Logo
image

অবোধ শিশুৰ আত্মনিৰ্ভৰ দেশপ্ৰেম– প্ৰধানমন্ত্ৰীৰ গৰ্ব

‘ভাৰতৰ আনকি ৫ বছৰ বয়সীয়া শিশুৱেও বিদেশী খেলনাৰে খেলিবলৈ অমান্তি হৈছে’– ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ পৰা দেশবাসীৰ উদ্দেশ্যে দিয়া ভাষণত এনেদৰে কৈছিল৷ প্ৰধানমন্ত্ৰীয়ে এই শিশুসকলক চ্যেলুট জনাইছিল৷ এই শিশুসকলে ‘আত্মনিৰ্ভৰ ভাৰত’ৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ বিদেশী খেলনা বৰ্জন কৰিছে৷ অমৃতকাল আৰম্ভ হোৱা ভাৰতত অবোধ শিশুও দেশপ্ৰেমেৰে উদ্বুদ্ধ হোৱাটো নিশ্চয় ভাল কথা হৈছে৷ কিন্তু প্ৰধানমন্ত্ৰীয়ে কোনবোৰ তথ্য বা সমীক্ষাৰ ওপৰত ভিত্তি কৰি ভাৰতীয় শিশুৰ দেশপ্ৰেমৰ এই চমৎকাৰ তথ্য দাঙি ধৰিলে তাক জনাৰ উপায় নাই৷ চাৰিওফালে লক্ষ্য কৰিলে দেখা যায়– ঘৰত, বাহিৰত, বজাৰত শিশুবোৰ মাক-দেউতাকৰ স্মাৰ্ট ফোনটো লৈ গেম খেলাত ব্যস্ত হৈ আছে৷ আজিৰ তাৰিখত শিশুৰ খেলাৰ আটাইতকৈ পছন্দৰ খেল হ’ল ভিডিঅ’ গেম৷ স্মাৰ্ট ফোনত শিশুৰ বাবে উপযোগী অলেখ ভিডিঅ’ গেম বিনামূল্যে ডাউনলোড কৰি ল’ব পাৰি৷ শিশু এটিক ব্যস্ত ৰখাৰ আটাইতকৈ সহজ উপায়টো হ’ল সিহঁতৰ হাতত ম’বাইল ফোনটো তুলি দি গেম খেলিবলৈ লগাই দিয়া৷ এই মুহূৰ্ততো ভাৰতৰ অলেখ শিশুৱে স্মাৰ্ট ফোনত ভিডিঅ’ গেম খেলি আছে৷ স্মাৰ্টফোন ভাৰতীয় সামগ্ৰী নহয়৷ বিদেশত নিৰ্মিত বিভিন্ন উপাদানেৰে ভাৰতত স্মাৰ্ট ফোন ‘এছেম্বল’ কৰা হয়, অৰ্থাৎ জোৰা লগোৱা হয়৷ ফোনটোত থকা প্ৰচেছৰৰ পৰা আৰম্ভ কৰি টাচ্ছ স্ক্ৰীনলৈ  অংশবোৰৰ বেছিভাগেই ভাৰতে নিৰ্মাণ কৰিব নোৱাৰে৷ স্মাৰ্ট ফোনটো ভাৰতৰ শিশুৱে আটাইতকৈ বেছিকৈ ব্যৱহাৰ কৰা বিদেশী খেলনা৷ কেতিয়াবা কোনোবা শিশুক স্মাৰ্ট ফোনটো বিদেশী বাবে সেইটোত গেম খেলিবলৈ অস্বীকাৰ কৰা দেখিছেনে? অসংসদীয় ভাষা ব্যৱহাৰ নকৰাকৈও নিশ্চিতকৈ ক’ব পাৰি যে ‘প্ৰধানমন্ত্ৰীৰ উক্তি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়৷’ 

প্ৰাপ্তবয়স্কসকলে বিদেশী খেলনা বহিষ্কাৰ কৰা-নকৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে একো মন্তব্য দিয়া নাই৷ ভাৰতীয় ধনী আৰু মধ্যবিত্ত প্ৰাপ্তবয়স্কৰ, বিশেষকৈ পুৰুষসকলৰ আটাইতকৈ প্ৰিয় খেলনা হ’ল গাড়ী৷ ভাৰতৰ গাড়ী নিৰ্মাতাসকলে গ্ৰাহকক সময় মতে গাড়ী দিব পৰা নাই৷ গ্ৰাহকে গাড়ীৰ বাবে দীঘলীয়া অপেক্ষা কৰিব লগা হৈছে৷ ইয়াৰ প্ৰধান কাৰণ হ’ল আজিকালি গাড়ীবোৰত ব্যৱহাৰ হোৱা ছেমিকণ্ডাক্টৰ-মাইক্ৰ’চিপছ বিদেশৰ পৰা পৰ্যাপ্ত পৰিমাণে অহা নাই৷ মাইক্ৰ’চিপছৰ বাবে ভাৰত টাইৱান, ছিংগাপুৰ আদিৰ ওপৰত নিৰ্ভৰশীল৷ আধুনিক কোনো ইলেক্ট্ৰ’নিক সামগ্ৰী এই মাইক্ৰ’চিপছ অবিহনে নিৰ্মাণ নহয়৷ ভাৰতে ছেমিকণ্ডাক্টৰ-মাইক্ৰ’চিপছ নিৰ্মাণ কৰিব নোৱাৰে৷ ছেমিকণ্ডাক্টৰ ব্যৱহাৰ হোৱা প্ৰতিটো ইলেক্ট্ৰ’নিক সামগ্ৰী বিদেশী উপাদানেৰে নিৰ্মিত৷ ভাৰতৰ প্ৰাপ্তবয়স্কসকলেও নিজৰ প্ৰিয় খেলনা গাড়ীখন বিদেশী হ’লে নিকিনো বুলি সংকল্প ল’লে তেওঁলোকো প্ৰধানমন্ত্ৰীৰ প্ৰশংসাৰ পাত্ৰ হ’ব নিশ্চয়, কিন্তু তেতিয়া ভাৰতৰ মটৰগাড়ী উদ্যোগৰ চিলিম ছিগিব৷

