Logo
image

এইবোৰ পাচলিয়ে ইউৰিক এচিড বঢ়ায়

আজি কালি প্ৰায়ভাগ লোকৰে মুখত ইউৰিক এচিডে কৰা সমস্যাৰ বিষয়ে শুনিবলৈ পোৱা যায়৷ এনেক্ষেত্ৰত দেহত যাতে ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি নহয় তাৰ বাবে আগতীয়াকৈ সতৰ্ক হোৱাটো ভাল৷ বিশেষকৈ খোৱা খাদ্যৰ ক্ষেত্ৰত সচেতন নহ’লে ইউৰিক এচিডৰ সমস্যাত ভোগাৰ আশংকা বৃদ্ধি পায়৷ বহুতেই ইউৰিক এচিড হ’লেই দাইল, বিলাহী আদি খোৱা বন্ধ কৰে৷ বহুতৰে ধাৰণা দাইল আৰু বিলাহীয়ে ইউৰিক এচিড বঢ়ায়৷ পিছে এই ধাৰণা ভুল৷ ইউৰিক এচিডৰ পৰা সাৰি থাকিবলৈ হ’লে ৰেডমিট আৰু এলকহল এৰিব লাগিব৷ তদুপৰি দুই কিলোগ্ৰামতকৈ অধিক ওজনৰ মাছ নাখাব৷ এইখিনিতে জানি থোৱা ভাল যে বজাৰত সহজতে পোৱা কেইবিধমান পাচলিও ইউৰিক এচিডৰ বাবে ক্ষতিকাৰক৷ উল্লেখ কৰা হ’ল কোনবোৰ পাচলি খালে ইউৰিক এচিডৰ সমস্যা হয়–

[১]  উৰহী জাতীয় পাচলিয়ে ইউৰিক এচিডৰ পৰিমাণ বঢ়ায়৷ সেয়ে যিসকলৰ ইউৰিক এচিডৰ সমস্যা আছে তেওঁলোকে খাদ্য তালিকাৰ পাৰ উৰহী একেবাৰেই বাদ দিয়ক৷ উৰহীয়ে ইউৰিক এচিডৰ লগতে দেহত প্ৰদাহজনিত সমস্যাৰো সৃষ্টি কৰে৷

[২]  যিকোনো দাইল আৰু মটৰত প্ৰচুৰ পৰিমাণে পিউৰিন থাকে৷ এইবিধ উপাদানে আমাৰ দেহত ইউৰিক এচিডৰ পৰিমাণ বঢ়ায়৷ সেয়ে দাইল খালেও অত্যধিক নাখাব৷ একেদৰে নিতৌ মটৰৰ ব্যঞ্জন খোৱা অভ্যাস নিয়ন্ত্ৰণ কৰক৷

[৩]  দাইল আৰু মটৰৰ দৰে বেঙেনাটো অত্যধিক পৰিমাণে পিউৰিন থাকে৷ ই দেহত ইউৰিক এচিডৰ মাত্ৰা বঢ়োৱাৰ লগতে প্ৰদাহৰ সৃষ্টি কৰে৷ তদুপৰি  যিসকলৰ এলাৰ্জিৰ সমস্যা আছে তেওঁলোকে বেঙেনা একেবাৰেই খাব নালাগে৷ বেঙেনাই খজুৱতি বঢ়ায়৷

[৪]  ইউৰিক এচিডৰ সমস্যা থাকিলে স্বাস্থ্য বিশেষজ্ঞসকলে শাক খোৱাত বাধা দিয়ে৷ বিশেষকৈ পালেং শাক খাব নালাগে বুলি কয়৷ পালেং শাকত প্ৰ’টিন আৰু পিউৰিন থাকে৷ এইবোৰে ইউৰিক এচিডৰ সমস্যা বঢ়ায়৷