Logo
image

জোনাইত সাইলাখ গ্ৰেট খালি!

অনায়াসে দাঙিব পাৰে বাইক

যেন গ্ৰেট খালিৰ দ্বিতীয় সংস্কৰণ! অনায়াসে এখন মটৰ চাইকেল দাঙি দেখুৱাইছে জীতেন দলে নামৰ যুৱকজনে

আমাৰ অসম, ৩১ জুলাইঃ জোনাইত ওলাইছে দ্বিতীয় ‘দ্যা গ্ৰেট খালি’৷ হয় অবিশ্বাস্য হ’লেও এয়াই সত্য৷ তেওঁ দেখিবলৈ সাইলাখ ডব্লিউ ডব্লিউ খেলুৱৈ দ্যা গ্ৰেট খালিৰ দৰে৷ সাধাৰণ মানুহে মুখে মুখে তেওঁক গ্ৰেট খালি বুলিয়েই মাতে৷ তেওঁ বাস কৰে পত্নী, এজনী ছোৱালী আৰু এটা পুত্ৰ সন্তানৰ সৈতে অসম-অৰুণাচল সীমান্তৰ ধেমাজিৰ জোনাইৰ নাহৰ বান্দানা গাঁৱৰ এখন জৰাজীৰ্ণ ঘৰত৷  নাম তেওঁৰ জীতেন দলে ওৰফে আল্লাই৷ বয়স তেওঁৰ ৪৯ বছৰ, ওজন ১কুইণ্টল ৫৫ কিলো, ওখ ৬ ফুট ৮ ইঞ্চি৷ খাদ্যত তেওঁক লাগে এবাৰত ২.৫ কিলো চাউল, মাছ বা মাংস লাগে ২ ৰ পৰা ৩ কিলো, কণী ৩০ টাকৈ৷ তেওঁ মাজে সময়ে মিছিং জাতীয় সংঠনৰ টি এম পি কেৰ লগত থাকি বিভিন্ন সাংগঠনিক সংগ্ৰামত দেহে কেহে সহযোগ কৰিছিল৷ বৰ্তমান তেওঁ সৰু-সুৰা বিভিন্ন ব্যৱসায়েৰে কোনোমতে পৰিয়াল পোহ-পাল দি আছে৷ এইজন জীতেন দলেই কৰিব পাৰে সাধাৰণ দুই-তিনিজন মানুহে কৰিব নোৱাৰা কাম৷