অসমৰ পৰ্যটনৰ বিকাশ হ’বনে
বাণিজ্য আৰু পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ লগতে সাংস্কৃতিক বিনিময়ৰ লক্ষ্যৰে উত্তৰ-পূব সমাৰোহ এইবাৰ অনুষ্ঠিত কৰা হৈছে থাইলেণ্ডৰ ৰাজধানী বেংককত৷ থাইলেণ্ডৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে দেশখনৰ পৰ্যটকক উত্তৰ-পূৰ্বাঞ্চললৈ আকৰ্ষিত কৰাৰ ক্ষেত্ৰত এয়া এক ইতিবাচক পদক্ষেপ বুলিয়েই ক’ব লাগিব৷ ক’ভিড অতিমাৰীয়ে ভাৰতৰ আন ৰাজ্যসমূহৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন ক্ষেত্ৰখনকো বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছিল৷ ক’ভিডসৃষ্ট সমস্যাৰ বাবে পৰ্যটন উদ্যোগটো একপ্ৰকাৰ স্থবিৰ হৈ পৰিছিল৷ বৰ্তমান ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা আৰু বিভিন্ন ৰাষ্ট˜ৰ মাজত ভ্ৰমণৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা লাহে লাহে শিথিল হৈ অহাৰ পাছত পৰ্যটন উদ্যোগটো পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিবলৈ বিভিন্ন দেশে পদক্ষেপ হাতত লৈছে৷ এইক্ষেত্ৰত ভাৰতো পিছপৰি থকাৰ কোনো অৰ্থ নাই৷ থাইলেণ্ডত উত্তৰ-পূব সমাৰোহৰ আয়োজন ইয়াৰে এটা অংশ হিচাপে গণ্য কৰিব পাৰি৷ অসমত ‘কা’বিৰোধী আন্দোলন আৰম্ভ হোৱাৰ আগৰ সময়ছোৱাত বিদেশী পৰ্যটকৰ আগমন যথেষ্ট বৃদ্ধি পোৱা বুলি কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰণালয়ৰ এটা প্ৰতিবেদনত প্ৰকাশ পাইছিল৷ নিঃসন্দেহে অসমৰ বাবে এয়া আছিল উৎসাহৰ বিষয়৷ কিন্তু ক’ভিডৰ দৰেই ‘কা’বিৰোধী আন্দোলনেও অসমৰ পৰ্যটন ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলাইছিল৷ এটা বছৰত পৰ্যটনৰ পৰা অহা ৰাজহ বহুখিনি হ্ৰাস পাইছিল৷ উল্লেখ্য, পৰ্যটনে ৰাজ্য এখনৰ অৰ্থনীতিত কেনেদৰে প্ৰভাৱ পেলাব পাৰে, তাৰ উৎকৃষ্ট উদাহৰণ হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ ছিকিম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ দৰে ৰাজ্য৷ ছিকিম আৰু অৰুণাচল প্ৰদেশ দেশী-বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে৷ শেহতীয়াকৈ এইক্ষেত্ৰত মেঘালয়ো বহুখিনি আগবাঢ়িছে৷ ইয়াৰ মূল কাৰণটো হৈছে, ৰাজ্যকেইখনৰ চৰকাৰে পৰ্যটকক আকৰ্ষণ কৰিবলৈ লোৱা বিশেষ ব্যৱস্থা৷ অসম যিহেতু উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখস্বৰূপ আৰু গুৱাহাটী উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যলৈ অহা [ছিকিমক বাদ দি] পৰ্যটকৰ বাবে ট্ৰেনজিট কেম্পস্বৰূপ, সেয়েহে অসমতো পৰ্যটন উদ্যোগৰ বিকাশৰ প্ৰচুৰ সম্ভাৱনা আছে৷ কেইবছৰমান আগলৈকে ৰাজ্য বা দেশৰ বাহিৰৰ পৰ্যটকৰ বাবে কাজিৰঙা, মানাহ অভয়াৰণ্যৰ লগতে উজনি অসমৰ চাহা বাগিচা, শিৱসাগৰ, নদীদ্বীপ মাজুলী আৰু নামনি অসমৰ মানাহ অভয়াৰণ্য আৰু গুৱাহাটীৰ কামাখ্যা মন্দিৰেই মুখ্য পৰ্যটনস্থলী হিচাপে ধাৰণা আছিল৷ কিন্তু এইবোৰ স্থানৰ লগতে ৰাজ্যখনত চাবলগীয়া আৰু বহু ঠাই আছে, যিবোৰৰ যথোচিত প্ৰচাৰ নোহোৱাৰ বাবে পৰ্যটক এইবোৰ স্থানৰ বিষয়ে অৱগত নহয়৷ অৱশ্যে, এতিয়া ছ’চিয়েল মিডিয়াযোগে অসমৰ প্ৰচাৰ লাভ নকৰা পৰ্যটনস্থলীবোৰৰ প্ৰচাৰ হোৱাৰ ফলত পৰ্যটকো এই স্থানবোৰলৈ অহাৰ বাবে আগ্ৰহী হৈছে৷
এটা কথা স্বীকাৰ কৰিবই লাগিব যে পৰ্যটকৰ সুবিধাৰ বাবে ছিকিম, অৰুণাচল, মেঘালয় আদি ৰাজ্যত পৰ্যটনস্থলীবোৰৰ আন্তঃগাঁথনি উন্নত কৰাত ৰাজ্য চৰকাৰে যেনেদৰে আগভাগ লৈছে, তাৰ তুলনাত অসম বহুখিনি পিছপৰি আছে৷ এইবোৰ স্থানৰ সঠিক প্ৰচাৰৰ ব্যৱস্থা কৰা হ’লে পৰ্যটকৰ সংখ্যাও বৃদ্ধি পাব৷ শেহতীয়াভাৱে পৰ্যটন বিভাগে অসমৰ পৰ্যটন স্থলবোৰৰ প্ৰচাৰৰ বাবে বিভিন্ন আঁচনি লৈছে, লগতে মাৰ্কেটিঙতো গুৰুত্ব দিছে৷ তাৰ লগতে আন ৰাজ্যত তথ্যকেন্দ্ৰ স্থাপন কৰি ৰাজ্যখনৰ মুখ্য পৰ্যটনস্থলবোৰৰ তথ্য যোগান ধৰিলে অসম ভ্ৰমণ কৰিবলৈ বিচৰা লোকসকল উপকৃত হ’ব৷ তাৰ লগতে অসমৰ বিভিন্ন উৎসৱবোৰৰ সময়ত পৰ্যটকৰ বাবে বিশেষ পেকেজৰ ব্যৱস্থা কৰিলেও সুফল পোৱা যাব৷ এইক্ষেত্ৰত ছিকিম, অৰুণাচল আৰু মেঘালয়ৰ দৰে ৰাজ্য বিশেষভাৱে উল্লেখযোগ্য৷ চেৰী ফুল ফুলাৰ সময়ত মেঘালয়ৰ ৰাজধানী শ্বিলঙত আয়োজন কৰা চেৰী ফেষ্টিভেলৰ সময়ত বহুসংখ্যক দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটে৷ এডভেঞ্চাৰ ট্যুৰিজ্মৰো প্ৰচুৰ সম্ভাৱনা আছে অসমত৷ দুঃসাহসিক ক্ৰীড়াৰ প্ৰতি আগ্ৰহী লোকে ৰাজ্যখনৰ বিভিন্ন ঠাইত পাব মনে বিচৰা দুঃসাহসিক ক্ৰীড়াৰ সমল৷ অসম চৰকাৰে যদি সঁচাকৈয়ে ৰাজ্যখনৰ পৰ্যটন ক্ষেত্ৰখনৰ উন্নয়ন বিচাৰিছে, তেন্তে এক সু-পৰিকল্পিত পৰ্যটন আঁচনি গ্ৰহণ কৰিব লাগে৷ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু মেঘালয়ক অনুকৰণ কৰি আগবাঢ়িলে অসমতো দেশী-বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰকেইখনৰ সৈতে বাণিজ্যিক সম্পৰ্কও সুদৃঢ় হোৱাৰ অৱকাশ থাকিব৷






