Logo
image

কঁঠালৰ সাধাৰণ গুটিটোৰ অসাধাৰণ গুণ

সাধু সাধু সাধু, খাই কঁঠালৰ বাদু

সাধুৰ মাকে ল’ৰা পালে এপাচিমান গধুৰ৷.... 

সাধাৰণ কঁঠালটোক লৈ অসমীয়া জনসাহিত্যত বহু সাধু, ফঁকৰা-যোজনা আছে৷ কঁঠাল এবিধ গ্ৰীষ্মকালীন সুস্বাদু ফল৷ কঁঠাল খাবলৈ বহুতেই ভাল পায়৷ কিন্তু কঁঠালৰ লগতে কঁঠালৰ গুটিটো আমাৰ শৰীৰৰ কাৰণে বিশেষ উপকাৰী বুলি বহুতেই নাজানে৷ কঁঠালৰ গুটি সিজাই, পুৰি, তৰকাৰী বনাই নাইবা পিটিকা কৰি খাব পাৰি৷ পুষ্টিবিদসকলৰ মতে, কঁঠালৰ লগতে কঁঠালৰ গুটিও আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় পুষ্টি গুণেৰে ভৰা৷ সাধাৰণ গুটিটোতো আছে অসাধাৰণ গুণ৷ আহকচোন কঁঠালৰ গুটিৰ পুষ্টিগুণৰ বিষয়ে জানো৷

◾কঁঠালৰ গুটিত এণ্টি-অক্সিডেণ্ট, ভিটামিন, আইৰণ, মেংগানিজ, ফাইবাৰ, কেলছিয়াম আদি উপাদান থাকে৷ এণ্টি-অক্সিডেণ্ট, ভিটামিন আদি উপাদান থকাৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷ ফাইবাৰ থকাৰ বাবে পাচন শক্তি বঢ়ায়৷ কোষ্ঠকাঠিন্যতাৰ সমস্যা দূৰ কৰে৷ 

◾ভিটামিন-এ থকাৰ বাবে চকুৰ দৃষ্টি শক্তি বঢ়ায়৷ ভিটামিন-এ ৰ অভাৱত হোৱা কুকুৰীকণা ৰোগ প্ৰতিৰোধ কৰে৷ 

◾কঁঠাল গুটিত থকা কেলছিয়াম, মেংগানিজ আদি উপাদানে হাড়ৰ গঠন মজবুত কৰে৷ মাংস পেশী সবল কৰে৷ শৰীৰ চৰ্চাবিদ সকলৰ বাবে অতি উপকাৰী৷ 

◾কঁঠাল গুটিত থকা আইৰণে হিম’গ্লবিন বৃদ্ধি কৰি ৰক্তহীনতাৰ সমস্যা দূৰ কৰে৷ মহিলাসকলৰ বাবে অতি উপকাৰী৷ 

◾কঁঠাল গুটিত থকা মেংগানিজে তেজ গোট মৰা প্ৰতিৰোধ কৰে৷ 

◾কঁঠাল গুটি চুলিৰ বাবে উপকাৰী৷ ইয়াত থকা আইৰণে মূৰৰ ছালত ৰক্ত সঞ্চালন বৃদ্ধি কৰি চুলিৰ স্বাস্থ্য উন্নত কৰে৷ মানসিক অৱসাদ দূৰ কৰাত সহায় কৰে৷ 

◾শৰীৰৰ ছালৰ সমস্যা উন্নত কৰাত সহায় কৰে৷