কোন দিশে ধাৱমান বিশ্বৰ সমাজ-অৰ্থনীতি?
ক’ভিডৰ প্ৰথম ঢৌৰ সময়ৰ পৰাই বিশ্বৰ প্ৰায়বোৰ দেশতে নিবনুৱাৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছিল৷ অধিকাংশ ৰাষ্ট্ৰৰে মেক্ৰ অৰ্থনীতিৰ পলিচিসমূহ সুনিয়ন্ত্ৰিত নোহোৱাৰ বাবে নিয়োগ আৰু সম্পদ উৎপাদন, উপযোজন আৰু বিতৰণ ব্যৱস্থাসমূহ বিঘ্নিত হৈছিল৷ নিয়োগ হ্ৰাস পোৱাৰ লগে লগে উপভোক্তাৰ চাহিদা কমিবলৈ আৰম্ভ হৈছিল যি সামগ্ৰিকভাৱে সংশ্লিষ্ট ৰাষ্ট্ৰৰ আৰ্থিক ব্যৱস্থাত প্ৰভাৱ বিস্তাৰ কৰিছিল৷ একপ্ৰকাৰ অৰ্থনৈতিক অৱনমনে বিশ্ব অৰ্থনীতিক বিপৰ্যস্ত কৰাৰ পাছত ক’ভিডৰ দ্বিতীয় ঢৌৱে এই পৰিস্থিতিক অধিক বেয়াৰ দিশে ধাৱমান কৰিলে৷ ক’ভিডক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত বিভিন্ন ৰাষ্ট্ৰৰ দ্বাৰা ভেকচিন উদ্ভাৱনে এক গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ লগতে মানৱ জীৱনৰ সুৰক্ষাৰ ক্ষেত্ৰত অৰিহণা আগবঢ়ালে যদিও বিশ্বৰ প্ৰায়বোৰ ৰাষ্ট্ৰই এতিয়াও অৰ্থনৈতিক দিশত মূৰ দাঙি উঠিব পৰা নাই৷ ক’ভিড অতিমাৰীয়ে মানৱ জীৱন, সমাজ আৰু অৰ্থনীতিক দিয়া জোকাৰণিৰ প্ৰভাৱ মাৰ নৌযাওতেই এতিয়া ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ, চীন-টাইৱানৰ সংঘাত আদিয়ে আন এক অৰ্থনৈতিক বিপণ্ণতাৰ পৰিৱেশৰ সূচনা কৰিলে৷ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ এক ৰাজনৈতিক সংঘাতৰ পৰিণতি বুলি সাধাৰণভাৱে ভবা যায় যদিও বিশ্বৰ অন্যতম সৰ্বাধিক তেল-গেছ উৎপাদনকাৰী ৰাছিয়াই এই যুদ্ধৰ পাছৰে পৰা ৰাছিয়াক সমৰ্থন নকৰা বহু ৰাষ্ট্ৰলৈ তেল-গেছ যোগান ব্যাহত কৰিছে– যি আন ৰাষ্ট্ৰসমূহৰ বাবে অসুবিধাৰ সৃষ্টি কৰিছে৷ ঠিক তেনেদৰে আমেৰিকাকে ধৰি বহু কেইখন ৰাষ্ট্ৰই ৰাছিয়ালৈ বহু সামগ্ৰীৰ ৰপ্তানি বন্ধ কৰিছে৷ উল্লেখ্য যুদ্ধই বিধবস্ত কৰা ইউক্ৰেইনৰ পৰা ভাৰতে কেইবাবিধ সামগ্ৰীৰ আমদানি কৰিছিল যদিও সেয়াও এতিয়া বন্ধ হৈ পৰিল৷ অৱশ্যে ৰাছিয়াৰ এক জটিল সন্ধিক্ষণত ভাৰতবৰ্ষই অতি কৌশলপূৰ্ণভাৱে সমৰ্থন আগবঢ়াই ৰাছিয়াৰ পৰা তেল-গেছ আৰু অন্যান্য সামগ্ৰীসমূহ আমদানি কৰি থাকিবলৈ সক্ষম হৈছে৷ কিন্তু বিভিন্ন ৰাষ্ট্ৰৰ মাজত থকা আমদানি-ৰপ্তানি সমূহ বন্ধ হৈ যোৱাৰ বাবে প্ৰতিখন ৰাষ্ট্ৰই বিপৰ্যয়ৰ সন্মুখীন হৈছে৷ শেহতীয়াকৈ টাইৱান-চীনৰ মাজত যুদ্ধৰ দামামা আৰম্ভ হোৱাৰ পাছত পৰিস্থিতি কি হ’ব সেয়া সকলোৰে বাবে অনুমেয়৷ উল্লেখ্য– বৰ্তমান যুদ্ধত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈ থকা ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক পৰিস্থিতি অতি বেয়াৰ ফালে ঢাল খাবলৈ আৰম্ভ কৰিছে৷ ক’ভিডে জোকাৰি যোৱা এই ৰাষ্ট্ৰসমূহত অভাৱনীয় হাৰত যুদ্ধৰ পাছত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে– আনকি অধ্যয়নৰত ছাত্ৰীয়ে জীৱন-জীৱিকাৰ তাড়নাত দেহ ব্যৱসায়ৰ দৰে কাৰ্যত লিপ্ত হ’বলৈ আৰম্ভ কৰিছে৷ চীনৰ কৱলত পৰি ধাৰত পোত যোৱা তথা দেশীয় অৰ্থনীতিক থৰক-বৰক কৰি পেলোৱাৰ পাছত শ্ৰীলংকাত সৃষ্টি হোৱা অভাৱনীয় পৰিস্থিতি আজিও মাৰ যোৱা নাই৷ এসময়ত এলটিটিইৰ দৰে মহাশক্তিমান সংগঠনৰ বিৰুদ্ধে যুঁজ দি সিংহলীসকলৰ নয়নৰ মণি হোৱা ৰাষ্ট্ৰপতিয়ে নিজৰ দেশ এৰি কোনোমতে প্ৰাণ লৈ পলাবলগীয়া হ’ল দেশখনৰ অৰ্থনীতিক থানবান কৰাৰ বাবে৷ কোৱা বাহুল্য, এনে পৰিস্থিতিৰ উদ্ভৱ নহ’লেও বিশ্বৰ বহু কেইখন ৰাষ্ট্ৰৰ অৰ্থনৈতিক ব্যৱস্থাটো এক প্ৰকাৰ মষিমূৰ হোৱাৰ বাবে অদূৰ ভৱিষ্যতে সেই ৰাষ্ট্ৰসমূহতো শ্ৰীলংকা সদৃশ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ ইংগিত বহন কৰিছে৷ বিশ্বৰ সৰ্বশক্তিমান অৰ্থনৈতিক-সামৰিক শক্তিৰূপে প্ৰতিষ্ঠা কৰাৰ যুঁজত লিপ্ত আমেৰিকা-চীনৰ সংঘাতে সমগ্ৰ বিশ্বৰ বাবে ভাবুকি কঢ়িয়াই আনিছে৷ টাইৱানৰ প্ৰতিষ্ঠান টিএছএমচিয়ে বিশ্বৰ প্ৰায় ৫৩ শতাংশ ‘চিপ’ নিৰ্মাণ কৰে, যি আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা তথা আন গুৰুত্বপূৰ্ণ কামৰ বাবে প্ৰয়োজনীয়৷ আমেৰিকাই ছেমি কণ্ডাক্টৰ নিৰ্মাণৰ ক্ষেত্ৰত চীনৰ অগ্ৰগতিক বাধা দিয়াৰ লগতে টাইৱানৰ পৰা সহজভাৱে ‘চিপ’ লাভ কৰাৰ উদ্দেশ্যে প্ৰচেষ্টা অব্যাহত ৰখাটোৱে চীনক ক্ষুব্ধ কৰি তুলিছে৷ চীনৰ সৈতে টাইৱানৰ আন কিছু সংঘাত থাকিলেও বৰ্তমান সময়ত চীন-টাইৱানৰ যুদ্ধৰ তৎকালীন কাৰণ হিচাপে ‘চিপ’ক লৈ হৈছে বুলি বিশ্লেষকসকলে প্ৰকাশ কৰিছে৷ তাৎপৰ্যৰ বিষয় আপাতঃদৃষ্টিত চীন সকলো দিশৰ পৰা সৰ্বশক্তিমান হৈছে বুলি ভবা হয় যদিও ক’ভিড অতিমাৰীয়ে ৰাষ্ট্ৰখনৰ বহুকেইখন বাণিজ্যিকভাৱে গুৰুত্বপূৰ্ণ স্থানত এতিয়া প্ৰভাৱ বিস্তাৰ কৰি থকাৰ বাবে ৰাষ্ট্ৰখনৰ মেনুফেকচাৰিং উদ্যোগসমূহৰ নেতিবাচক প্ৰভাৱ পেলাইছে৷ বজাৰ ব্যৱস্থা এটা চলি থাকিবলৈ হ’লে সম্পদৰ উৎপাদন, চলাচল অব্যাহত থাকিব লাগিব৷ সম্প্ৰতি বিশ্বৰ বহু দেশত মুদ্ৰাস্ফীতিৰ পৰিমাণ বৃদ্ধি পোৱাৰ বাবে জনসাধাৰণৰ ক্ৰয় ক্ষমতা হ্ৰাস পাইছে, বয়বস্তুৰ দাম আকাশলংঘী হৈছে৷ ৰাইজৰ ক্ৰয় ক্ষমতা হ্ৰাস পোৱালৈ লক্ষ্য ৰাখি নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহে সা-সামগ্ৰীৰ উৎপাদন হ্ৰাস কৰিছে, নিয়োগ সংকোচন কৰিছে৷ ভাৰতবৰ্ষত বিমুদ্ৰাকৰণৰ সময়তে অৰ্থনৈতিক স্থবিৰতা আৰম্ভ হৈছিল৷ পৰৱৰ্তী পৰ্যায়ত ক’ভিড অতিমাৰীয়ে পৰিস্থিতিৰ অধিক অৱনতি ঘটালে৷ দেশীয় অৰ্থনীতিয়ে এনে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়ত ৰাছিয়া-ইউক্ৰেইনক যুদ্ধ, চীন-টাইৱানৰ সংঘাতকে ধৰি আন বহু ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় কাৰকে পৰিস্থিতিক অধিক বেয়াৰ ফালে ঢাল খুৱাইছে৷ মুঠতে এনে পৰিস্থিতি অব্যাহত থাকিলে সমগ্ৰ বিশ্বতে দুৰ্যোগৰ সৃষ্টি কৰিব৷






