Logo
image

অবুজ ৰজা বিবুজ মন্ত্ৰী

‘অবুজ ৰজা বিবুজ মন্ত্ৰী’ এই আপ্তবাক্যশাৰী অতীজৰে পৰা চলি আহিছে৷ জনাই এই সাধু জানে৷ সাধুটো নজনায়ো জ্ঞান-বিবেচনাশূন্য শাসকৰ ক্ষেত্ৰত এই আপ্তবাক্য ব্যৱহাৰ কৰি আহিছে৷ অসম চৰকাৰেও শেহতীয়াকৈ লোৱা কিছুমান সিদ্ধান্তৰ ক্ষেত্ৰত আমি এই আপ্তবাক্যকেই ব্যৱহাৰ কৰিব পাৰোঁ৷

যুক্তৰাষ্ট্ৰীয় ভাৰত গঢ়ি উঠিছিল ভাষাৰ ভিত্তিত ৰাজ্যসমূহ গঢ়ি তোলাৰ মাজেৰে৷ সেয়ে উত্তৰ প্ৰদেশ-বিহাৰত হিন্দী, গুজৰাটত গুজৰাটী, বংগত বাংলা, অসমত অসমীয়া ভাষা প্ৰচলিত হৈ অহাই নহয় সেই সেই ৰাজ্যই নিজৰ নিজৰ মাতৃভাষাটো নিজৰ সন্তানৰ দৰেই লালন-পালন কৰি আহিছে৷ আন ৰাজ্যৰ কথা বাদ দিলেও অসমত অসমীয়া ভাষাক ৰাজ্যভাষা হিচাপে যথোপযুক্ত সন্মান দিবৰ বাবে ভাষা আন্দোলন, মাধ্যম আন্দোলন নামৰ দুটাকৈ আন্দোলন সংঘটিত হৈ আহিছে৷ ইয়াৰ পাছত হোৱা অসম আন্দোলনৰ প্ৰধান উদ্দীপনাটো আছিল অসমীয়া জাতীয়তাবাদৰ অমীমাংসিত প্ৰশ্নসমূহৰ এক স্থায়ী সমাধান আৰু অসমীয়া জাতিটোৰ সামগ্ৰিক উৎকৰ্ষ সাধন কৰা৷ বাহিৰৰ পৰা অহা যিকোনো আক্ৰমণেই যাতে জাতিটো, জাতিটোৰ ভাষা-সাহিত্য, কৃষ্টি-সংস্কৃতি, ঐতিহ্য-পৰম্পৰাক ব্যাঘাত জন্মাব নোৱাৰে তাৰ বাবে সাংবিধানিক ৰক্ষাকৱচেৰে চিৰজীৱনৰ বাবে নিজকে ৰক্ষা কৰা৷ কিন্তু আজি যেন জাতিটোৰ বৰঘৰতেই আক্ৰমণ চলিছে৷

