Logo
image

নিজৰ দলতেই আউল লগাইছে দুই ‘ভাবী’ মন্ত্ৰীয়ে

আমাৰ অসম, ২০ আগষ্টঃ নিজৰ দলতেই যেন আউল লগাইছে দুই ‘ভাবী’ মন্ত্ৰীয়ে৷ দুয়োজনে বিজেপিৰ দুই মিত্ৰদলৰ বিধায়ক৷ ইয়াৰে এজন অগপৰ আৰু আনজন ইউ পি পি এলৰ৷ উল্লেখ্য, যে ৰাজ্যত দ্বিতীয়বাৰৰ কাৰণে বিজেপি দলে চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত অগপ দলৰ মিত্ৰ হিচাপে লয়৷ ইয়াৰ বিনিময়ত অগপক ৩টা মন্ত্ৰী পদ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল বিজেপি নেতৃত্বই৷ দলৰ কেন্দ্ৰীয় নেতৃত্বই অগপ নেতৃত্বক নিৰ্বাচনৰ পূৰ্বেই বিজেপি এই প্ৰতিশ্ৰুতি দিছিল৷ ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰত অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তক অন্তৰ্ভুক্ত কৰা হয় যদিও আজি পৰ্যন্ত অগপৰ তৃতীয়জন বিধায়কক মন্ত্ৰী পদ দিয়া নহ’ল৷ মন্ত্ৰীসভাৰ শেহতীয়া সম্প্ৰসাৰণৰ সময়তেই অগপৰ তৃতীয়টো মন্ত্ৰী পদক লৈ নানা জল্পনা-কল্পনাৰ সৃষ্টি হয়৷ কিন্তু অৱশেষত বঞ্চিত কৰা হয় অগপক৷ পূৰ্বৰ পৰম্পৰা অনুসৰি অগপৰ জ্যেষ্ঠ বিধায়ক ফণীভূষণ চৌধুৰী তৃতীয়টো মন্ত্ৰী পদৰ অন্যতম দাবীদাৰ৷ কিন্তু আজি পৰ্যন্ত পূৰণ নহ’ল ফণীভূষণ চৌধুৰীৰ মন্ত্ৰীসভাৰ সপোন৷ ইতিমধ্যে ১৫ মাহ অতিক্ৰম কৰিলে ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকাল৷ মন্ত্ৰিত্ব লাভৰ পৰা বঞ্চিত বিধায়ক চৌধুৰীয়ে শেহতীয়াভাৱে অসমত জাতীয়তাবাদৰ ভেটি পুনৰ শক্তিশালী কৰাৰ সপক্ষে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি আহিছে৷ অগপ বিধায়ক ফণীভূষণ চৌধুৰীৰ দৰে ইউ পি পি এলৰ বিধায়ক গোবিন্দ বসুমতাৰীও আৰম্ভণিৰে পৰা মন্ত্ৰিত্বৰ শক্তিশালী দাবীদাৰ হৈ আছে৷ মন্ত্ৰীপদ নোপোৱা পৰ্যন্ত তেওঁ বিটি আৰৰ উপমুখ্য কাৰ্যবাহী পদ ত্যাগ নকৰে বুলি ইতিমধ্যে স্পষ্ট ঘোষণা কৰিছে৷ সেই সূত্ৰে বৰ্তমান তেওঁ দুয়োটা পদতে কাৰ্যনিৰ্বাহ কৰি আছে৷ যাৰ ফলত তীব্ৰ অসন্তুষ্টিত আছে বিধায়ক গোবিন্দ বসুমতাৰী৷ কিছুদিন পূৰ্বে বি পি এফ আৰু বিজেপিৰ মাজত পুনৰ মিত্ৰতা হ’ব বুলি দৃঢ়তাৰে দাবী কৰিছিল পি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে বৈঠকো হোৱা বুলি দাবী কৰিছিল মহিলাৰীয়ে৷ আনকি বিধানসভাৰ মজিয়াত শাসকীয় দলক সমৰ্থন কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে বি পি এফ দলে৷ যাৰ ফলত ক্ৰমাৎ মোহভংগ হৈছে নেকি ইউপিপিএল আৰু বিজেপিৰ মাজত৷ বিটি আৰত কথা মতে পুঁজি মুকলি কৰি দিয়া হোৱা নাই নেকি?

আজি গোৰেশ্বৰৰ বাঘডোৱাত বিটিআৰৰ উপ মুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰীয়ে কমিউনিটি হ’ল এটি উদ্বোধন কৰি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তাৰে প্ৰমাণ দিলে৷ তেওঁ কয়– ৩/৪টা ৰাজনৈতিক দল যদি একগোট হৈ চৰকাৰ হয় তেতিয়া সমস্যাৰ সৃষ্টি হয়৷ কাম সোনকালে কৰিব নোৱাৰি৷ অসুবিধাৰ সৃষ্টি হয়৷ ‘বিজেপিয়ে কিছুমান কাম বাধা দিব বিচাৰে৷ সন্মতি দিব নিবিচাৰে৷’ ‘ইউ পি পি এল চৰকাৰৰ দুবছৰ হ’ল– একো নকৰিলে, একো নাপালো এনেকুৱা মনোভাৱ নাৰাখিব, আমি চকুত লগাকৈ কাম কৰিব পৰা নাই কাৰণ কাম কৰিবলৈ পুঁজি বহুত লাগে, পুঁজি কম হোৱা বাবে আমি কাম কৰিব পৰা নাই, কোনোবা বিভাগতটো এটাও কাম কৰিব পৰা নাই৷

অগপৰ সদৰত এলাগী ফণীভূষণ

প্ৰফুল্ল কুমাৰ মহন্তৰ পাছত অগপৰ সদৰত এলাগী হৈ পৰিল একেৰাহে ৭ বাৰৰ বিধায়ক, জ্যেষ্ঠ অগপ নেতা ফণীভূষণ চৌধুৰী৷ শুকুৰবাৰে আছিল বিজেপি মিত্ৰজোঁটৰ অংশীদাৰী দল অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক৷ নেতৃত্বৰ আহ্বানমৰ্মে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকলৈ আহিল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কাৰ্যনিৰ্বাহক সদস্যসকল৷ যথা সময়ত সভাপতি মন্ত্ৰী অতুল বৰাকে ধৰি সকলো নেতা-কৰ্মী নিজৰ নিজৰ আসনত উপবিষ্ট হ’ল৷ নিৰ্ধাৰিত সময় মতে কাৰ্যনিৰ্বাহক সভালৈ আহিল প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অগপ নেতা ফণীভূষণ চৌধুৰী৷ কিন্তু জ্যেষ্ঠ নেতাজনে সভাকক্ষত সোমায়ে দেখে যে তেওঁৰ বাবে নাই মঞ্চৰ আসন৷ আপেক্ষিকভাৱে বহু কনিষ্ঠ নেতায়ো মঞ্চত আসনত উপবিষ্ট হৈ থকা কাৰ্যনিৰ্বাহকৰ সভাত তেওঁৰ বাবে আসন নেদেখি লাজে অপমানে প্ৰস্থান কৰে সভাকক্ষৰ পৰা৷ বাহিৰত সাংবাদিক, দলীয় নেতা-কৰ্মীৰ সন্মুখত অস্বস্তিত পৰি অগপৰ প্ৰাক্তন কাৰ্যকৰী সভাপতিজনে  কিছুসময় দলৰ কাৰ্যকৰী সভাপতিৰ পক্ষত সোমাই কিছুসময়  পাৰ কৰি অগপৰ সদৰৰ পৰা প্ৰস্থান কৰে৷