Logo
image

ঘনে ঘনে প্ৰস্ৰাব হয় যদি এই পাঁচবিধ ভুলতো নাখাব

আমাৰ অসম বিশেষঃ অনেক সময়ত দেখা যায় কিছুমান মানুহৰ ঘনে ঘনে প্ৰস্ৰাব লাগে৷ দীৰ্ঘ সময় গাড়ী-বাছ, ট্ৰেইনত যাতায়াত কৰাৰ সময়ত ঘনে ঘনে প্ৰস্ৰাব লাগিলে বৰ অসুবিধা হয়৷ পথৰ কাষত থকা সকলো শৌচাগাৰ পৰিষ্কাৰ নহয়৷ বিশেষজ্ঞৰ মতে দুৰ্বল মূত্ৰস্থলীৰ [ব্লাডাৰ] কাৰণে এই সমস্যাত ভোগে মানুহে৷ এই সমস্যাৰ পৰা মুক্তি পাবৰ কাৰণে প্ৰস্ৰাব পৰীক্ষা কৰাটো অতি জৰুৰী৷ অৱশ্যে কিছুমান বস্তু খালেও এই সমস্যাত ভুগিব পাৰে৷

[১] কফিঃ ব্লাডাৰ ইনফেকশ্বনৰ সমস্যা থাকিলে পুৱাতে উঠি কফি খোৱাৰ পৰা বিৰত থাকক৷ কফিত থকা কেফেইনে ব্লাডাৰৰ অস্বস্তি বৃদ্ধি কৰে৷

[২] এলকহলঃ নিয়মিত মদ্যপান কৰিলে বেছি প্ৰস্ৰাব হয়৷ ঘনে ঘনে প্ৰস্ৰাব কৰাৰ সমস্যা থাকিলে এলকহলৰ পৰা দূৰতে থাকক৷

[৩] ছদাঃ মূত্ৰস্থলীৰ ব্লাডাৰ ফুলি যোৱা, মূত্ৰনলীৰ সংক্ৰমণ হৈ থাকিলে ছদা খাৰ  নাখাব৷ কাৰ্বনেটেড বা ছাইট্ৰাছ ছদাৰ পৰা সম্পূৰ্ণ আঁতৰত থাকক৷

[৪] টেঙাজাতীয় ফলঃ শৰীৰৰ পক্ষে ফল খোৱাটো ভাল যদিও আপোনাৰ ব্লাডাৰৰ সমস্যাত থাকিলে টেঙাজাতীয় ফলৰ পৰা মূত্ৰনলীৰ সংক্ৰমণ বৃদ্ধি হ’ব পাৰে৷ সেয়ে কমলা, নেমু, আঙুৰ, বিলাহী, আপেল, আনাৰস নাখাব, যদি আপুনি ঘনে ঘনে প্ৰস্ৰাবৰ সমস্যাত ভুগি আছে৷

[৫] স্পাইছি খাদ্যঃ স্পাইছি জাতীয় খাদ্য খোৱাৰ পৰা বিৰত থাকক৷ জলা, মছলাযুক্ত আহাৰে ব্লাডাৰৰ অস্বস্তি বৃদ্ধি কৰে৷ মূত্ৰনলীত সংক্ৰমণ থাকিলে অধিক জলাযুক্ত চিকেনকাৰী, চিলি চিকেন খোৱাৰ পৰা বিৰত থাকক৷