Logo
image

জলকীয়াৰ উপকাৰী গুণৰ বিষয়ে জানিলে আচৰিত হ’ব

জলকীয়া জ্বলা যদিও আমাৰ প্ৰতিটো সাজতে সাধাৰণতে জলকীয়া লাগেই৷ এনে বহু লোক আছে যাৰ জলকীয়া নহ’লে ভাতসাজ মুখলৈ নাযায়৷ জলকীয়া কেঁচা, শুকান দুই ধৰণে খাব পাৰি৷ জলকীয়াই হজম হোৱাত বিশেষ সহায় কৰে আৰু ওজন কমায়৷ আমাৰ থলুৱা জলকীয়াটোৰো উপকাৰী গুণৰ বিষয়ে জানিলে আপুনি আচৰিত হ’ব৷ আহকচোন জলকীয়াৰ কি কি গুণ আছে তাৰে বুজ লওঁ–

১] কেঁচা জলকীয়াত ভিটামিন চি, ভিটামিন কে, এণ্টি অক্সিডেণ্ট, এণ্টি বেক্টেৰিয়েল, হজম শক্তি আদি শৰীৰৰ কাৰণে উপকাৰী বহু উপাদান থাকে৷

২] কেঁচা জলকীয়াই ছাল সুস্থ আৰু সুন্দৰ কৰি তোলাত অতি উপকাৰী ভূমিকা পালন কৰে৷ ইয়াত থকা ভিটামিন চি’য়ে মূলতঃ ছাল স্বাস্থ্যকৰ আৰু উন্নত কৰি ৰাখে৷ 

৩] কেঁচা জলকীয়াৰ এণ্টিবেক্টেৰিয়েল উপাদানে ছালৰ বিভিন্ন ধৰণৰ সংক্ৰমণ ৰোধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ 

৪] কেঁচা জলকীয়াই হজম শক্তি বৃদ্ধি কৰে৷ ভিটামিন চি’ৰ অধিক থকাৰ বাবেই দৈনিক আহাৰৰ সৈতে কেঁচা জলকীয়া খালে আহাৰ হজম হয়৷ 

৫] কেঁচা জলকীয়াই ওজন হ্ৰাস কৰাত সহায় কৰে৷ দেহৰ অতিৰিক্ত মেদ হ্ৰাস কৰাত কেঁচা জলকীয়াই বিশেষ ভূমিকা পালন কৰে৷ তদুপৰি ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে৷ 

৬] কেঁচা জলকীয়াৰ পৰা এণ্ডৰফিন নামৰ উপাদান নিৰ্গত হয়৷ যি ব্যক্তিৰ মানসিক স্বাস্থ্য ভালে ৰখাত সহায় কৰে৷ আনহাতে কেঁচা বিভিন্ন বিষকো উপশম কৰে৷ 

৭] কেঁচা জলকীয়া এণ্টি-অক্সিডেণ্টেৰে পূৰ্ণ৷ সেয়হে ই প্ৰাকৃতিক ৰক্ষাস্বৰূপে কাম কৰি শৰীৰক ফ্ৰি-ৰেডিকেল হোৱাৰ পৰা ৰক্ষা কৰে৷ তদুপৰি কেঁচা জলকীয়া প্ৰষ্টেটৰ সমস্যাও দূৰ কৰি ৰখাত সহায়কাৰী৷ 

৮] কেঁচা জলকীয়া ভিটামিন কে’ৰে পৰিপূৰ্ণ৷ ই এষ্টিঅ’পেৰছিছৰ সম্ভাৱনা ৰোধ কৰাত সহায় কৰে৷ 

৯] বৰ্তমান অতি কম বয়সীয়া কিশোৰ-কিশোৰীৰ পৰা আদি কৰি প্ৰাপ্তবয়স্ক বয়সৰ প্ৰতি স্তৰৰ ব্যক্তি মধুমেহ ৰোগত আক্ৰান্ত হোৱা দেখা যায়৷ মধুমেহ ৰোগীয়েই প্ৰতিদিনে নিজৰ খাদ্য তালিকাত কেঁচা জলকীয়া ৰাখিলে শৰীৰৰ ছুগাৰৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে৷