শিক্ষা! দায়িত্ব কাৰ
দেশখনত শিক্ষাক লৈ তীব্ৰ বিতৰ্ক আৰম্ভ হৈছে৷ নব্য উদাৰ অৰ্থনীতিৰ ধাৰক-বাহকসকলে শিক্ষাক এক পণ্য সামগ্ৰীৰূপে গণ্য কৰি সমৰ্থৱানসকলৰ উপভোগ্য বস্তুলৈ ইয়াক ৰূপান্তৰিত কৰিছে আৰু যিসকলে শিক্ষা সকলোৰে অধিকাৰৰূপে জনগণৰ কল্যাণৰ কথা চিন্তা কৰিছে, সেইসকলে ইয়াক ৰাষ্ট্ৰৰ দায়িত্ব বুলি গণ্য কৰিছে৷ নব্য উদাৰ অৰ্থনীতিৰ প্ৰতিনিধিসকলে শিক্ষা সকলোৰে অধিকাৰ এই ধাৰণাক নস্যাৎ কৰিছে আৰু কেৱল অৰ্থনীতিৰ লগত যুক্ত কৰি ইয়াক চোৱাৰ বাবেই শিক্ষা অনুৎপাদন ক্ষেত্ৰ বুলি ইয়াত পুঁজি আৱণ্টন ইতিমধ্যে সংকোচন কৰিছে৷ সেয়ে এইসকলে শিক্ষা পুঁজিপতিৰ অৰ্থ আহৰণৰ এক উপাদানত পৰিণত কৰিছে৷ আনহাতে, যিসকলে শিক্ষাক অৰ্থনীতিৰ লগত যুক্ত নকৰি ইয়াক সমাজ-সংস্কৃতিৰ বিকাশৰ অংশৰূপে চাইছে, সেইসকলে এতিয়াও শিক্ষা ৰাষ্ট্ৰৰ দায়িত্বত থকাটো বিচাৰিছে৷ আজিৰ পৰা খ্ৰীষ্টপূৰ্ব ৩০০ বছৰৰ পূৰ্বেই দাৰ্শনিক এৰিষ্টটলে শিক্ষাৰ গুৰুত্ব উপলব্ধি কৰি জনগণক ৰাষ্ট্ৰৰ অনুকূলে শিক্ষিত কৰি তোলাটো ৰাষ্ট্ৰৰ দায়িত্ব বুলি কৈ গৈছে৷ ৰাষ্ট্ৰৰ বিকাশত শিক্ষাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ শিক্ষাই এজন ব্যক্তিক পূৰ্ণ মানুহ কৰি গঢ়ি তোলাত সহায় কৰে৷ ব্যক্তি এজনৰ অন্তৰত মানৱীয় প্ৰমূল্য যেনে সহনশীলতা, ন্যায়প্ৰিয়তা, সদ্ভাবনা, দয়া, কৰুণা, দেশপ্ৰেম আদি গুণৰ বিকাশ কৰে৷ শিক্ষাই এখন সমাজৰ ঐতিহ্য-পৰম্পৰাৰ প্ৰতি শ্ৰদ্ধাশীল কৰি তোলে; কিন্তু পৰিতাপৰ কথা যে ইংৰাজে ২০০ বছৰ শিক্ষা দিলে কেৱল কেৰাণী-মহৰী সৃষ্টিৰ লক্ষ্যৰে আৰু আজিৰ ভাৰতত শিক্ষা আৰম্ভ হৈছে পুঁজিপতিৰ মুনাফা লুটাৰ স্বাৰ্থত৷
নব্য উদাৰ অৰ্থনীতিৰ বাহক বিজেপিয়ে সেয়ে সমগ্ৰ দেশক শিক্ষা ব্যক্তিগতকৰণত উৎসাহিত কৰি ভাৰতত বিদেশী বহুজাতি কোম্পানীক শিক্ষানুষ্ঠান খুলিবলৈ অনুমতি প্ৰদান কৰিছে৷ কেৱল উচ্ছ শিক্ষাই নহয়, প্ৰাথমিক শিক্ষাকো বিজেপিয়ে ব্যক্তিগতকৰণৰ স্বাৰ্থতে এতিয়া ইংৰাজী মাধ্যমৰ বিদ্যালয় খুলি মাচুল নিৰ্ধাৰণ কৰিছে৷ অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে প্ৰাথমিক বিদ্যালয়ত ডেস্ক-বেঞ্চৰ যোগানৰ বাবেও অসম চৰকাৰৰ পুঁজি নাই বুলি অকপটে স্বীকাৰ কৰিছে৷ আৰু যিকেইদিন ৰাজহুৱা বা চৰকাৰী শিক্ষানুষ্ঠান টিকি থাকে, সেইকেইদিন প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ কান্ধত দায়িত্ব দি চৰকাৰে নিজৰ দায়িত্ব সামৰিব বিচাৰিছে৷ চৰকাৰে আচলতে জনগণক বিভ্ৰান্ত কৰিছে৷ এফালে চাহ বাগিচাত চৰকাৰে নিজৰ উদ্যোগত আদৰ্শ বিদ্যালয় প্ৰতিষ্ঠা কৰিছে, আনফালে শিক্ষা ব্যক্তিগতকৰণ কৰিছে৷ এফালে প্ৰাথমিক স্তৰতে ইংৰাজী মাধ্যমৰ পোষকতা কৰিছে আৰু আনফালে চিকিৎসাৰ দৰে উচ্ছ শিক্ষানুষ্ঠান অসমীয়া ভাষাত দিয়াৰ কথা কৈছে৷ আচলতে এখন চৰকাৰৰ যেতিয়া সঠিক নীতি নাথাকে, সকলো চিন্তা ভোটৰ অংকত কৰে, তেতিয়াই কথাৰ সামঞ্জস্য নাথাকে৷
