Logo
image

নাচপতি খালেও পাব অনেক উপকাৰ

নাচপতি এক প্ৰিয় ফল৷ নাচপতিত আছে বিভিন্নধৰণৰ পুষ্টিকৰ উপাদান৷ ইয়াত আছে প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ আৰু ফাইবাৰ৷ তদুপৰি নাচপতিত কেলৰিৰ পৰিমাণ অতি কম থাকে৷ 

[১] পেটৰ বাবে অতি উপকাৰী ফল হ’ল নাচপতি৷ নাচপতিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ উপৰি ওজন হ্ৰাস কৰাত সহায় কৰে৷ কেন্সাৰৰ আশংকা হ্ৰাস কৰাৰ লগতে নাচপতি খালে হাওঁফাওঁ বিভিন্ন সংক্ৰমণৰ পৰা মুক্ত হৈ থাকে৷

[২] নাচপতিত থকা বিভিন্ন উপকাৰী উপাদানে তেজৰ বাবে ক্ষতিকাৰক কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে৷ কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাৰ ফলত হৃদৰোগৰ আশংকাৰ পৰা মুক্ত হ’ব পাৰি৷

[৩] কোষ্ঠ-কাঠিন্যত ভুগিলে নাচপতি খালে সুফল পাব পাৰি৷ নাচপতিত আছে প্ৰচুৰ পৰিমাণে ফাইবাৰ যি খাদ্য হজম কৰাত সহায় কৰে৷ কোষ্ঠকাঠিন্যতাত ভুগিলে খাদ্য তালিকাত নাচপতি নিয়মীয়াকৈ অন্তৰ্ভুক্ত কৰক৷

[৪] ডায়েবেটিছত আক্ৰান্ত ৰোগীৰ বাবে নাচপতি অতি উপকাৰী ফল৷ নাচপতি মিঠা ফল হোৱাৰ বাবে ডায়েবেটিছত আক্ৰান্ত ৰোগীয়ে খাবলৈ ভয় কৰে যদিও নাচপতি খালে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়৷ যিহেতু নাচপতিয়ে তেজত শৰ্কৰা বৃদ্ধি নকৰে৷ তাৰ বিপৰীতে শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাতহে সহায় কৰে৷

[৫] নাচপতিৰ লগতে বতৰৰ ফল নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰিলে নানা ধৰণৰ ৰোগৰ আশংকাৰ পৰা মুক্ত হৈ থাকিব পাৰি৷

[৬] নাচপতিৰ চৰবত হিচাপেও খাব পাৰি৷ বিশেষকৈ গৰমৰ দিনকেইটাত নাচপতিৰ ৰস খালে বিভিন্ন সংক্ৰমণৰ পৰা হাত সাৰি থাকিব পাৰি৷