ওজন হ্ৰাসৰ বাবে নিয়মীয়াকৈ চিৰা খাওক
ওজন অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ ফলত বিভিন্ন ধৰণৰ শাৰীৰিক মানসিক সমস্যাৰ সৃষ্টি হয়৷ কেতিয়াবা এইদৰে বৃদ্ধি পোৱা ওজন হ্ৰাস কৰাৰ বাবে বিভিন্ন ধৰণৰ ঔষধ আদি গ্ৰহণ কৰিবলগীয়াত পৰে৷ কিন্তু ঔষধ সেৱন নকৰাকৈয়ে খাদ্যভাস সলনি কৰিও শৰীৰৰ ওজন হ্ৰাস কৰিব পাৰি৷ বিশেষজ্ঞসকলৰ মতে ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত খাদ্যই ৭০ শতাংশ কাম কৰে৷ সেই বাবে শৰীৰৰ ওজন হ্ৰাস কৰাৰ বাবে পুষ্টিকৰ খাদ্য গ্ৰহণৰ বিকল্প নাই৷ খাদ্য বিশেষজ্ঞৰ মতে নিয়মীয়াকৈ চিৰা খালে বিশেষ সুফল পাব পাৰি৷
[১] চিৰা খালে অতি সহজেই হজম হয়৷ সেই বাবে ভাতৰ তুলনাত চিৰা বেছি উপকাৰী৷
[২] চিৰাত কেলৰিৰ পৰিমাণ কম থকাৰ বিপৰীতে ফাইবাৰ, প্ৰ’টিন, আইৰনৰ পৰিমাণ বেছি থাকে৷ চিৰা খালে চৰ্বিমুক্ত হৈ থাকিব পাৰি৷
[৩] পুষ্টিকৰ খাদ্যৰ ভিতৰত চিৰাক স্থান দিয়া হৈছে৷ ১০০ গ্ৰাম চিৰাত প্ৰচুৰ পৰিমাণৰ কেলৰিৰ উপৰি ২.৮৭ গ্ৰাম ফেট, ০.৩৪৪ গ্ৰাম চেছুৰেটেড ফেট, ২১ গ্ৰাম ছডিয়াম, ১১৭ গ্ৰাম পটাছিয়াম, ০.৯ গ্ৰাম ফাইবাৰ, ০.৫ গ্ৰাম শৰ্কৰা আৰু ২.৩ গ্ৰাম প্ৰ’টিন থাকে৷
চিৰাই কিদৰে ওজন কমায়
চিৰা সুস্বাদু আৰু কম কেলৰিযুক্ত হোৱাৰ বাবে ই ওজন হ্ৰাস কৰাত সহায় কৰে৷ ইয়াত থকা কাৰ্বহাইড্ৰেটে শৰীৰত চৰ্বি বৃদ্ধি নকৰে৷
[৪] ডায়েবেটিছ ৰোগীৰ বাবেও চিৰা উপকাৰী৷ ইয়াত থকা ফাইবাৰে তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধিত বাধা দিয়ে৷
[৫] চিৰাত পৰ্যাপ্ত পৰিমাণৰ আইৰণ থাকে৷ ৰক্তহীনতাত ভোগাসকলৰ বাবে ই উপকাৰী৷
[৬] চিৰা খালে মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি পায়৷ ই মস্তিষ্কৰ কোষ গঠন কৰাত সহায় কৰে৷ তদুপৰি চিৰা প্ৰচুৰ পৰিমাণে ‘চি’ ভিটামিন সমৃদ্ধ৷
[৭] চিৰা খালে স্মৃতি শক্তি বৃদ্ধিতো সহায়ক হয়৷