এই সমগ্ৰ বিশৃংখলতাৰ মাজত এইখন দেশৰে এখন অৰ্ধক্ষমতাযুক্ত ৰাজ্যৰ এজন মুখ্যমন্ত্ৰীয়ে শিক্ষাব্যৱস্থাক সম্পূৰ্ণৰূপে এক শৃংখলিত ব্যৱস্থাৰ মাজলৈ আনি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দেখুৱাই দিছে কেনেদৰে চৰকাৰী পৃষ্ঠপোষকতাতে গুণগত শিক্ষা দিব পাৰি৷ কেজৰিৱালে প্ৰমাণ কৰি দিছে চৰকাৰে বিচাৰিলে কৰিব নোৱৰা কাম নাই৷ আজি দিল্লীৰ শিক্ষা সমগ্ৰ বিশ্বত সমাদৃত হৈছে৷ আমেৰিকাৰ দৰে পুঁজিবাদী দেশেও আজি কেজৰিৱালৰ শিক্ষাক বিশ্বমানৰ শিক্ষা বুলি স্বীকাৰ কৰিছে৷ দিল্লীৰ পাছত পাঞ্জাবত চৰকাৰী শিক্ষা সকলোৰে বাবে আৰু সম্পূৰ্ণ বিনামূলীয়া কৰাৰ বাবে আগবঢ়াৰ কথা ঘোষণা কৰিছে৷ গুজৰাটত চৰকাৰী শিক্ষা বিশ্বমানৰ কৰাৰ প্ৰতিশ্ৰুতি দিছে৷ কেজৰিৱালৰ শিক্ষা-স্বাস্থ্যৰ মডেলে ইতিমধ্যে দেশবাসীৰ ধ্যান আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ কিন্তু অসম চৰকাৰ নাচোৰবান্দা৷ তেওঁলোকে যেন কামবোৰ দেখিও নেদেখাৰ ভাও ধৰিছে, কথাবোৰ জানিও নজনাৰ ভাও ধৰিছে৷
কংগ্ৰেছ-বিজেপিৰ শিক্ষা-স্বাস্থ্যৰ মডেল একেটাই, যাৰ বাবে সমগ্ৰ দেশত এই দুয়োটা খণ্ড জহি-খহি যাবলৈ ধৰিছে৷ বিনামূলীয়া আৰু সাৰ্বজনীন শিক্ষা শিশুৰ সাংবিধানিক অধিকাৰ৷ এই কথা স্বীকাৰ কৰিয়েই চৰকাৰে ২০০২ চনতে সৰ্বশিক্ষা অভিযান আৰম্ভ কৰিছিল৷ কিন্তু আজি দুটা দশকৰ পাছত সেই মিছনে দেশৰ শিক্ষাৰ কিবা উন্নতি কৰিলেনে? সৰ্বশিক্ষা অভিয়ান চলাৰ পাছত কিমান শিশু শিক্ষিত হ’ল! এই অভিযানে চৰকাৰী শিক্ষাৰ গুণগত মান উন্নত কৰিলেনে? ইয়াৰ উত্তৰ চৰকাৰৰ হাতত আছেনে? আজি সমগ্ৰ ৰাজ্যৰ জনসাধাৰণে জানিব বিচাৰে চৰকাৰী পুঁজিৰ অপচয় কৰি যি গুণোৎসৱ চলাই আছে, সি কি কামত দিছে? নে অসমৰ ৰাইজে গাঁঠিৰ ধন ভাঙি গঢ়ি তোলা ৰাজহুৱা শিক্ষাব্যৱস্থা বন্ধৰ বাবেই কেৱল শিক্ষকৰ কান্ধত বন্দুকটো থৈ চৰকাৰে ফুটাব বিচাৰিছে৷
মুঠৰ ওপৰত ভাৰত হৈছে এখন কল্যাণকামী ৰাষ্ট্ৰ৷ সেয়ে ৰাষ্ট্ৰই জনসাধাৰণক প্ৰকৃত ৰূপত শিক্ষিত কৰি তুলিবলৈ দায়িত্ব ল’ব লাগিব৷ অসম চৰকাৰেও শেহতীয়াকৈ লোৱা সিদ্ধান্তবোৰ বাতিল কৰি পুনৰ পৰ্যালোচনা কৰক৷ শিক্ষাক মানৱ কল্যাণৰ এক অংগৰূপে স্বীকৃতি দি ইয়াক সম্পূৰ্ণৰূপে বিনামূলীয়া কৰক আৰু মাতৃভাষাত শিক্ষা দিয়াৰ বিজ্ঞানসন্মত প্ৰতিষ্ঠিত সত্যক স্বীকাৰ কৰক৷






