Logo
image

এইবোৰ খাই লিভাৰ নষ্ট নকৰিব

লিভাৰৰ বাবে ক্ষতিকাৰক খাদ্য পৰিহাৰ কৰি চলিলে লিভাৰক ৰোগমুক্ত কৰি ৰাখিব পাৰি৷ আমি ক’ব নোৱাৰাকৈয়ে  লিভাৰৰ ক্ষতি কৰা বিভিন্ন খাদ্য গ্ৰহণ কৰি থাকো৷ যাৰ ফলত এসময়ত গৈ লিভাৰ বিকল পৰ্যন্ত হ’ব পাৰে৷ সেয়েহে লিভাৰ ভালে ৰাখিবৰ বাবে খাদ্য খোৱাৰ ওপৰত গুৰুত্ব দিব লাগে৷ লিভাৰৰ ক্ষতিকাৰক খাদ্য খোৱাৰ পৰা বিৰত থাকিলে লিভাৰ সুস্থ সবল হৈ থাকে৷ 

১৷ চেনিঃ অত্যধিক চেনি খালে কেৱল দাঁতৰে ক্ষতি নহয়৷ ই লিভাৰৰ বাবেও অত্যন্ত ক্ষতিকাৰক ৷ প্ৰচুৰ পৰিমাণে চেনি খালে সি লিভাৰৰ বাবে এলক’হলৰ দৰেই ক্ষতিকাৰক হৈ পৰিব পাৰে৷ চেনিত থকা এবিধ পদাৰ্থই লিভাৰৰ যথেষ্ট ক্ষতি কৰে৷ 

২৷গুচেনিযুক্ত পানীয়ঃ পেষ্টি, কেক এইধৰণৰ চেনি যুক্ত খাদ্য সেৱন কৰিলে লিভাৰৰ বাবে অত্যন্ত ক্ষতি কাৰক৷ সেয়েহে লিভাৰ নিৰোগী কৰি ৰখাৰ বাবে চেনিযুক্ত খাদ্য কমকৈ খোৱাৰ অভ্যাস কৰিব লাগে৷

৩৷গুহাৰ্বাল ছাপ্লিমেণ্টঃ বজাৰত অনেক ধৰণৰ হাৰ্বাল ছাপ্লিমেণ্ট পোৱা যায়৷ এইবোৰক নেশ্বাৰেল ছাপ্লিমেণ্ট বুলি চিহ্নিত কৰা হয় যদিও বহু ক্ষেত্ৰতেই কৃত্ৰিমভাৱে প্ৰস্তুত কৰা হয়৷ যাৰ বাবে এনেধৰণৰ ছাপ্লিমেণ্ট বেছিকৈ গ্ৰহণ কৰিলে লিভাৰৰ বাবে ক্ষতিকাৰক হৈ পৰে৷ সেয়েহে বজাৰত উপলব্ধ এনেধৰণৰ ছাপ্লিমেণ্ট খোৱাৰ ক্ষেত্ৰত সতৰ্ক হোৱা উচিত৷ ব্যৱহাৰ কৰিলেও চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে৷ 

৪৷গুছফ্‌ট ড্ৰিংছঃ বজাৰত সহজে উপলব্ধ বিভিন্ন ধৰণৰ ছফ্‌ট ড্ৰিংছ  স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷ প্ৰচুৰ পৰিমাণে এনে ড্ৰিংছ লোৱাৰ ফলত নন এলক’হলযুক্ত ফেটি লিভাৰৰ ৰোগ হোৱাৰ আশংকা বৃদ্ধি পায়৷ এনেধৰণৰ ফেটি লিভাৰে লিভাৰৰ ক্ষতি কৰে৷সেইবাবে কলড্ৰিংছ বা অন্যধৰণৰ ছফ্‌ট ড্ৰিংছ খোৱাৰ ক্ষেত্ৰত সতৰ্ক হ’ব লাগে৷