Logo
image

দৈৰ সৈতে এইবোৰ খাদ্য খাই বিপদত নপৰিব

পুৱাই হওক বা ৰাতিয়েই হওক খোৱাৰ শেষত বহুতৰে একাপ দৈ খোৱাৰ অভ্যাস৷ দৈত ভিটামিন বি-২, ভিটামিন বি-১২, কেলছিয়াম, মেগনেছিয়াম আৰু প্ৰচুৰ পৰিমাণে থাকে পটাছিয়াম৷ স্বাস্থ্য আৰু ছালৰ বাবে এইকেইটা উপাদান অতি উপকাৰী৷ নিতৌ দৈ খালে কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰাও মুক্তি পোৱা যায়৷ পিছে প্ৰবায়’টিক দৈ স্বাস্থ্যসন্মত হ’লেও নিয়ম মানিহে খোৱা উচিত৷ দৈ খোৱাৰ পাছত কিছুমান খাদ্য ভুলতো নাখাব৷ নহ’লে হ’ব পাৰে বিপদ৷ উল্লেখ কৰা হ’ল কোনবোৰ খাদ্য দৈ খোৱাৰ পিছত খাব নালাগে–

[১] আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি দৈ খোৱাৰ পাছত উচ্ছ প্ৰ’টিনযুক্ত খাদ্য এৰাই চলা উচিত৷ এনে খাদ্যসমূহ হৈছে মাছ-মাংস আদি৷ দৈতো প্ৰ’টিন থাকে৷ যাৰ বাবে মাছ-মাংসৰ সৈতে দৈ খোৱা অনুচিত বা দৈ খাই উঠি মাছ-মাংস নাখাব৷ নহ’লে ছালৰ সমস্যাই দেখা দিব পাৰে বা বদহজম হ’ব পাৰে৷

[২] দৈ আৰু গাখীৰ একে গোত্ৰৰ হ’লেও ইয়াক একেলগে খোৱাটো অনুচিত৷ দৈ আৰু গাখীৰ একেলগে খালে এচিডিটি, বমি ভাব, বুকু জ্বলা-পোৰা, পেট ফুলা আৰু ডায়েৰিয়া হ’ব পাৰে৷

[৩] আম আৰু দৈ একেলগে খোৱাটো মুঠেই স্বাস্থ্যকৰ নহয়৷ আমত এনে কিছুমান উপাদান থাকে, যিবোৰে দৈৰ সৈতে মিহলি হৈ শৰীৰত বিহ¸ক্ৰিয়াৰ সৃষ্টি কৰে৷ তদুপৰি আম আৰু দৈ একেলগে খালে এলাৰ্জি হোৱাৰ আশংকা থাকে৷

[৪] পিয়াঁজৰ সৈতে দৈ ভুলতো নাখাব৷ কাৰণ দৈ ঠাণ্ডা৷ ইয়াৰ বিপৰীতে পিয়াঁজ হৈছে গৰম৷ এনে ক্ষেত্ৰত ঠাণ্ডা-গৰম খাদ্য একেলগে খালে গুৰুতৰ পাশ্বৰ্ক্ৰিয়া হ’ব পাৰে৷

[৫] দৈ খোৱাৰ পাছত তেলত ভজা খাদ্য মুঠেই নাখাব৷ দৈৰ সৈতে তেলত ভজা খাদ্যই গেছ আৰু বদহজম কৰে৷