Logo
image

কোলেষ্টেৰলৰ সমস্যা থাকিলে কণী খোৱা উচিতনে?

কণী খাবলৈ ভাল নোপোৱা লোক বিচাৰিলে হয়তো নোলাব৷ পুৱাৰ আহাৰৰ  তালিকাত কণী অপৰিহায্য৷ আনহাতে, দিবা আহাৰ বা নৈশ আহাৰটো মানুহে কণী খায়৷ বহুতে কণীৰ বগা অংশটোহে খাদ্যৰ তালিকাত ৰাখে৷ বিশেষকৈ কোলেষ্টেৰলৰ আশংকাৰ কাৰণে বহুতে বাদ দিয়ে কণীৰ কুহুম৷ বিশ্ব স্বাস্থ্য সংস্থাৰ নানা ৰিপ’ৰ্টত আৰু আমেৰিকান হাৰ্ট এছ’চিয়েশ্যনৰ গৱেষণা কিন্তু অন্য এক কথাহে কোৱা হৈছে৷ কণীৰ দুটা অংশ থাকে৷ বগা অংশত থাকে প্ৰ’টিন আৰু কুহুমত থাকে কোলেষ্টেৰল, ভিটামিন ‘বি’ আৰু ওমেগা থ্ৰি ফেটি এচিড৷  আনহাতে কোলেষ্টেৰলৰ কিছু প্ৰয়োজনীয় কামো নথকা নহয়৷ ই পিত্তত থকা এচিড তৈয়াৰত এক বিশেষ ভূমিকা পালন কৰে৷ ইয়াৰ উপৰিও ভিটামিন ‘ডি’ৰ যোগান ধৰে, হূদৰোগত মাত্ৰা কমোৱাৰ ক্ষেত্ৰতো সহায় কৰে কোলেষ্টেৰলে৷ শৰীৰত নানা যৌন হৰমণ ক্ষৰণৰ ক্ষেত্ৰত কোলেষ্টেৰলে বিশেষভাৱে সহায় কৰে৷ কোলেষ্টেৰল মানে শৰীৰৰ কাৰণে অপকাৰী এই ধাৰণা সলনি কৰিব লাগে বুলি বিশ্ব স্বাস্থ্য সংস্থাৰ নানা ৰিপ’ৰ্টত প্ৰকাশ৷ 

◾দিনে কেইটা কণী খোৱাটো নিৰাপদ  

দিনে কুহুমসহ দুটা কণী খাব পাৰে৷ কিন্তু কণীৰ সংখ্যাটো বেছি হ’লে বগা অংশটোহে খাব৷ কাৰণ কোলেষ্টেৰল আধিক্যও শৰীৰৰ কাৰণে উপকাৰী নহয়৷ সাধাৰণতে সিজোৱা কণী খোৱাটো স্বাস্থ্যৰ কাৰণে বেছি উপকাৰী৷ তেলত ভজা কণী বৰ্জন কৰাই ভাল৷ শৰীৰত কোলেষ্টেৰলৰ মাত্ৰা যদি অধিক হয় চিকিৎসকৰ পৰামৰ্শ লোৱাটোৱে উত্তম৷ 

◾কণীৰ কুহুমৰ পুষ্টিগুণ 

কণীৰ কুহুমত প্ৰথম শ্ৰেণীৰ প্ৰ’টিন থাকে৷ যদি কুহুম বাদ দি কণীৰ বগা অংশ খাই তেন্তে বিভিন্ন প্ৰকাৰৰ এমিন’ এচিডৰ পৰা বঞ্চিত হ’ব পাৰে৷ সাধাৰণতে এটা কণীত ৬ গ্ৰাম প্ৰ’টিন থাকে ৷ কণীৰ কুহুম বাদ দিলে প্ৰ’টিনৰ পৰিমাণ হয়গৈ ৩ গ্ৰাম৷ প্ৰ’টিনৰ উপৰিও কণীত জিংক, চেলেনিয়াম, ভিটামিন এ, বি, ই, ডি আৰু কে থাকে৷ কণীৰ পৰিপুষ্টি গুণ পুৰামাত্ৰাই থাকে কুহুমত৷ ভিটামিন ডিৰ আটাইতকৈ উৎকৃষ্ট উৎস হ’ল কণীৰ কুহুম৷