Logo
image

সংকটত ভাৰতীয় ফুটবল

যিটো আশংকা কৰা হৈছিল, সেয়াই হ’ল৷ বিশ্ব ফুটবলৰ পৰিচালনা সংস্থা ফিফাৰ সংবিধান অমান্য কৰাৰ বাবে নিলম্বিত হ’বলগীয়া হ’ল সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্বন৷ ফিফাৰ নিয়ম অনুযায়ী সংবিধান সংশোধন আৰু নিৰ্বাচন অনুষ্ঠিত নকৰাৰ বাবে এই শাস্তিমূলক ব্যৱস্থা লোৱা হৈছে৷ ফিফাৰ ফালৰ পৰা স্পষ্টভাৱে কোৱা হৈছে যে  ফুটবল ফেডাৰেশ্বনৰ কাম-কাজত উচ্ছতম ন্যায়ালয়ৰ হস্তক্ষেপ কোনোপধ্যে সহ্য কৰা নহ’ব৷ সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্বনৰ কাম-কাজ বৰ্তমান চোৱা-চিতা কৰি আছে উচ্ছতম ন্যায়ালয়ে গঠন কৰি দিয়া তিনিজনীয়া প্ৰশাসনীয় কমিটীয়ে৷ যেতিয়াই ফিফাৰ নিৰ্দেশাৱলী অনুযায়ী নিৰ্বাচন অনুষ্ঠিত কৰি নতুন কমিটীক দায়িত্ব দিয়া হ’ব, তেতিয়াই সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্বনৰ বিৰুদ্ধে লোৱা শাস্তিমূলক ব্যৱস্থা উঠাই লোৱা হ’ব৷ উল্লেখ্য, ২৮ আগষ্টত সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্বনৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল আৰু ফেডাৰেশ্বনৰ সভাপতিৰ পদত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বনন্দ সোণোৱালে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা আছিল৷ আনহাতে, প্ৰশাসনীয় কমিটীয়ে ফুটবল ফেডাৰেশ্বনৰ সাধাৰণ পৰিষদত  থকা ৩৬খন ৰাজ্যিক সন্থাৰ প্ৰতিনিধিৰ লগতে  ৩৬জন প্ৰাক্তন ফুটবলাৰ থকাটো বিচাৰিছে৷ তেওঁলোকৰ ২৪জন পুৰুষ আৰু ১২গৰাকী মহিলা, যিসকলৰ কমেও এখন আন্তঃৰাষ্ট্ৰীয় খেলত ভাগ লোৱাৰ অভিজ্ঞতা থকাটো বাঞ্ছনীয়৷ প্ৰাক্তন ফুটবলাৰসকলৰ ভোটাধিকাৰ থাকিব৷  বাইচুং ভূটীয়া আৰু জো পল আনছাৰীৰ দৰে প্ৰাক্তন ফুটবলাৰে এই প্ৰস্তাৱক আদৰণি জনাইছিল৷ ফিফাই সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্বনক নিলম্বিত কৰাৰ পাছত এই সকলো অনিশ্চিত হৈ পৰিল৷ আন এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে অক্টোবৰত ভাৰতত ফিফা অনূধবৰ্ ১৭ বছৰৰ মহিলা বিশ্বকাপ অনুষ্ঠিত হোৱাৰ কথা আছিল৷ কিন্তু ফুটবল ফেডাৰেশ্বন নিলম্বনৰ সন্মুখীন হোৱাৰ পাছত ভাৰতে প্ৰতিযোগিতাখন আয়োজনৰ স্বত্ব হেৰুওৱাৰ সম্ভাৱনায়ো দেখা গৈছে৷ কেৱল সেয়াই নহয়, নিলম্বনৰ সময়ছোৱাত ভাৰতে কোনো আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাগ লোৱাৰ পৰা বঞ্চিত হ’বলগীয়া হ’ব৷ ফিফাৰ এই কঠোৰ স্থিতিত স্বাভাৱিকতে গভীৰ সংকটৰ সন্মুখীন হ’ব ভাৰতীয় ফুটবল৷ এই সংকটৰ পৰা উদ্ধাৰ পোৱাৰ বাবে উচ্ছতম ন্যায়ালয়ত দ্ৰুত শুনানিৰ বাবে আৱেদন জনাইছে উচ্ছতম ন্যায়ালয়ে৷ 

ফিফাৰ স্বীকৃতিপ্ৰাপ্ত দেশবোৰে বিশ্ব ফুটবলৰ সৰ্বোচ্ছ সংস্থাটোৰ সংবিধান অনুযায়ী নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে৷ কিন্তু ভাৰতৰ ক্ষেত্ৰত দেখা গৈছে যে ফিফাৰ সংবিধান অমান্য কৰি  নিৰ্বাচন সন্দৰ্ভত সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্বনৰ সংবিধানত বহুতো নতুন নিয়ম অন্তৰ্ভুক্ত কৰা হৈছে, যিটো হৈছে ফিফাৰ নিয়মৰ পৰিপন্থী৷ সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্বনৰ কাম-কাজৰ তদাৰক কৰাৰ বাবে গঠিত প্ৰশাসনীয় কমিটীক লৈ ফিফা অসন্তুষ্ট আছিল৷ সেয়েহে এতিয়া সেই কমিটীখন ভংগ কৰি দিয়াৰ সম্ভাৱনাও দেখা গৈছে৷ যদি সেয়াই হয়, তেন্তে নিৰ্বাচন নোহোৱাপৰ্যন্ত ফুটবল ফেডাৰেশ্বনৰ কাম-কাজ কোনে চোৱা-চিতা কৰিব, সেয়াও হ’ব এটা বিচাৰ্যৰ বিষয়৷ আনহাতে, ২৮ আগষ্টৰ নিৰ্বাচনৰ বাবে যিখন ভোটাৰ তালিকা প্ৰস্তুত কৰা হৈছে, তাক লৈও সন্তুষ্ট নহয় ফিফা৷ বিভিন্ন ৰাজ্যৰ সন্থাৰ লগতে সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্বনৰ অনুমোদিত সংস্থাৰ প্ৰতিনিধিয়ে ভোটদান প্ৰক্ৰিয়াত ভাগ লোৱাটো বিচাৰিছে ফিফাই আৰু এই বিষয়ে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰকো জনাইছিল৷ ৩৪গৰাকী প্ৰাক্তন ফুটবলাৰক ভোটাধিকাৰ দিয়াৰ বিষয়টোতো আপত্তি আছে ফিফাৰ৷ ভাৰতীয় ফুটবলক এই সংকটৰ পৰা মুক্ত কৰিবলৈ কি ব্যৱস্থা লোৱা হয়, তাপ ওপৰতে এতিয়া সকলোৰে দৃষ্টি থাকিব৷