প্ৰসংগঃ সংসদত সাংবিধানিক শব্দৰ ব্যৱহাৰ নিষিদ্ধকৰণ
ভাৰতক বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলি কোৱা হয়, যাৰ বাবে ইয়াৰ নাগৰিকে গৌৰৱবোধো কৰা শুনা যায়৷ কিন্তু ক্ৰমাগতভাৱে দেশৰ চৰকাৰে কৌশল প্ৰয়োগেৰে নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ এটাৰ পাছত এটাকৈ কাঢ়ি নিব ধৰাৰ ৰাজনীতি কৰাটো অনস্বীকাৰ্য৷ সম্প্ৰতি দেশৰ সংসদত সাংসদসকলে ব্যৱহাৰ কৰিব নোৱৰা শব্দবিলাকৰ ভিতৰত এনে কেইটামান শব্দকো সংলগ্ন কৰা হৈছে যিবোৰ শব্দ সংবিধানতো লিপিবদ্ধ হৈ আছে৷ সাংসদসকল প্ৰথমে দেশৰ নাগৰিক৷ তাৰ পাছতহে সাংসদ৷ তেওঁলোকৰ মুখ বন্ধ কৰিবলৈ বিচৰাটো ঘোৰ অপমানজনকেই নহয়, দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ কাঠামো ভাগি পেলোৱাৰ নিচিনাই কাৰ্য বুলি পৰিগণিত হ’ব৷ প্ৰকাৰান্তৰে নাগৰিকৰ কণ্ঠ ৰোধ কৰাৰ পদক্ষেপ এনেবোৰ ব্যৱস্থা৷ এনেদৰেই দেশত পৰোক্ষ জৰুৰী অৱস্থা বলৱৎ কৰাৰ দৰে এটা পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ মোদী চৰকাৰে ‘কঁকালত টঙালি বন্ধা’ বুলি ভবাৰ থল আছে৷ ২০২৪ চনৰ সংসদীয় নিৰ্বাচন আহি পাওঁ পাওঁ হোৱা সময়ৰ মোদী চৰকাৰে লোৱা এনেবোৰ কাৰ্যকলাপ যে চৰকাৰখনৰ ভীতিগ্ৰস্ততাপ্ৰসূত, তাত সন্দেহ নাই৷ ৰাষ্ট্ৰত মৌলিক স্বাৰ্থৰ লগত সম্পৰ্ক নথকা কিছুমান অপ্ৰয়োজনীয় বিষয় সদনৰ মজিয়ালৈ ঠেলি দি তেনে উপৰুৱা বাক্-বিতণ্ডাৰ চক্ৰবেহুৰ ভিতৰতে সাংসদসকলক বন্দী কৰি ৰাখি মোদী চৰকাৰৰ সমস্ত ব্যৰ্থতা, চলাহীপূৰ্ণ মিথ্যা আশ্বাস আৰু আভুৱা-ভাঁৰা কাৰ্য-কলাপ ‘ঢাকনিৰে ঢাকি ৰখাৰ’ সস্তীয়া ৰাজনৈতিক পাশাখেলৰ খেলুৱৈৰ ভূমিকা লৈ আগন্তুক নিৰ্বাচনলৈ বাকী থকা সময়খিনি কটাব পৰাৰ পন্থা চৰকাৰে লোৱা বুলি ভাবিবৰ যুক্তি বিচাৰি পাইছে জনতাই৷ বিৰোধীলৈ এনে এটা ব্যৱস্থাৰ পৰিণতি হ’ব ‘কল বুলি বাকলি খোৱা’ৰ দৰেই৷ চৰকাৰী পক্ষ আৰু বিৰোধী পক্ষৰ সাৰশূন্য গণবিৰোধী পাশাখেলত পণবন্দী হৈ ৰ’ব দেশৰ জনতা যুগৰ পাছত যুগ ধৰি৷ সংসদত ব্যৱহাৰ কৰাত নিষেধাজ্ঞা জাৰি কৰা শব্দসমূহৰ ভিতৰত ‘দালাল’, ‘অহংকাৰ’, ‘লজ্জাজনক’, ‘নিৰ্যাতন’, ‘দুৰ্নীতিগ্ৰস্ত’, ‘ক্ৰিমিনেল’, ‘দুৰ্বৃত্ত’ আদিৰ দৰে দেশৰ সংবিধান তথা আইনত ব্যৱহৃত শব্দৰ ওপৰতো নিষেধাজ্ঞা জাৰি কৰি দেশৰ সংবিধান, আইন, বিধি-ব্যৱস্থাতো পৰোক্ষ বা প্ৰত্যক্ষ বাধা আৰোপৰ শংকাকে ঘনীভূত কৰা হৈছে৷ স্মৰ্তব্য যে মোদী চৰকাৰে ই ডি নামৰ সঞ্চালকালয় এটাৰ জৰিয়তে নিৰ্বাচিত কোনো কোনো বিৰোধী ৰাজনৈতিক