Logo
image

আকৌ ‘কা’বিৰোধী আন্দোলন

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত নেছ’ৰ উদ্যোগত বুধবাৰৰ পৰা পুনৰ ‘কা’বিৰোধী আন্দোলন আৰম্ভ হৈছে৷ ২০১৯ চনৰ শেষৰফালে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক [কেব] সংসদত উপস্থাপন কৰাৰ পাছৰে পৰা অসমত খিলঞ্জীয়া লোকে বিধেয়কখনৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰে৷ বিধেয়কখন আইনত ৰূপায়িত হ’লে অসমত অসমীয়াৰ অস্তিত্ব বিপন্ন হ’ব বুলি জনসাধাৰণে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ কিন্তু এচাম দুষ্কৃতিকাৰীয়ে প্ৰতিবাদৰ নামত ৰাজহুৱা সম্পদ ধবংস কৰি আন্দোলনটোক বিপথে পৰিচালিত কৰাত চৰকাৰ-প্ৰশাসনে আন্দোলনকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ সান্ধ্যআইন জাৰি কৰাৰ উপৰি লাঠীচালনা, গুলীচালনা কৰিবলৈও বাধ্য হয়৷ সেই আন্দোলনৰ সময়ত প্তজন লোক আৰক্ষীৰ গুলীত নিহত হোৱাত জনসাধাৰণৰ একাংশই জিঘাংসু ৰূপ ধাৰণ কৰি ৰাজহুৱা সম্পদ ধবংস কৰে৷ সেই সময়তে ইণ্টাৰনেট সেৱা ব্যাহত কৰাত নেট নাগৰিক ভীষণ সমস্যাৰো সন্মুখীন হয়৷ আন্দোলনটো অন্য দিশে ঢাল খোৱাৰ প্ৰতি লক্ষ্য ৰাখি সদৌ অসম ছাত্ৰ সন্থাই আন্দোলনটোৰ নেতৃত্ব বহন কৰে৷ ৰাইজৰ স্বতঃস্ফূৰ্ত আন্দোলনটোক ছাত্ৰ সন্থাই নেতৃত্ব দিয়াৰ পাছৰে পৰা সুবিধাবাদী লোকৰ আন্দোলনটোত প্ৰৱেশ ঘটিল আৰু ক্ৰমে আন্দোলনটো এমুঠিমান লোকৰ স্বাৰ্থ আদায়ৰ ক্ষেত্ৰত পৰিণত হ’ল৷ অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰবল প্ৰতিবাদ হোৱাৰ পাছতো ইয়াক শাসকীয় দলে নিম্ন সদনত পাৰিত কৰি উচ্ছ সদনলৈ প্ৰেৰণ কৰে আৰু উচ্ছ সদনতো স্বাৰ্থান্বেষী দুমুখীয়া সাংসদৰ বাবে বিধেয়কখন গৃহীত হৈ আইনত পৰিণত হয়৷ সাধাৰণতে কোনো এখন আইন বাতিল কৰিবলৈ জনতাৰ প্ৰতিবাদৰ সমান্তৰালভাৱে আইনী যুঁজহে গুৰুত্বপূৰ্ণ৷ অৱশ্যে, কেন্দ্ৰীয় চৰকাৰে ২০২০ চনত ধবনিভোটত গৃহীত কৰা কৃষকবিৰোধী তিনিখন আইন কৃষকসকলৰ প্ৰবল প্ৰতিবাদৰ পাছত ২০২১ চনত বাতিল কৰিবলৈ বাধ্য হয়৷ কিন্তু কৃষকসকলে যিদৰে আন্দোলনটোক অহিংসভাৱে চলাই নিছিল, তেনেদৰে নাগৰিকত্ব সংশোধনী আইনখন বাতিলৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে সদৌ অসম ছাত্ৰ সন্থা আৰু উত্তৰ-পূব ছাত্ৰ সন্থাই বা দেশৰ আন সংগঠনসমূহেও৷ বিপৰীতে  অসমত এচামে নাগৰিকত্ব সংশোধনী আইনখনৰ যোগেদি নিজৰ ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত কৰাৰহে চেষ্টা কৰিলে৷ ‘কেব’ বা ‘কা’বিৰোধী আন্দোলন কৰি কোনোৱে সাংসদ হ’ল, কোনোজন বিধায়ক হ’ল, কোনোৱে আকৌ নিগম-নিকায়ৰ অধ্যক্ষ-উপাধ্যক্ষ হ’ল নতুবা চৰকাৰী অনুগ্ৰহ লাভ কৰি বিভিন্ন উপায়েৰে ধন ঘটাৰ পথ উলিয়ালে৷ ইফালে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন, বিধানসভা নিৰ্বাচন সকলোতে নাগৰিকত্ব সংশোধনী আইন ৰূপায়ণ কৰিম বুলি প্ৰচাৰ চলোৱা দলটোৱেই অভিলেখসংখ্যক ভোট লাভ কৰি শাসন ক্ষমতা হস্তগত কৰিলে৷ ‘কা’বিৰোধী আন্দোলনটোৰ নেতৃত্ব বহনকাৰী এচাম লোকৰ স্বাৰ্থপৰ মানসিকতাৰ বাবেই আন্দোলনটোৰ ইতি পৰিল৷ এতিয়া পুনৰ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে আন্দোলনৰ উকমুকনি দেখি বহুতেই ভাবিবলৈ বাধ্য হৈছে যে আন্দোলনটোৱেবা এইবাৰ কাক সুবিধা দিয়ে? সেয়ে ৰাজপথত আন্দোলন কৰাৰ বাবে ৰাইজক আৱেগিক কৰাতকৈ আইনী যুঁজখন সচেতনতাৰে আগবঢ়াই নিয়াটোহে অধিক প্ৰয়োজনীয়৷

নাগৰিকত্ব সংশোধনী আইন বাতিল হোৱাটো প্ৰতিজন নাগৰিকেই কামনা কৰে৷ কিয়নো অসম তথা ভাৰতত বৰ্তমান যিখিনি লোক আছে, সেইখিনি লোকৰে জীৱন-জীৱিকাৰ নানা সমস্যা৷ যদিহে ‘কা’ৰ নামত কেইবা কোটি চুবুৰীয়া ৰাষ্ট্ৰৰ লোকক সংস্থাপিত কৰিবলগীয়া হয়, তেন্তে সমস্যা আৰু গুৰুতৰ নহ’বনে? অসমক ভাল পোৱা, অসমীয়াৰ জাতি-মাটি-ভেটি আৰু ভাষাৰ অস্তিত্ব সুৰক্ষিত হৈ থকাটো বিচৰাসকলে এই জাতিধবংসী আইনখন বাতিল হোৱাটো বিচাৰে যদিও আন্দোলনৰ নামত বাৰে বাৰে জনতাৰ আৱেগক ব্যৱহাৰ কৰি এচামৰ স্বাৰ্থ সিদ্ধি কৰাৰ মানসিকতাকো ৰাইজে হয়তো আৰু গ্ৰহণ নকৰিব৷