Logo
image

কুকুৰে কামুৰিলে প্ৰথমে কি সাৱধানতা ল’ব

যিকোনো সময়তে কুকুৰে কামুৰিব পাৰে৷ পথেৰে অহা যোৱা কৰোতে অসাৱধনবশতঃ কুকুৰে কামুৰিলে আপুনি কি কৰিব? হঠাৎ কুকুৰে কামুৰিলে বহু লোকে অবাক হৈ পৰে৷ তাৰোপৰি চিকিৎসক বা চিকিৎসালয় যদি দূৰৈত থাকে তেতিয়াহ’লেতো আতংক আৰু বেছি হয়৷ এনে পৰিস্থিতিতে কুকুৰে কামুৰিলে প্ৰথমে কি কৰিব লাগে সেয়া জনাটো অত্যন্ত জৰুৰী৷ উল্লেখ্য, কুকুৰে কামুৰিলে ‘ৰেবিছ’ নামৰ এবিধ বীজাণু শৰীৰত প্ৰৱেশ কৰে৷ ইয়াৰ ফলত জলাতংক ৰোগ হ’ব পাৰে৷  এটা পৰিসংখ্যাত প্ৰকাশ পাইছে যে প্ৰতিবছৰে বিশ্বত হাজাৰ হাজাৰ মানুহ জলাতংকত প্ৰাণ হেৰুৱায়৷ এনে পৰিস্থিতিত কুকুৰে কামোৰাৰ পাছতে লগে লগে সাৱধানতামূলক ব্যৱস্থা ল’ব লাগে যাতে জলাতংকত আক্ৰান্ত হ’বলৈ নাপায়৷ চিকিৎসকসকলৰ মতে, শৰীৰৰ যিডোখৰ স্থানত কুকুৰৰ দাঁত বহি যায় সেই অংশতো পৰিষ্কাৰ পানীৰে ভালকৈ ধুব লাগে৷ গৰম পানী ব্যৱহাৰ কৰিব পাৰিলে আৰু বেছি ভাল হয়৷ এনে কৰিলে কামোৰা অংশৰ পৰা যিকোনো ৰোগৰ বীজাণু ধবংস হয়৷ পাৰিলে সেই স্থানত অলপ এণ্টিচেপ্টিক জাতীয় দ্ৰব্য লগাব লাগে৷ তাৰ পাছত উক্ত অংশটোত বেণ্ডেজ কৰিব লাগে৷ ঘৰত যদি এণ্টিচেপ্টিক জাতীয় দ্ৰব্য নাথাকে তেতিয়া জালুকৰ গুড়ি কুকুৰে কামোৰা অংশত লগাব পাৰি৷ এনে কৰিলে কিছু কষ্ট পালেও বিষ সহজতে কমি যায়৷ তাৰোপৰি পিঁয়াজৰ ৰস, মৌ আৰু নিমখ মিহলাই এটা পেষ্ট বনাই ক্ষত স্থানত লগাই বেণ্ডেজ কৰি ৰাখিব লাগে৷ সৰিয়হৰ তেলো এইক্ষেত্ৰত বিশেষ উপকাৰী৷ ক্ষত স্থানত সৰিয়হৰ তেল লগালে জ্বৰা-পোৰা কৰিব পাৰে যদিও তাত আছে প্ৰচুৰ পৰিমাণৰ এণ্টি অক্সিডেণ্ট৷ ইয়ে ক্ষত স্থানৰ লগতে আশে-পাশে থকা ৰোগৰ বীজাণু দ্ৰুতগতিত ধবংস কৰে৷