Logo
image

এইবোৰ কাৰণত বৃদ্ধি হয় কলেষ্টেৰল হ’ব পাৰে মৃত্যুও

শৰীৰত যি পৰিমাণৰ কলেষ্টেৰলৰ প্ৰয়োজন সেয়া যকৃতে প্ৰস্তুত কৰে৷ কিন্তু বিভিন্ন কাৰণত তেজত কেতিয়াবা কলেষ্টেৰলৰ মাত্ৰা বাঢ়ে৷ তেতিয়া শৰীৰটোত বিভিন্ন সমস্যাই দেখা দিয়ে৷ উচ্ছ মাত্ৰাৰ কলেষ্টেৰল স্বাস্থ্যৰ বাবে অতি বিপজ্জনক৷ আমেৰিকান হাৰ্ট এছ’চিয়েছনৰ মতে কলেষ্টেৰল বৃদ্ধি পোৱাৰ কাৰণসমূহ হৈছে ভাৰসাম্যহীন খাদ্য খোৱা, শাৰীৰিক কাৰ্যকলাপৰ অভাৱ আৰু স্থূলতা৷ কলেষ্টেৰল বাঢ়িলে চিকিৎসকে খাদ্যাভাস পৰিৱৰ্তন, দৈনিক শাৰীৰিক পৰিশ্ৰম কৰাৰ পৰামৰ্শ আগবঢ়োৱাৰ লগতে দেহৰ ওজন ঠিকে ৰখাৰ ক্ষেত্ৰত সচেতন হ’বলৈ পৰামৰ্শ আগবঢ়ায়৷ তদুপৰি কলেষ্টেৰল বঢ়াৰ আন এটা কাৰণ হৈছে ধুমপানৰ অভ্যাস৷

অৱশ্যে আন কিছুমান কাৰণতো কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পাব পাৰে৷ তেনে কেইটামান কাৰণ হৈছে– 

[১] অতিৰিক্ত কফি খোৱাৰ অভ্যাসঃ কফিত কেফেইনৰ পৰিমাণ  অত্যধিক থাকে৷ যাৰ বাবে ৰক্তচাপ দ্ৰুতগতিত বাঢ়ে৷ একেদৰে কফিয়ে কলেষ্টেৰলৰ মাত্ৰা দ্ৰুত হাৰত বঢ়ায়৷ 

[২] মনস্তাত্বিক চাপঃ ষ্ট্ৰেছ আৰু কলেষ্টেৰলৰ মাত্ৰাৰ মাজত সম্পৰ্ক থাকে৷ মানসিক চাপ বাঢ়িলে কলেষ্টেৰলৰ মাত্ৰাও বৃদ্ধি পায়৷ সেয়ে মানসিক চাপমুক্ত হৈ থকাৰ চেষ্টা কৰক৷  

[৩] ধুমপানঃ চিগাৰেটত থকা নিকোটিন আৰু ধঁপাতে কলেষ্টেৰল বঢ়ায়৷

[৪] দৰৱঃ কিছুমান দৰৱ আছে যিবোৰ খালেও কলেষ্টেৰলৰ মাত্ৰা বাঢ়িব পাৰে৷ সেয়ে দেহত কলেষ্টেৰলৰ সমস্যা থাকিলে চিকিৎসকক নজনোৱাকৈ নাথাকিব৷ 

[৫] গৰ্ভাৱস্থাঃ গৰ্ভধাৰণ কৰি থকা সময়ত তেজত কলেষ্টৰেলৰ মাত্ৰা ৩০ৰ পৰা ৪০ শতাংশ বৃদ্ধি পায়৷ কিয়নো কলেষ্টেৰল ভ্ৰূণৰ বৃদ্ধি আৰু বিকাশৰ বাবে খুবেই গুৰুত্বপূৰ্ণ৷ গৰ্ভধাৰণ কৰি থকা অৱস্থাত কলেষ্টেৰল বাঢ়িলে ইয়াক হাইপাৰকলেষ্টেৰোলেমিয়া অথবা মাতৃকালীন  হাইপাৰকলেষ্টেৰোলেমিয়া বুলি কোৱা হয়৷ 

[৬] ওজন হ্ৰাসঃ হঠাৎ কলেষ্টেৰল মাত্ৰা বৃদ্ধি পোৱাৰ আন এক অন্যতম কাৰণ হৈছে দ্ৰুতগতিত ওজন কমোৱা৷ সেয়ে অত্যধিক ওজনৰ সমস্যা থাকিলে তাক লাহে লাহে কমোৱাৰ চেষ্টা কৰক৷