Logo
image

ফ্ৰীজত ৰুটি ভালে ৰখাৰ সহজ উপায়

ৰুটি আমাৰ সকলোৰে অতি প্ৰিয় খাদ্য৷ সকলোৰে পুৱাৰ আহাৰৰ তালিকাত ৰুটি থাকেই৷ অনেকেই ভাতৰ পৰিৱৰ্তে ৰুটিও খায়৷ বিশেষকৈ নিশাৰ সাজত ভাতৰ সলনি ৰুটি আহাৰ হিচাপে গ্ৰহণ কৰে একাংশ লোকে৷ অনেকে ৰুটি বনাই ফ্ৰীজত থৈ দিয়ে৷ এইক্ষেত্ৰত দেখা যায় ফ্ৰিজত থোৱা ৰুটিসমূহ সাধাৰণতে কোমল হৈ নাথাকি টান হৈ পৰে৷ এই সমস্যা সহজ উপায়েৰে সমাধান কৰিব পাৰি৷ আহকচোন ফ্ৰীজত ৰুটি কেনেকৈ অধিক সময় ভালে ৰাখিব পাৰি তাৰেই কৌশল জানো৷ 

◾ৰুটি বনোৱাৰ সময়ত ময়দা বা আটাৰ লগত কিছু ৰিফাইন তেল ব্যৱহাৰ কৰক৷ এনে কৰিলে ৰুটিখন বহু পৰিমাণে কোমল হয় আৰু আপুনি ফ্ৰীজত থোৱাৰ পাছতো বহু সময়লৈকে ভালে থাকে৷ 

◾ৰুটি বনোৱা  হ’লে ৰুটিখনত কম পৰিমাণে ৰিফাইন তেল বা ঘিউ সানি থওক৷ তেতিয়া ৰুটিখন কোমল হৈ থকাৰ লগতে এখন ৰুটিৰ লগত আন এখন লাগি নধৰে৷ ফ্ৰীজত ৰুটি ভালে ৰাখিবলৈ হ’লে ৰুটিখন কমকৈ সেকিব৷ ৰুটিখন সেকা হ’লে পেপাৰৰ ওপৰত ৰাখক৷ এনে কৰিলে ৰুটিখন সেকাৰ পাছত সেমেকা সেমেকা হৈ থাকে৷ 

◾ৰুটি ভাল হৈ থাকিবৰ বাবে সদায় এটা বায়ু প্ৰৱেশ কৰিব নোৱৰা কণ্টেইনাৰত ৰাখিব৷ এতিয়া বতাহ ওলোৱা সোমোৱাত বাধা আহিব৷ ফলত ৰুটিখন কোমল হৈ থাকিব৷ বহুতেই ৰুটি ভালে ৰাখিবলৈ ফইল পেপাৰত মেৰিয়াই ৰাখে৷

◾অনেকেই ৰুটি ফ্ৰীজত ৰখাৰ আগেয়ে অভেনত গৰম কৰি চুলাত সেকি লয়৷ ৰুটি ফ্ৰীজৰ পৰা উলিয়াই অলপ সময় বাহিৰত ৰাখক৷ তাৰ পাছত অলপ সেকিহে খাবলৈ লওক৷

◾ৰুটি বনাই বেছিদিন ফ্ৰীজত নাৰাখিব৷ বেছি সময় ফ্ৰীজত ৰাখিলে সাধাৰণতে ভালে নাথাকে৷ বহুতে ৰুটি বনাই ফ্ৰীজত ৰখাৰ সময়ত তাত কিছু ময়দা দি থয়৷ ফলত ৰুটিখন ভালে থাকে৷