Logo
image

ফেটি লিভাৰত আক্ৰান্ত হ’লে এনেধৰণৰ খাদ্য নাখাব

ফেটি লিভাৰজনিত সমস্যাত আজিকালি অসংখ্যজনে দুৰ্ভোগ ভোগে৷ ফেটি লিভাৰ হৈছে লিভাৰত অতিৰিক্ত মেদ জমা হোৱা৷ এই ফেটি লিভাৰত আক্ৰান্ত হ’লে কিছুদিনলৈকে কোনোধৰণৰ সমস্যাৰ সৃষ্টি নহয় আৰু কোনো উপসৰ্গইও দেখা নিদিয়ে৷ ক’ব নোৱাৰাকৈয়ে লিভাৰৰ আকাৰ বৃদ্ধি পায়৷ লাহে লাহে ফেটি লিভাৰত আক্ৰান্ত হ’লে পেটত সামান্য বিষ অনুভৱ হয়৷ গুৰুত্ব নিদিলে এই ফেটি লিভাৰৰ পৰা গৈ লিভাৰ ছিৰছিচ, কৰ্কট ৰোগ পৰ্যন্ত হোৱাৰ আশংকা থাকে৷ ফেটি লিভাৰৰ পৰা হাত সাৰিবলৈ এনেধৰণৰ খাদ্যাভাস ত্যাগ কৰক৷

[১] সাধাৰণতে গৰমৰ দিন কেইটাত ফেটি লিভাৰ হোৱাৰ আশংকা বৃদ্ধি পায়৷ কিয়নো এই সময়ছোৱাত বহুতেই কল্ড ড্ৰিংকছ খায়৷ কল্ড ড্ৰিংকছ শৰীৰৰ বাবে মাৰাত্মক হৈ পৰিব পাৰে৷ ইয়াৰ মাজত থকা কিছুমান উপাদানে লিভাৰত ফেট বৃদ্ধি কৰে৷ সেইবাবে ফেটি লিভাৰৰ আশংকাৰ পৰা মুক্ত হ’বলৈ পৰাপক্ষত কল্ড ড্ৰিংকছ খোৱাৰ পৰা বিৰত থাকিব লাগে৷

[২] চেনিৰ উপৰি ময়দাৰে তৈয়াৰী খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে৷

[৩] ফাষ্টফুড বা অতিৰিক্ত তেলযুক্ত খাদ্য খোৱাৰ পৰা বিৰত থাকক৷ ফাষ্টফুড বা অতিৰিক্ত তেলযুক্ত খাদ্য খালে লিভাৰৰ যথেষ্ট ক্ষতি হয়৷ 

[৪] ফেটি লিভাৰৰ সমস্যা থাকিলে সুৰাপানৰ পৰা বিৰত থাকক৷ সুৰাপানৰ ফলত ফেটি লিভাৰত আক্ৰান্ত হ’ব পাৰে৷

[৫] নিৰোগী স্বাস্থ্যৰ বাবে খাদ্যভাসৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে৷ তদুপৰি নিয়মীয়াকৈ প্ৰতিদিনে আধাঘণ্টা সময়ৰ বাবেও ব্যায়াম কৰিলে  শৰীৰত জমা হোৱা অতিৰিক্ত মেদ হ্ৰাস পায়৷ সেয়েহে নিয়মীয়াকৈ শৰীৰ চৰ্চা অথবা খোজ কঢ়াৰ অভ্যাস কৰিলে ফেটি লিভাৰজনিত সমস্যাৰ পৰা হাত সাৰিব পাৰি৷

[৬] ফেটি লিভাৰৰ সমস্যাক ভুগিলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী৷ সেইবাবে বছৰত কমেও এবাৰ স্বাস্থ্য পৰীক্ষা কৰিব লাগে৷