স্বাধীনতাৰ ৭৫ বছৰত অমৃত মহোৎসৱ
২০১৪ চনত ভাৰতৰ ৰাজনীতিত নৰেন্দ্ৰ মোদীৰ প্ৰৱেশৰ লগে লগে এনে এটা ধাৰণাৰ জন্ম হৈছিল যেন স্বাধীনতাৰ পাছত এজন শক্তিশালী নেতা ভাৰতৰ জনসাধাৰণে লাভ কৰিছে আৰু এইজনেই ভাৰতৰ সকলো দুৰ্ভাগ্যৰ কাৰকক প্ৰতিহত কৰি জনসাধাৰণৰ মৌলিক সমস্যাবোৰ নোহোৱা কৰিব আৰু দেশৰ জনতাক প্ৰকৃত স্বাধীনতাৰ সোৱাদ দিব৷ নেতাজনে ঘোষণাও কৰিছিল, স্বাধীনতাৰ ৭৫ বছৰ হোৱাৰ মুহূৰ্তত যাতে এজনো ব্যক্তি ঘৰ নোহোৱাকৈ থাকিব নালাগে, এজনো ব্যক্তি লঘোনত মৃত্যু হ’ব নালাগে, এজনো ব্যক্তি যাতে বিকাশৰ মূলসুঁতিৰ পৰা আঁতৰি থাকিব নালাগে তাৰ বাবে তেওঁ কাম কৰিব৷ নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল, প্ৰতিঘৰ মানুহক স্বাৱলম্বী কৰিব আৰু তাৰ বাবেই প্ৰতিবছৰে ২ কোটি নিৱনুৱাক চাকৰি দিব৷ মূল্যবৃদ্ধিত জুৰুলা হোৱা দেশৰ জনতাক মোদীয়ে কৈছিল, ‘বহুত হুৱা মেহেংগায়িকী মাৰ, অগলি বাৰ মোদী চৰকাৰ’৷ কিন্তু আজি দেশত মূল্যবৃদ্ধিয়ে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে৷ মানুহে দুবেলা দুমুঠি খাবলৈ চিন্তা কৰিব লগা হৈছে৷ ডলাৰৰ তুলনাত দেশৰ মুদ্ৰাৰ মান দৈনিক হ্ৰাস পোৱাৰ ফলত মুদ্ৰাস্ফীতিয়ে গগন চুইছে৷ জনতাই ত্ৰাহি মধুসূদন সোঁৱৰিছে৷ এইজনেই প্ৰথম প্ৰধানমন্ত্ৰী হ’ব যিজনে দিয়া এটা প্ৰতিশ্ৰুতিও পূৰণ কৰিবতো পৰা নায়েই, বৰঞ্চ নতুন সমস্যাৰ মাজলৈ দেশৰ জনতাক ঠেলিহে দিছে৷ জনতাৰ ওপৰত নতুন নতুন কৰ আৰোপ কৰি চৰকাৰে কৰ সংগ্ৰহৰ নতুন অভিলেখ সৃষ্টি কৰিছে৷ যি জিএছটিক নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোঁতে গোলামিৰ নামান্তৰ বুলি বিৰোধিতা কৰিছিল, সেই জিএছটিকেই মোদীয়ে স্বাধীনতাৰ এক সফল প্ৰয়োগ বুলি প্ৰচাৰ চলাই নিশা ১২ বজাত সংসদৰ অধিৱেশন পাতি জয়ঢোল বজাই এতিয়া পিঠাগুড়ি-গুৰৰ দৰে সামগ্ৰীতো কৰ আৰোপ কৰিলে৷ এফালে পুঁজিপতিক বিগত সাত বছৰত ১১ লাখ কোটি টকাৰ ঋণ মাফ কৰিছে আৰু আনফালে কৃষক জনতাৰ ওপৰত নতুন নতুন কৰ জাপি দিয়াৰ বাবে আইন প্ৰস্তুত কৰিছে৷ উদাহৰণস্বৰূপে নতুন বিদ্যুৎ বিলে সাধাৰণ জনতাক বিদ্যুতৰ দৰে অত্যাৱশ্যকীয় সেৱাৰ পৰা বঞ্চিত কৰিব৷ আম্বানি-আদানি-মাদানিৰ স্বাৰ্থত দেশৰ ৰাজহুৱা খণ্ডৰ সকলো উদ্যোগ, কল-কাৰখানা বিক্ৰী কৰি দিয়া হৈছে৷ মোদী চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে কংগ্ৰেছে আইনৰ নামত জনতাৰ ওপৰত যি চৰকাৰী ৰঙাফিটাৰ মেৰপেঁচ বৃদ্ধি কৰিছিল, তাক হ্ৰাস কৰিব! কিন্তু বিগত সাত বছৰত এখনৰ পাছত আনখন জনবিৰোধী আইন প্ৰণয়ন কৰি মোদী চৰকাৰে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে৷
মোদীয়ে দিয়া আন এটা প্ৰতিশ্ৰুতি আছিল কৃষকৰ উপাৰ্জন দুগুণলৈ বৃদ্ধি কৰা৷ কিন্তু দুগুণলৈ বৃদ্ধি হোৱাটো দূৰৰ কথা, কৃষকে খেতিপথাৰৰ পৰা নিজকে আঁতৰাই আনি জীয়াই থকাৰ অধিকাৰ বিচাৰি বছৰজোৰা কঠোৰ সংগ্ৰাম কৰিব লগা হ’ল৷ তাৰ পাছতো ছলে-বলে কৃষকৰ মাটি পুঁজিপতিক দিবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাই৷
ইমান বিফলতাৰ মাজতে আজি দেশ উপস্থিত হৈছে স্বাধীনতাৰ ৭৫ বছৰত– যাক মোদী চৰকাৰে অমৃত মহোৎসৱ বুলি প্ৰচাৰ কৰি জাকজমকতাৰ সৃষ্টি কৰিছে৷ জনতাই স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো অকণমান খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে, স্বাস্থ্য-বিদ্যুতৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷ উপাৰ্জনৰ অধিক অংশই জনতাৰ পৰা নানা উপায়েৰে কাঢ়ি লৈ যোৱা হৈছে৷ সেই জনতাই কি উৎসাহত অমৃত মহোৎসৱত অংশগ্ৰহণ কৰিব?
ইয়াৰ মাজতে চৰকাৰে আন এটা কামো কৰিলে৷ চৰকাৰে গোপনে জাতীয় পতাকাৰ প্ৰস্তুত আৰু উত্তোলনৰ সকলো নীতিক সলনি কৰি ৰাষ্ট্ৰীয় পতাকাখনৰ মান-মৰ্যাদা বৃদ্ধি কৰিলেনে হ্ৰাস কৰিলে, এই লৈও বিতৰ্কৰ সৃষ্টি হৈছে৷ যি চৰকাৰে স্বদেশী অৰ্থনীতি গঢ়াৰ শপত লৈ ক্ষমতা দখল কৰিছিল, সেইখন চৰকাৰে খাদী উদ্যোগটোৰ বিকাশৰ বাবে কাম কৰি গ্ৰাম্য অৰ্থনীতিৰ ভেটি শক্তিশালী কৰিব পাৰিলেহেঁতেন৷ কিন্তু তাকে নকৰি বৃহৎ পুঁজিপতিৰ স্বাৰ্থ সিদ্ধি কৰিবলৈ ছিল্ক, ঊল, পলিয়েষ্টাৰৰ পতাকা বিক্ৰীৰ বাবে সাংবিধানিক নীতিকেই সলনি কৰি পেলোৱা হ’ল৷ মহাত্মা গান্ধীৰ সপোনৰ ভাৰত গঢ়াৰ বাবে যি চৰকাৰে কাম কৰিব লাগিছিল, সেই চৰকাৰে এতিয়া অমৃত মহোৎসৱ উদ্যাপনৰ নামত কোটি কোটি টকাৰ মুনাফা অৰ্জন কৰি নিজৰ অৰ্থনৈতিক ভেটি টনকিয়াল কৰিব৷ চৰকাৰে এই নীতিবোৰ সলনি কৰি সংবিধানৰ মূল কাঠামোটোৱেই যে ধবংস কৰিব, সি নিশ্চিত হৈ পৰিছে৷ কিন্তু সদায় দিন একেই নাযায়, প্ৰতাৰণা-প্ৰৱঞ্চনাৰে বিৰোধীক প্ৰতিহত কৰিবলৈ যিমানেই ইডি, চি বি আইক ব্যৱহাৰ নকৰক কিয় তাৰ মাজৰ পৰাই নীতীশ কুমাৰৰ দৰে ব্যক্তিয়ে নৰেন্দ্ৰ মোদীৰ জনবিৰোধী সিদ্ধান্তৰ বিৰোধিতা কৰিবলৈ ওলাই আহিব৷ নীতীশ কুমাৰে কোৱাৰ দৰেই ইমান জনবিৰোধী সিদ্ধান্ত লৈ ২০১৪ত বিজয়ী হোৱাসকল ২০২৪ত সফল হ’ব জানো?






