কমনৱেল্থ গেমছত ভাৰতৰ প্ৰদৰ্শন
অষ্ট্ৰেলিয়াৰ গ’ল্ড কোষ্টত অনুষ্ঠিত ২০১৮ চনৰ কমনৱেল্থ গেমছত ২৬টা স্বৰ্ণ, ২০টা ৰূপ আৰু ২০টা ব্ৰঞ্জৰ পদকেৰে ভাৰত পদক তালিকাৰ তৃতীয় স্থানত আছিল৷ তাৰ বিপৰীতে বাৰ্মিংহামত সোমবাৰে সামৰণি পৰা ২০২২ বৰ্ষৰ গেমছত ২২টা স্বৰ্ণ, ১৬টা ৰূপ আৰু ২৩টা ব্ৰঞ্জৰ পদকেৰে দেশখন আছে চতুৰ্থ স্থানত৷ চাৰি বছৰ পূৰ্বে ভাৰতে যিমানসংখ্যক পদক লাভ কৰিছিল, তাৰ তুলনাত এইবাৰ পদকৰ সংখ্যা কম যদিও বাৰ্মিংহামত ভাৰতৰ প্ৰদৰ্শন যথেষ্ট উন্নতমানৰ বুলি গণ্য কৰা হৈছে৷ কিয়নো এইবাৰৰ কমনৱেল্থ গেমছত নাছিল শ্বুটিঙৰ দৰে ইভেণ্ট৷ গ’ল্ড কোষ্টত ভাৰতীয় শ্বুটাৰে পাইছিল মুঠতে ১৬টা পদক, য’ত আছিল সাতটা স্বৰ্ণ, চাৰিটা ৰূপ আৰু পাঁচটা ব্ৰঞ্জৰ পদক৷ শ্বুটিং নথকা সত্ত্বেও বাৰ্মিংহামত কেইটামান ইভেণ্টত ভাৰতৰ প্ৰদৰ্শন আছিল পূৰ্বৰ তুলনাত যথেষ্ট উন্নত৷ এইকেইটা ইভেণ্টৰ অন্যতম হৈছে এথলেটিক্ছ৷ এথলেটিক্ছত এইবাৰ ভাৰতে লাভ কৰিছে এটা স্বৰ্ণপদকৰ লগতে চাৰিটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদক৷ ভাৰতৰ বাহিৰত অনুষ্ঠিত কমনৱেল্থ গেমছৰ এথলেটিক্ছত এয়া আছিল ভাৰতৰ শ্ৰেষ্ঠ প্ৰদৰ্শন৷ গ’ল্ড কোষ্টত ভাৰতে এথলেটিক্ছত পাইছিল কেৱল তিনিটা পদক৷ নীৰজ চোপ্ৰাই জেভেলিনত স্বৰ্ণপদক লাভ কৰাৰ বিপৰীতে ডিছকাছ থ্ৰ’ত ৰূপ আৰু ব্ৰঞ্জ পাইছিল সীমা আণ্টিল আৰু নৱপ্ৰীত ধিলনে৷ বাৰ্মিংহামত মল্লযুঁজত আধিপত্য আছিল ভাৰতীয় মল্লযোদ্ধাৰ৷ এইবাৰৰ কমনৱেল্থ গেমছৰ মল্লযুঁজত ভাগ লৈছিল ১২জন ভাৰতীয় মল্লযোদ্ধাই, আৰু আটাইকেইজনে পাইছিল পদক, য’ত আছিল ছটা স্বৰ্ণপদক৷ মল্লযুঁজৰ পাছতে আছিল ভাৰোত্তোলন৷ ভাৰোত্তোলনত ভাগ লোৱা ১৫জনীয়া ভাৰতীয় দলে পাইছিল মুঠতে দহটা পদক, য’ত আছিল তিনিটা স্বৰ্ণপদক৷ গ’ল্ড কোষ্ট কমনৱেল্থ গেমছত ভাৰতীয় বক্সাৰে পাইছিল তিনিটাকৈ স্বৰ্ণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক৷ তাৰ বিপৰীতে বাৰ্মিংহামত ভাৰতে বক্সিঙত পাইছে সাতটা পদক, য’ত আছে তিনিটা স্বৰ্ণপদক৷ টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা লাভলীনা বৰগোহাঁইৰ লগতে অসমৰ আন এজন বক্সাৰ শিৱ থাপাৰ প্ৰদৰ্শন বাৰ্মিংহামত সন্তোষজনক নাছিল৷
