Logo
image

হৰ ঘৰ ত্ৰিৰংগা

বহুজনৰ চৰম ত্যাগ, আত্ম-বলিদানৰ অন্তত ভাৰতে ১৯৪৭ চনৰ ১৫ আগষ্টত ব্ৰিটিছ শাসকৰ পৰা নিজ স্বাধীনতা ঘূৰাই পায়৷ অৱশ্যে, স্বাধীনতা লাভৰ পূৰ্বৰ যিখন ভাৰত আছিল, সেইখন দ্বিখণ্ডিত হৈ ভাৰত আৰু পাকিস্তান নামেৰে দুখন ৰাষ্ট্ৰত বিভক্ত হয়৷ ভাৰত ভূমিৰ পৰা ব্ৰিটিছ শাসকক ওফৰাই স্বাধীনতা লাভৰ ৭৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰৰ স্বাধীনতা দিৱসক আজাদী কা অমৃত মহোৎসৱ নাম দি প্ৰতিটো পৰিয়ালক ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ৰাষ্ট্ৰীয় পতাকা ঘৰত উত্তোলন কৰিবলৈ নিৰ্দেশ দিছে৷ ভাৰতৰ পতাকাখনে প্ৰতিজন ভাৰতীয়ৰ আশা-আকাংক্ষা আৰু গৌৰৱৰ কথা প্ৰকাশ কৰে৷ পূৰ্বৰে পৰা প্ৰচলিত নিয়ম অনুসৰি ৰাষ্ট্ৰীয় পতাকাখন পুৱা উত্তোলন কৰি সূৰ্যাস্তৰ আগে আগে নমাব লাগে৷ কিন্তু এইবাৰ ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ জাতীয় পতাকাখন অনুষ্ঠান-প্ৰতিষ্ঠান, অফিচ-কাছাৰী, শিক্ষানুষ্ঠান আদিৰ লগতে প্ৰতিঘৰত উক্ত তিনিদিন একেৰাহে উৰুৱাই ৰাখিব পাৰিব বুলিও উল্লেখ কৰিছে চৰকাৰৰ ফালৰ পৰা৷ অৱশ্যে, কোনোৱে ইচ্ছা কৰিলে প্ৰতিদিনে পুৱা উত্তোলন কৰি  সূৰ্যাস্তৰ পূৰ্বে পতাকাখন নমাব পাৰিব বুলিও প্ৰকাশ কৰিছে৷ জাতীয় পতাকাখন উত্তোলন কৰাৰ ক্ষেত্ৰত অকল এইখিনি নিয়মকেই সলনি কৰা নাই, ইয়াৰ উপৰি চৰকাৰে খাদী কাপোৰেৰে তৈয়াৰী ত্ৰিৰংগা পতাকাৰ উপৰি পলিয়েষ্টাৰ পতাকাও উত্তোলন কৰিব পাৰিব বুলি কৈছে৷ সাধাৰণতে জাতীয় পতাকা খাদী কাপোৰেৰে তৈয়াৰ কৰা হয়৷ ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ এনে নিয়ম সলনিয়ে দেশৰ জনসাধাৰণক পতাকাখনৰ প্ৰতি কিমান শ্ৰদ্ধাশীল কৰি তোলে আৰু প্ৰতিজনৰ অন্তৰত দেশভক্তিৰ ভাব কিমান জগাই তোলে, সেয়াও লক্ষণীয় হ’ব৷ তদুপৰি ৰাষ্ট্ৰীয় পতাকাখনক যাতে কোনো লোকে অসন্মান কৰিব নোৱাৰে, তাৰ প্ৰতিও চৰকাৰ-প্ৰশাসনে চকু দিব লাগিব৷ নিয়ম মতে, জাতীয় পতাকাক অৱজ্ঞা কৰা, অসন্মান কৰা লোকক জৰিমনা বিহাৰ লগতে তিনি বছৰপৰ্যন্ত জে’ল বিহিব পাৰে৷ যিহেতু জাতীয় পতাকাখন আমাৰ গৌৰৱৰ প্ৰতীক, সেয়ে এই পতাকাখনৰ কোনো কাৰণতে অসন্মান হোৱাটো উচিত নহয়৷ তদুপৰি চৰকাৰেও জাতীয় পতাকা উত্তোলনৰ ক্ষেত্ৰত থকা নীতি-নিয়ম সলনি নকৰি তাক শ্ৰদ্ধাপূৰ্বক পালন কৰাহে উচিত৷ তদুপৰি পলিয়েষ্টাৰ ত্ৰিৰংগা পতাকা উত্তোলন কৰাটো বাৰণ কৰি খাদী কাপোৰেৰে প্ৰস্তুত কৰা ত্ৰিৰংগা পতাকাহে উত্তোলনৰ দিহা কৰিব লাগে৷ ইতিমধ্যে চৰকাৰে সুলভ মূল্যৰ দোকান আৰু ডাকঘৰৰ জৰিয়তে পতাকা উপলব্ধ কৰোৱাৰ ব্যৱস্থা কৰিছে৷ ইয়াৰ উপৰি আত্মসহায়ক গোটসমূহেও খাদী কাপোৰৰ পতাকা প্ৰস্তুত কৰি বিক্ৰীৰ ব্যৱস্থা কৰিলে প্ৰতিঘৰ লোকেই পতাকা উত্তোলন কৰাত অসুবিধা নাপাব৷ ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচী সফল কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আনকি জনসাধাৰণক বিভিন্ন উপলক্ষত ত্ৰিৰংগা পতাকা উপহাৰ হিচাপে দিবলৈ আহ্বান জনাইছে, যাতে জনসাধাৰণে সহজতে পতাকাখন লাভ কৰে আৰু সেই পতাকাখন উল্লিখিত দিন তিনিটাত উত্তোলন কৰি কেন্দ্ৰীয় চৰকাৰে পালন কৰিব খোজা আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচীৰ হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰে৷ চৰকাৰে দুখীয়া লোকক বিনামূলীয়াকৈ পতাকাখন দিয়াৰ ব্যৱস্থা কৰা হ’লে বহু লোকে আনন্দ মনেৰে হয়তো পতাকাখন উত্তোলন কৰিলেহেঁতেন৷ কিয়নো অত্যধিক মূল্যবৃদ্ধিৰ দিনত কিমানে ধন ভৰি পতাকা উত্তোলন কৰে, সেয়া সময়েহে ক’ব৷

