Logo
image

দীৰ্ঘায়ু লাভ কৰিবলৈ জাপানৰ শতায়ু গৰকা চিকিৎসকৰ পৰামৰ্শ

দীৰ্ঘায়ু লাভ কৰিবলৈ জাপানৰ এগৰাকী চিকিৎসকে কেইবাটাও পৰামৰ্শ আগবঢ়াই থৈ গৈছে৷ দীৰ্ঘ জীৱন লাভ কৰাৰ ক্ষেত্ৰত ডাক্তৰ শিকেৱাকি হিনোহাৰা নামৰ এই চিকিৎসকজনক বিশেষজ্ঞ বুলি কোৱা হয়৷ তেওঁৰ পৰামৰ্শ অনুসৰিয়েই গড় আয়ুসৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে জাপানে শীৰ্ষস্থান লাভ কৰিছে৷ নিতৌ কেইটামান নিয়ম পালন কৰি  ১০৫ বয়সলৈকে জীয়াই থকা ডাক্তৰ হিনোহাৰাই ২০১৭ চনৰ ২৫ জুলাইত শেষ ¸নিশ্বাস ত্যাগ কৰে৷ দীৰ্ঘায়ু পাবলৈ চিকিৎসকজনে আগবঢ়াই থৈ যোৱা পৰামৰ্শ কেইটা উল্লেখ কৰা হ’ল–

[১] যিমান পৰা যায় কৰ্মজীৱনৰ পৰা পলমকৈ অৱসৰ লওক৷ ডাক্তৰ হিনোহাৰাই মৃত্যুৰ কেইসপ্তাহমান আগলৈকে কৰ্মজীৱনত সক্ৰিয় হৈ আছিল৷ তেওঁৰ মতে সাধাৰণতে চাকৰিজীৱীসকলে অৱসৰ গ্ৰহণৰ পাছতে দ্ৰুত বৃদ্ধাৱস্থালৈ অগ্ৰসৰ হয়৷ বিভিন্ন অসুখ-বিসুখে দেখা দিয়ে৷ কিন্তু এজন মানুহে যদি সদায় কাম কৰি থাকে তেন্তে তেওঁক বাদ্ধৰ্ক্যই সহজে গ্ৰাস কৰিব নোৱাৰে৷ 

[২] ওজনৰ ক্ষেত্ৰত সতৰ্ক হ’ব লাগিব৷ দিনে এবাৰহে খোৱা উচিত৷ নিশাৰ আহাৰত তেওঁ মাছ আৰু পাছলি খোৱাৰ পৰামৰ্শ দি থৈ গৈছে৷ মাংস খোৱা উচিত, কিন্তু সপ্তাহত দুবাৰহে৷ যিকোনো খাদ্য অলিভ অইলেৰে প্ৰস্তুত কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছে৷ দেহৰ ছাল-শিৰা আৰু ধমনী ভালে ৰখাৰ ক্ষেত্ৰত অলিভ অইল অত্যন্ত কাৰ্যকৰী৷

[৩] আনন্দেৰে সময় পাৰ কৰক৷ অত্যধিক নিয়ম-কানুনৰ হেঁচাত শৰীৰ ক্লান্ত হৈ পৰে৷ শৈশৱকালত খোৱা-বোৱা অনিয়ম হ’লেও শৰীৰ অসুস্থ নহয়৷ কিয়নো সেই কালছোৱাত মানসিক চাপ নাথাকে৷ সেয়ে শৰীৰটো ক্লান্ত নকৰিবলৈ তেওঁৰ পৰামৰ্শ৷

[৪] বস্তুগত চিন্তাতকৈ আধ্যাত্মিক চিন্তাই শৰীৰ ভালে ৰাখে৷ সেয়ে  সা-সম্পত্তিক লৈ বেছি আশা নকৰি যিখিনি নহ’লে নহয়, তাতেই সন্তুষ্টি লভিবলৈ পৰামৰ্শ আগবঢ়াইছে ডাঃ হিনোহাৰাই৷

[৫] লিফ্‌টৰ সলনি চিৰি বগোৱাৰ চেষ্টা কৰক৷ এনে অভ্যাসে দেহৰ পেশীসমূহক সুস্থ কৰি ৰাখে৷ শাৰীৰিক পৰিশ্ৰম কৰাটো অত্যন্ত জৰুৰী৷ তদুপৰি চিকিৎসকৰ পৰামৰ্শক অন্ধভাৱে বিশ্বাস নকৰিবলৈ তেওঁ পৰামৰ্শ আগবঢ়াইছে৷ ডাঃ হিনোহাৰাৰ মতে চিকিৎসকে জীৱন দান কৰিব নোৱাৰে৷ নিজকে সুস্থ ৰাখিবলৈ নিজেই সচেতন হ’ব লাগিব৷