ণৰ পৰিমাণ বহু বেছি হোৱাৰ বাবে প্ৰতি বছৰে ছাত্ৰ-ছাত্ৰীক সমূহীয়াকৈ গ্ৰেছমাৰ্ক দিব লগা হয়৷ অৱশ্যে এই বিষয়ে ‘ছেবা’ কতৃৰ্পক্ষই আনুষ্ঠানিকভাৱে প্ৰকাশ নকৰে৷ অংক, বিজ্ঞান ভীতি থকাৰ বাবে উচ্ছতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অসমত অতি কম৷ ঠিক তেনেদৰে বাণিজ্য শাখাৰ প্ৰতিও অসমৰ ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ আটাইকেইটা শাখাৰ ভিতৰতে কম৷ ইয়াৰ বিপৰীতে কলা শাখাত ৰাজ্যৰ প্ৰায় ৮০ শতাংশ বা ততোধিক হাইস্কুল শিক্ষান্ত ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰে৷ ইয়াৰ বিপৰীতে লক্ষণীয়ভাৱে ভাৰতৰ অসমৰ তুলনাত উন্নত ৰাজ্যসমূহৰ ছাত্ৰ-ছাত্ৰীয়ে বিজ্ঞান, বাণিজ্যৰ প্ৰতি অধিক আগ্ৰহ প্ৰকাশ কৰে৷ উল্লেখ্য এই ক্ষেত্ৰত অসমত থকা বেচৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ উত্তীৰ্ণৰ হাৰ যথেষ্ট ভাল হ’লেও এনে বিদ্যালয়সমূহৰ পৰা উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰো অংক, বিজ্ঞান ভীতি কম নহয়৷ এনে বহু বিদ্যালয়ৰ অংক, বিজ্ঞানত বহু নম্বৰ লাভ কৰা বহু ছাত্ৰ-ছাত্ৰীয়েও বিজ্ঞান, বাণিজ্যৰ প্ৰতি অনীহা প্ৰকাশ কৰে৷ কিয় অসমৰ ছাত্ৰ-ছাত্ৰীৰ বিজ্ঞান, অংকৰ প্ৰতি ভীতি বা অনীহা– এই সম্পৰ্কে যুক্তিপূৰ্ণ আলোচনাৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ লগত সংগতি ৰাখি পৰিকল্পিত ব্যৱস্থা গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হোৱাৰ সময়তে অসম চৰকাৰে শৈক্ষিক দিশত গ্ৰহণ কৰিলে এলানি সিদ্ধান্ত৷ স্কুলীয়া পাঠ্যক্ৰমত সমাজ অধ্যয়নৰ পৰিৱৰ্তে ভূগোল, বুৰঞ্জীক বাধ্যতামূলক কৰাৰ লগতে তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত ছাত্ৰ-ছাত্ৰীৰ বাবে বিজ্ঞান আৰু গণিত শিক্ষণ ইংৰাজীত বাধ্যতামূলক কৰা হ’ব বুলি মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছে৷ ভূগোল, বুৰঞ্জী অসমৰ বিদ্যালয়সমূহৰ পাঠ্যক্ৰমৰ পৰা আঁতৰাই পেলোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ভৌগোলিক পৰিৱেশ-পৰিস্থিতি, ইতিহাস জনাৰ পৰা বঞ্চিত হৈ আছিল৷ এনে পৰিপ্ৰেক্ষিতত ভূগোল, বুৰঞ্জীৰ পুনৰ অন্তৰ্ভুক্তি এক উল্লেখনীয় পদক্ষেপ৷ কিন্তু ইয়াৰ বিপৰীতে ছাত্ৰ-ছাত্ৰীৰ বাবে এই পৰ্যন্ত অতি জটিল ৰূপে বিবেচিত অংক, বিজ্ঞান ইংৰাজীত পাঠদান কৰাটো, শিকাটো কিমান সমীচিন আৰু ফলদায়ক হ’ব সেয়াহে চিন্তনীয় বিষয়৷ এই দুয়োটা বিষয় ইংৰাজীত শিকোৱা, শিকাৰ পক্ষে যুক্তি দি চৰকাৰীভাৱে কোৱা হৈছে যে নীট, জেইই, আইআইটি বা আন প্ৰতিযোগিতামূলক পৰীক্ষাত অসমৰ ছাত্ৰ-ছাত্ৰীয়ে ভাল ফলাফল প্ৰদৰ্শন নকৰে৷ সেয়েহে তৃতীয় শ্ৰেণীৰ পৰা শিকিলে তেওঁলোকৰ বাবে এয়া সহজ হৈ পৰিব! পূৰ্বেই কোৱা হৈছে মাতৃভাষাত পঢ়িয়েই এচামে বাকী বিষয়ৰ লগতে অংক-বিজ্ঞানতো ভাল প্ৰদৰ্শন কৰে আৰু গৰিষ্ঠসংখ্যকে মধ্যমীয়া, বেয়া বা শোচনীয় প্ৰদৰ্শন কৰে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে অংক, বিজ্ঞান আদি বিষয়সমূহ ভালকৈ বুজি পালে ছাত্ৰ-ছাত্ৰীৰবাবে ই কঠিন হৈ নাথাকে৷ শিক্ষানীতি-২০২০য়েও পৰীক্ষাকেন্দ্ৰিক নম্বৰ, মুখস্থকেন্দ্ৰিক নম্বৰতকৈ ধাৰণাকেন্দ্ৰিক শিকনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ এনে ক্ষেত্ৰত অসমীয়া ভাষাই এই ক্ষেত্ৰত অধিক সহায় কৰাৰ সম্ভাৱনাহে অধিক আছে৷ কিন্তু ইয়াৰ বিপৰীতে যদি হঠাৎ ইংৰাজীত অংক-বিজ্ঞান শিকোৱাৰ বাবে পাৰদৰ্শী শিক্ষক, পৰিৱেশৰ অভাৱ থকাৰ সময়ত গণিত-বিজ্ঞান ইংৰাজী শিকোৱাটো কিমান যুক্তিসংগত সেয়া চৰকাৰে বিবেচনা কৰা উচিত৷