২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতত ১.৭৭ নিযুত লোক গৃহহীন৷ এই সংখ্যা হয়তো এতিয়া আৰু অধিক হ’ব৷ ভাৰতে স্বাধীনতা লাভ কৰাৰ সাতটা দশক পাৰ হোৱাৰ পাছতো ইমান লোক গৃহহীন হৈ থকাটো পৰিতাপৰ কথা৷ তদুপৰি স্বাধীন ভাৰতৰ এমুঠিমান লোক ক্ৰমে অধিক ধনৱান হৈছে আৰু সমাজৰ গৰিষ্ঠসংখ্যক লোকৰ উপাৰ্জন কমি গৈছে৷ ভাৰতৰ মুঠ জনসংখ্যাৰ মাত্ৰ দহ শতাংশই দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ৰ ৫৭ শতাংশ হস্তগত কৰিছে আৰু দেশৰ অতি ধনৱান এক শতাংশই মুঠ আয়ৰ ২২ শতাংশ হস্তগত কৰিছে৷ কিন্তু ইয়াৰ পৰিৱৰ্তে দেশৰ মুঠ জনসংখ্যাৰ দুই-তৃতীয়াংশই দাৰিদ্ৰ্যৰ সৈতে সহাৱস্থান কৰিব লগা হৈছে৷ চৰকাৰে জনসাধাৰণৰ আৰ্থিক অসমতা দূৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত দেশৰ অধিকাংশ লোকে এমুঠি খাদ্যৰ বাবে হাহাকাৰ কৰিব লাগিব৷