ড॰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে সিদ্ধান্ত লৈছে, অসমৰ বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ পৰাই বিজ্ঞান আৰু গণিত বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াব৷ বিদ্যালয় পৰ্যায়ত মূল বিষয় হিচাপে পঢ়োৱা হয় অসমীয়া, ইংৰাজী, বিজ্ঞান, গণিত আৰু সমাজ বিজ্ঞান বিষয়কেইটা৷ এতিয়াৰ পৰা মাত্ৰ অসমীয়া ভাষাটো বাদ দি মাত্ৰ সমাজ বিজ্ঞান বিষয়টোহে মাতৃভাষাত পঢ়িবলৈ পাব ছাত্ৰ-ছাত্ৰীয়ে৷ চৰকাৰৰ এই সিদ্ধান্তই অসমৰ শিক্ষাক্ষেত্ৰখনৰ পৰা চিৰদিনৰ বাবে অসমীয়া ভাষাটো নিৰ্বাসিত কৰিব৷ কিয় ল’ব লগা হ’ল এনে সিদ্ধান্ত? এই সিদ্ধান্তই শিক্ষাদান প্ৰক্ৰিয়াত কেনেকৈ সহায় কৰিব? ভাৰত চৰকাৰে বিগত বৰ্ষত প্ৰকাশ কৰা বহনক্ষম উন্নয়নৰ তালিকাত অসমৰ শিক্ষাই তালিকাৰ শেষৰ পৰা পাঁচ নম্বৰত স্থান পাইছে৷ য’ত কেৰালাৰ দৰে ৰাজ্যই ৮০ নম্বৰ পাই শ্ৰেষ্ঠ হৈছে, তাত অসমে লাভ কৰিছে মাত্ৰ ৪৩ নম্বৰ৷ তেনে অৱস্থাত এতিয়া প্ৰাথমিক স্তৰৰ পৰা যদি ইংৰাজী মাধ্যম কৰা হয়, তেতিয়া হ’লে শিক্ষাৰ মান উন্নত হ’বনে? এই প্ৰাথমিক প্ৰশ্নটো বাদ দি যদি কেৱল অসমীয়া জাতীয়তাবাদ ধবংস কৰাৰ স্বাৰ্থতে বিজেপি চৰকাৰখনে অসমবিৰোধী সিদ্ধান্ত গ্ৰহণ কৰে, তেতিয়া হ’লে ইতিহাসৰ বুকুত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন এখন অসমৰ ভাষা-সংস্কৃতিবিৰোধী চৰকাৰ হিচাপেই কালৰ বুকুত স্থান যে লাভ কৰিব সি নিশ্চিত৷ অসমৰ শিক্ষাৰ মান উন্নত কৰিবলৈ চৰকাৰে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়ন কৰা, শিক্ষকক যোগ্যৰূপে গঢ়ি তুলিবলৈ বাস্তৱ কাৰ্যসূচী লোৱা, শিক্ষক আৰু ছাত্ৰৰ অনুপাত হ্ৰাস কৰা আদি কামত চকু দিব লাগিছিল৷ কিন্তু তাকে নকৰি বিদেশী ভাষা এটা জাপি দিয়াৰ যি চক্ৰান্ত কৰিছে, তাত যে চৰকাৰৰ কিবা অভিসন্ধি আছে তাক মানুহে সন্দেহ কৰিবলৈ লৈছে৷ চৰকাৰে ক’ব বিচৰা কথাটো হ’ল বিজ্ঞান আৰু গণিত বিষয় দুটা ইংৰাজীত অধ্যয়ন কৰিলে ছাত্ৰ-ছাত্ৰীৰ ব্যুৎপত্তি বাঢ়িব, ছাত্ৰ-ছাত্ৰীয়ে উচ্ছ শিক্ষা লোৱাত সুবিধা হ’ব৷ কিন্তু এতিয়াও ৰাজ্যখনত ইংৰাজী মাধ্যমত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম নহয়৷ সেই সকলোৱেই চৰকাৰে আশা কৰাধৰণে ব্যুৎপত্তি লাভ কৰিবলৈ সক্ষম হৈছেনে বা সকলোৱেই বিজ্ঞান-গণিত বিষয়ত উচ্ছ শিক্ষা লৈছেনে? চৰকাৰৰ এই সিদ্ধান্তক ইতিমধ্যে অসমৰ গৰিষ্ঠসংখ্যক চিন্তাবিদ-বুদ্ধিজীৱীয়ে টোগলকী সিদ্ধান্ত, হঠকাৰী সিদ্ধান্ত বুলি বিৰোধিতা কৰিছে৷ অসমৰ জাতীয় সংগঠনসমূহেও নিজৰ অসন্তুষ্টি ব্যক্ত কৰিছে৷ কিন্তু চৰকাৰ নাচোৰবান্দা! কেৱল ইমানেই নহয় চৰকাৰে ঘোষণা কৰিছে যে সমাজ বিজ্ঞান বিষয়টো পাঠ্যক্ৰমৰ পৰা আঁতৰাই ভূগোল আৰু বুৰঞ্জী বিষয় দুটা অন্তৰ্ভুক্ত কৰিব৷ কিন্তু সমাজ বিজ্ঞান বিষয়টোতে এই দুটা বিষয় সামৰি ৰাজনীতি বিজ্ঞান আৰু অৰ্থবিজ্ঞানো পঢ়ুওৱা হয়, এইটো চৰকাৰৰ অজানা নহয়৷ কিন্তু তাৰ পাছতো কিয় সেই দুটা বিষয় বাদ দিব বিচাৰিছে, তাৰ ব্যাখ্যা নাই৷ 

অবুজ ৰজা বিবুজ মন্ত্ৰীৰ দৰেই চৰকাৰে তলত ইংৰাজী পঢ়াই ওপৰত অসমীয়াত চিকিৎসা শাস্ত্ৰ অধ্যয়নৰ দৰে সিদ্ধান্ত কৰিছে৷ তলতেই যদি অসমীয়া ভাষাটোক টেঁটু চেপি মাৰি পেলোৱা হয়, তেন্তে ওপৰত কোনে অসমীয়াক চিকিৎসক-অভিযন্তা পঢ়িবলৈ যাব! চৰকাৰে কাক সুধি, কাৰ লগত পৰামৰ্শ কৰি এইবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ যদি নাগপুৰীয়াৰ পৰামৰ্শ লৈছে, তেন্তে অসম ৰসাতলে যাব৷ আৰু যদি এজন উপদেষ্টাৰ পৰমাৰ্শ গ্ৰহণ কৰিছে, তেন্তেও অসমৰ শিক্ষা ধবংস হ’বলৈ বেছি দিন নালাগিব৷ 

চৰকাৰে শিক্ষাৰ ক্ষেত্ৰখন উন্নত কৰাৰ বাবে অসমৰ শৈক্ষিক জগতখনৰ ব্যক্তিসকলক লৈ সমিতি গঠন কৰক৷ জনমত গ্ৰহণ কৰক৷ তাৰ পাছত চৰকাৰী চিন্তা সঠিক নে ৰাইজৰ চিন্তা সঠিক তাক নিৰূপণ কৰি প্ৰয়োগৰ বাবে আগবাঢ়ক৷