নেতাৰ দুৰ্নীতিৰ বিৰুদ্ধে অনুসন্ধান চলাইছে৷ তেওঁলোক দুৰ্নীতিগ্ৰস্ত হয় নে নহয় সময়ত আইনী ব্যৱস্থাই ক’ব৷ সেই সম্পৰ্কত সংসদত কোনোবা সাংসদে প্ৰশ্ন উত্থাপন কৰিব লাগিলে সাংসদজনে দুৰ্নীতি শব্দটো ব্যৱহাৰ নকৰাকৈ কি শব্দৰে প্ৰকাশ কৰিব? মোদী চৰকাৰ তথা তেওঁৰ চৰকাৰৰ সকলো মন্ত্ৰী, সাংসদ, ৰাজ্যত থকা তেওঁৰ দলীয় নেতাৰে গঠিত ৰাজ্যিক চৰকাৰসমূহৰ সকলো মুখ্যমন্ত্ৰী, মন্ত্ৰী-বিধায়ক ধোঁৱাতুলসীৰ পাত অৰ্থাৎ দুৰ্নীতিমুক্ত বুলি ক’ব নোৱাৰে কোনোৱে৷ শাসনৰ গাদীত থকাসকলৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অহংকাৰ, লজ্জাজনক কাৰ্যকলাপ, অপৰাধী কাৰ্যৰ তদন্ত কৰাৰ সৎ সাহস কোনো তদন্তকাৰী সংস্থাৰ নাই, যিহেতু সেইবোৰৰ তদন্তকাৰীসকল চৰকাৰৰ দ্বাৰা নিযুক্ত কৰ্মচাৰী৷ মন্ত্ৰী ভগা যোৱাৰ পাছত আন কোনোবা দলৰ চৰকাৰৰ আঙুলিৰ নিৰ্দেশতহে তদন্তকাৰী সংস্থাই চৰকাৰক সন্তুষ্টিৰ পদক্ষেপ আগবঢ়াবলৈ বাধ্য হোৱাৰ কথাটো ৰাইজৰ জ্ঞাত৷ অৰ্থাৎ শাসনৰ ক্ষমতাত থকাৰ সময়ত ‘গংগাজলৰ দৰে পৱিত্ৰ’সকল গাদীচ্যুত হোৱাৰ পাছত হঠাতে হৈ পৰে দুৰ্নীতিগ্ৰস্ত, অযোগ্য, অহংকাৰী, ক্ৰিমিনেল, দুবৃৰ্ত্ত আদিৰ দৰে অপৰাধী৷ তেনে অভিযুক্তৰ কথাবোৰ সংসদত উপস্থাপন কৰিবলৈ সাংসদে কি শব্দ ব্যক্ত কৰিব? শূন্যৰ পৰা শব্দ আনি চৰকাৰে সাংসদসকলক প্ৰসাদৰ দৰে ভগাই দিব নেকি? সংসদত দুৰ্নীতি প্ৰতিৰোধ আইনৰ বিধান ভংগ কৰি অভিযুক্ত হোৱা সম্পৰ্কীয় বিষয় এটা উত্থাপনৰ বাবে ‘দুৰ্নীতি’ শব্দটো লুপ্ত কৰিব কেনেকৈ? সংবিধান, দেশৰ আইন, উচ্ছতম ন্যায়ালয়, উচ্ছ ন্যায়ালয়কে ধৰি দেশৰ আদালতৰ হুকুমৰ পৃষ্ঠাই পৃষ্ঠাই লিখিত এনে শব্দ সংসদত প্ৰয়োগৰ বাধা-নিষেধ আৰোপ কৰাৰ ঘটনা নিঃসন্দেহে ভাৰতীয় গণতন্ত্ৰ, সংবিধান, আইন আৰু আইনী ব্যৱস্থাৰ পৰিপন্থী বুলি গণ্য হ’ব৷ মোদী চৰকাৰৰ এনে অসাংবিধানিক কাৰ্যৰ অন্তৰালৰ উদ্দেশ্য নিশ্চয় তেওঁৰ চৰকাৰৰ আত্মৰক্ষাৰে অন্যতম৷ সাংসদসকলৰ, নাগৰিকৰ মৌলিক অধিকাৰত বাধা আৰোপেৰে প্ৰকাৰান্তৰে নাগৰিকৰ প্ৰতিনিধি সাংসদসকলৰ মুখ বন্ধ কৰাৰ ব্যৱস্থা পৰোক্ষভাৱে নাগৰিকৰ বাক্ স্বাধীনতা হৰণৰ অবাঞ্ছিত পদক্ষেপ৷ সাংসদে সংসদীয় মৰ্যাদা ৰক্ষা কৰি বক্তব্য ৰখাত ব্যৰ্থ হ’লে, বিহিত ব্যৱস্থা ল’ব পৰাৰ নিদান আছে৷ কিন্তু চৰকাৰৰ ভুল-ভ্ৰান্তি, কোনোবা মন্ত্ৰী, সাংসদে উত্থাপন কৰিব পৰা অপৰাধমূলক কাৰ্যকলাপৰ পৰা পলায়ন কৰিব খোজাৰ কাৰণতে সাংবিধানিক ‘শব্দ’ৰ ব্যৱহাৰ নিষিদ্ধ কৰাটো দেশৰ বাবে বিপজ্জনক সংকেত৷