বাৰ্মিংহামতে কমনৱেল্থ গেমছত ভাৰতৰ স্বৰ্ণপদকৰ সংখ্যা ২০০ অতিক্ৰম কৰে৷ কমনৱেল্থ গেমছত দুশ বা ততোধিক স্বৰ্ণপদক লাভ কৰা ভাৰত [২০৩] হৈছে চতুৰ্থখন দেশ৷ স্বৰ্ণপদক জয়ৰ ক্ষেত্ৰত ভাৰততকৈ আগত আছে অষ্ট্ৰেলিয়া [১০০৩], ইংলেণ্ড [৭৭৩] আৰু কানাডা [৫১০]৷ এটা কথা স্বীকাৰ্য যে কমনৱেল্থ গেমছত ভাল প্ৰদৰ্শন দেখুওৱা খেলুৱৈ এজন বিশ্ব ক্ৰীড়াৰ সৰ্ববৃহৎ সমাৰোহ অলিম্পিকত পদক অৰ্জনত সফল নহ’বও পাৰে৷ কিয়নো কমনৱেল্থ গেমছত ৭৫খন দেশে ভাগ লোৱাৰ বিপৰীতে অলিম্পিকত ভাগ লয় দুই শতাধিক খেলুৱৈয়ে৷ য’ত দেখা যায় বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈসকলক৷ কিন্তু তথাপি ক’ব পাৰি যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতীয় ক্ৰীড়াৰ মান যথেষ্ট উন্নত হৈছে৷ ২০২০ চনৰ টকিঅ’ অলিম্পিকেই তাৰ প্ৰমাণ৷ টকিঅ’ত ভাৰতে পাইছিল এটা স্বৰ্ণ, দুটা ৰূপ আৰু সাতটা ব্ৰঞ্জৰ পদক, যিটো হৈছে অলিম্পিকত ভাৰতৰ সৰ্বোত্তম প্ৰদৰ্শন৷ বহুতেই হয়তো প্ৰশ্ন কৰিব যে প্ৰায় এশ চল্লিছ কোটি জনসংখ্যাৰ দেশ এখনৰ অলিম্পিকত ইমান দুৰ্বল প্ৰদৰ্শন কিয়? এনে প্ৰশ্নৰ যুক্তিযুক্ততা নথকা নহয়৷ ইয়াৰ বাবে নিশ্চয় দেশখনৰ আসোঁৱাহপূৰ্ণ ক্ৰীড়ানীতিকেই জগৰীয়া কৰিব পাৰি৷ অৱশ্যে, শেহতীয়াভাৱে দেশখনৰ ক্ৰীড়াৰ ছবিখন সলনি হৈছে৷ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতীয় খেলুৱৈয়ে আগতকৈ ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে৷ মল্লযুঁজ, ভাৰোত্তোলন, বক্সিং, বেডমিণ্টন, হকী আদি ইভেণ্টত ভাৰতৰ প্ৰদৰ্শন যে পূৰ্বতকৈ বহুখিনি উন্নত হৈছে, সেই কথা স্বীকাৰ কৰিব লাগিব৷ কিন্তু অলিম্পিকত ভাৰতৰ পদকৰ সংখ্যা বৃদ্ধি কৰিবলৈ হ’লে চৰকাৰে ক্ৰীড়াক্ষেত্ৰত আৰু অধিক গুৰুত্ব দিব লাগিব৷ যিকেইটা ইভেণ্টত পদকৰ সম্ভাৱনা অধিক, সেই ইভেণ্টকেইটাৰ সৈতে জড়িত খেলুৱৈক সঠিক দিশত আগবঢ়াই নিব পাৰিলে সুফল নোপোৱাৰ কাৰণ নাই৷ ২০২৪ চনৰ অলিম্পিকলৈ এতিয়াও কিছু সময় আছে৷ এতিয়াৰ পৰা প্ৰণালীলব্ধভাৱে আগবাঢ়িব পাৰিলে পেৰিছত পদকৰ সংখ্যা টকিঅ’তকৈ বৃদ্ধি কৰিব পৰা যাব বুলি আশা কৰাৰ থল আছে৷