এনে অলেখ সামগ্ৰী আছে যিবোৰৰ অবিহনে আধুনিক জীৱন স্থবিৰ হৈ পৰিব, যিবোৰ ভাৰতে দেশীয়ভাৱে নিৰ্মাণ কৰিব নোৱাৰে৷ ভাৰতৰ সেনা বাহিনীয়ে ব্যৱহাৰ কৰা প্ৰতিৰক্ষা সামগ্ৰীৰ বুজনসংখ্যক বিদেশৰ পৰা আমদানি কৰা৷ ফ্ৰান্সৰ পৰা বায়ুসেনা বাহিনীৰ বাবে ৰাফাল যুঁজাৰু বিমান ক্ৰয় কৰি আনোতে কি এক দেশপ্ৰেমৰ ঢৌ বৈ গৈছিল মনত আছেনে? শিশুবোৰে যেনেদৰে স্মাৰ্ট ফোনত গেম খেলি আপ্লুত, মগ্ন হৈ থাকে, তেনেদৰে সৰ্বভাৰতীয় চেনেলবোৰে বহুদিন ধৰি ‘ৰাফাল ৰাফাল’ খেলি আপ্লুত-মগ্ন হৈ আছিল৷

খেলনাৰ কথা ইমানতে সামৰি জীৱন ৰক্ষাৰ বাবে অপৰিহাৰ্য ঔষধৰ কথা কোৱা হওক৷ ভাৰত এক বৃহৎ ঔষধ নিৰ্মাতা৷ কিন্তু ঔষধ নিৰ্মাণৰ বাবে দৰকাৰী ‘এক্টিভ ফাৰ্মাচিউটিকেল ইনগ্ৰেডিয়েণ্ট’, চমুকৈ এপিআই চীনৰ পৰা আমদানি কৰি আনিহে ভাৰতৰ ঔষধ নিৰ্মাতাই ঔষধ তৈয়াৰ কৰে৷ ২০২১ চনত ভাৰতৰ ঔষধ নিৰ্মাতাই ৭০ শতাংশ এপিআই চীনৰ পৰা আমদানি কৰিছিল৷ কিছুমান জীৱন ৰক্ষাকাৰী ঔষধৰ ৯০ শতাংশ এপিআই চীনৰ পৰা আহে৷

আজিৰ পৃথিৱীত আত্মনিৰ্ভৰশীলতাৰ ধাৰণা এটা উদ্ভট ধাৰণা৷ বিদেশী প্ৰযুক্তিৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল হৈ পৰা ভাৰতৰ দৰে উন্নয়নশীল দেশে তেনে প্ৰযুক্তি বৰ্জন কৰি এদিনো টিকি থাকিব নোৱাৰে৷ ভাৰতে সুদূৰ ভৱিষ্যতেও তেনে প্ৰযুক্তি নিজে উদ্ভাৱন কৰি ল’ব পৰাৰ কোনো সম্ভাৱনা নাই৷ বিদেশী প্ৰযুক্তি আৰু সেই প্ৰযুক্তিৰে নিৰ্মিত বিদেশী সামগ্ৰী অবিহনে দেশ অচল হৈ পৰিব৷ এয়াই ভাৰতৰ বাস্তৱ সত্য৷ আত্মনিৰ্ভৰ ভাৰত এটা আৱেগিক ৰাজনৈতিক শ্লোগান মাত্ৰ৷ পাঁচ বছৰীয়া শিশুৱে বিদেশী খেলনাৰে খেলিবলৈ সঁচাকৈ অস্বীকাৰ কৰিলেও ভাৰত বিদেশী প্ৰযুক্তি আৰু সেই প্ৰযুক্তিৰে বিদেশত নিৰ্মিত সামগ্ৰীৰ ওপৰত এতিয়াও নিৰ্ভৰশীল হৈ আছে৷ ভৱিষ্যতেও থাকিব৷

পৰস্পৰ নিৰ্ভৰশীল পৃথিৱী এখনত ‘বিদেশী প্ৰযুক্তি’, ‘বিদেশী সামগ্ৰী’ এই ধাৰণাবোৰেই অৰ্থহীন হৈ পৰিছে৷ আমাৰ বেছিভাগৰেই কম্পিউটাৰৰ অপাৰেটিং ছিষ্টেম ‘উইণ্ড’জ’ বিদেশী, আমাৰ বেছিভাগ স্মাৰ্টফোনৰ অপাৰেটিং ছিষ্টেম ‘এন্দ্ৰইড’ বিদেশী৷ এই দুটা বৰ্জন কৰক, নিমিষতে আমাৰ জীৱন অচল হৈ পৰিব৷ ‘আত্মনিৰ্ভৰ ভাৰত’ বাস্তৱ আৰু সত্যৰ পৰা বহু দূৰৈৰ এটা ৰাজনৈতিক শ্লোগান মাত্ৰ৷