Logo
image

জনতাৰ দুৰ্দিন

২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী সভাবোৰত প্ৰচাৰ কৰিছিল যে কংগ্ৰেছে ষাঠি বছৰত কৰিব নোৱৰা  কাম বিজেপিয়ে মাত্ৰ ষাঠি মাহত কৰিব৷ দেশলৈ ‘অচ্ছে দিন’ৰ প্ৰতিশ্ৰুতিৰে দুৰ্নীতি নিৰ্মূল কৰাৰ উপৰি সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰিব আৰু বছৰি দুই কোটি লোকক নিযুক্তি নিব বুলি কৈছিল মোদীয়ে৷ কিন্তু এন ডি এ শাসন ক্ষমতালৈ অহাৰ পাছত সামগ্ৰীৰ দাম আকাশলংঘী হৈ পৰিল আৰু বছৰি দুই কোটি নিবনুৱাক নিযুক্তি দিয়াৰ পৰিৱৰ্তে ইতিমধ্যে কৰ্মৰত বহুতেই সংস্থাপনহীনহে হ’ল৷ ইফালে পুঁজিপতিৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ স্বাৰ্থত মোদী নেতৃত্বাধীন চৰকাৰে লাভজনক ব্যক্তিগত প্ৰতিষ্ঠান এটাৰ পাছত আনটো ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান গতাই পুঁজিপতিৰ স্বাৰ্থ সুৰক্ষিত কৰাত কোনো কাৰ্পণ্য নকৰিলে৷ ফলত মোদীৰ শাসন কালত ভাৰতত এমুঠিমান পুঁজিপতিৰ সম্পদ দ্ৰুত হাৰত বৃদ্ধি পালে আৰু সাধাৰণ জনতাৰ অৱস্থা পুতৌলগা হ’ল৷ ৰাজহুৱা ধন ব্যয় কৰি নিৰ্মাণ কৰা আন্তঃগাঁথনি ব্যৱহাৰ কৰি মোদীৰ আশিসপুষ্ট পুঁজিপতিয়ে নিজৰ ব্যৱসায়িক সাম্ৰাজ্যৰ বিস্তাৰ ঘটালে৷  শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা খণ্ডৰ শক্তি বিতৰণ প্ৰতিষ্ঠানসমূহক ব্যক্তিগত খণ্ডৰ হাতত গতোৱাৰ উদ্দেশ্যে সোমবাৰে নিম্ন সদনত বিদ্যুৎ সংশোধনী বিধেয়ক ২০২২ উত্থাপন কৰে৷ কেন্দ্ৰীয় চৰকাৰে শক্তি বিভাগৰ কৰ্মচাৰীসকলৰ লগত আলোচনা নকৰাকৈ বিদ্যুৎ সংশোধনী বিধেয়কখন নিম্ন সদনত উপস্থাপন কৰাত দেশৰ বিদ্যুৎ কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে৷ ইফালে, সদনতো বিৰোধী দলসমূহে এই সৰ্বনাশী বিধেয়কখনৰ প্ৰবল প্ৰতিবাদ কৰাত উক্ত বিধেয়কখন সংসদীয় স্থায়ী কমিটীলৈ প্ৰেৰণ কৰিবলৈ বাধ্য হয়৷ উল্লেখ্য, নিম্ন সদনত সংখ্যাৰ জোৰেৰে বিধেয়কখন গৃহীত কৰাই উচ্ছ সদনলৈ পঠাই উচ্ছ সদনতো হয়তো কূট-কৌশলেৰে গৃহীত কৰোৱাৰ চেষ্টা কৰিব চৰকাৰে৷ কিন্তু এই বিধেয়কখন গৃহীত হ’লে সৰ্বসাধাৰণ জনতাই ত্ৰাহি মধুসূদন সুঁৱৰিব লাগিব৷ সকলো সামগ্ৰীৰে আকাশলংঘী মূল্যবৃদ্ধিৰ সময়ত পুনৰ শক্তি বিভাগটো যদি ব্যক্তিগত খণ্ডৰ হাতলৈ যায়, তেতিয়া বিদ্যুৎ এক বিলাসী উপাদানত পৰিণত হ’ব৷ কিয়নো, নতুন বিধেয়কখন মতে, যদিহে ব্যক্তিগত কোম্পানীসমূহে শক্তি বিতৰণৰ দায়িত্ব লাভ কৰে, তেন্তে তেওঁলোকে বছৰত চাৰিবাৰপৰ্যন্ত বিদ্যুৎ নিৰিখ নতুনকৈ নিৰ্ধাৰণ কৰিব পাৰিব৷ চৰকাৰে ইয়াত কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব৷ ফলত প্ৰতি ইউনিট বিদ্যুতৰ বাবদ জনতাই অধিক ধন ভৰিব লাগিব৷ আনহাতে, সংশোধনী বিধেয়ক অনুসৰি ব্যক্তিগত প্ৰতিষ্ঠানসমূহে লাভজনকৰূপে চিহ্নিত চহৰ অঞ্চলসমূহতহে বিদ্যুৎ যোগান ধৰিব; তেওঁলোকে গাঁও অঞ্চলত বিদ্যুৎ যোগান নধৰে৷ গাঁও অঞ্চলত বিদ্যুৎ যোগান ধৰিব লাগিব ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানে৷ কিয়নো গাঁও অঞ্চলত  চহৰৰ তুলনাত জনসংখ্যা সীমিত৷ ইফালে, শক্তি খণ্ডক ব্যক্তিগত প্ৰতিষ্ঠানৰ হাতত গতাই দিলে বিদ্যুৎ বিভাগত কৰ্মৰত অধিকাংশ লোকেই কাম হেৰুৱাব৷ ফলত দেশত কৰ্মহীন লোকৰ সংখ্যা আৰু বৃদ্ধি পাব৷ সম্প্ৰতি, দেশত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমীৰ তথ্য অনুসৰি, দেশত সম্প্ৰতি নিবনুৱাৰ হাৰ জ্ঝ.৬৬ শতাংশলৈ বৃদ্ধি পাইছে৷ কেন্দ্ৰীয়  চৰকাৰে যদি এটাৰ পাছত আনটো ৰাজহুৱা লাভজনক খণ্ড ব্যক্তিগত প্ৰতিষ্ঠানক গতাই দিয়ে, তেন্তে দেশৰ জনতাৰ দুবেলা দুমুঠি যোগাৰ কৰাই টান হৈ পৰিব৷ তদুপৰি ব্যক্তিগত খণ্ডই নিজৰ ইচ্ছামতে বিদ্যুৎ নিৰিখ বৃদ্ধি কৰিলে তাৰ প্ৰভাৱ আন সামগ্ৰীতো পৰিব৷ ফলত সকলো সামগ্ৰীৰে দাম অকল্পনীয় ৰূপত বৃদ্ধি হ’ব৷ চৰকাৰে জনসাধাৰণক উপাৰ্জনৰ পথ দিয়াৰ ব্যৱস্থাহে কৰিব লাগে, তাৰ বিপৰীতে জনতাৰ মূৰত কৰ-কাটলৰ বোজা জাপি দিলে আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ ব্যক্তিগত খণ্ডত গতালে ক্ষুব্ধ, বুভুক্ষু জনতা হয়তো শ্ৰীলংকাৰ লোকৰ দৰে বিদ্ৰোহী হৈ উঠিব৷