ভোটদাতাৰ কল্যাণ নে জনতাক শোষণ
অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে লোৱা কেতবোৰ সিদ্ধান্তই অসমৰ খিলঞ্জীয়া লোকৰ স্বাৰ্থক আঘাত কৰাৰ উপৰি অসমীয়া ভাষা-সংস্কৃতিলৈও বিপদ কঢ়িয়াই আনিছে৷ এয়াই নেকি শৰাইঘাটৰ শেষ ৰণ৷ ড॰ শৰ্মা নেতৃত্বাধীন চৰকাৰে অসম লোকসেৱা আয়োগৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰা বাধ্যতামূলক অসমীয়া কাকতখন নোহোৱা কৰি অসমীয়া নজনা লোকক অসমত চাকৰি পোৱাৰ সুবিধা কৰি দিলে৷ ইয়াৰ পাছতে চৰকাৰখনে ৰাষ্ট্ৰীয় নতুন শিক্ষানীতিৰ পৰিপন্থী সিদ্ধান্ত গ্ৰহণ কৰি তৃতীয় শ্ৰেণীৰ পৰা উচ্ছ মাধ্যমিক পৰ্যায়লৈ ইংৰাজী মাধ্যমত অংক আৰু বিজ্ঞানৰ পাঠদানৰ সিদ্ধান্ত গ্ৰহণ কৰি মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহৰ প্ৰতি সংকট সৃষ্টি কৰিছে৷ চৰকাৰৰ এই সিদ্ধান্ত কাৰ্যকৰী হ’লে অসমত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আৰু বৃদ্ধি পাব৷ যি সময়ত অসমৰ চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষকৰ অভাৱ, আৰু বিষয় অনুপাতে শিক্ষকৰ অভাৱ, তেনে অৱস্থাত ছাত্ৰ-ছাত্ৰীসকলে মাতৃভাষা আৰু ইংৰাজী ভাষাত কিদৰে বিষয়সময় আয়ত্ত কৰে সেয়া লক্ষণীয় হ’ব৷ ইফালে চৰকাৰে আৰম্ভ কৰা আদৰ্শ বিদ্যালয়সমূহত মাহেকীয়া মাচুল আদায় লৈ শিক্ষা দিয়াৰ উপৰি চৰকাৰী উদ্যোগত ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰা কাৰ্যই চৰকাৰখনৰ মাতৃভাষাটোৰ প্ৰতি কিমান শ্ৰদ্ধা আছে তাক প্ৰতিফলিত কৰিছে৷ ইফালে ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নত কৰাত ব্যৰ্থ চৰকাৰখনে শিক্ষাৰ্থীৰ অভাৱত ইখনৰ পাছত সিখন চৰকাৰী বিদ্যালয় বন্ধ কৰি দিয়াৰ সিদ্ধান্তই অসমৰ চৰকাৰী শিক্ষা ব্যৱস্থাটোৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে৷ ইফালে ৰাজ্যখনৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বিদ্যাঞ্জলি -২ আঁচনিৰ অধীনত বিধায়কক শিক্ষানুষ্ঠানসমূহলৈ বিভিন্ন সা-সামগ্ৰী যোগান ধৰাৰ বাবেও অনুৰোধ কৰিছে৷ ইয়ে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা বিধবস্ত হোৱাৰ স্বৰূপ উদঙাই দিছে৷ ডাঃ পেগুৱে আনকি প্ৰাক্তন ছাত্ৰ আৰু বিভিন্ন লোকক চৰকাৰী শিক্ষানুষ্ঠানলৈ দান-বৰঙণি দিয়াৰ বাবে আহ্বান জনাইছে৷ ইফালে, ৰাজ্যত ধনৰ অভাৱ হোৱা নাই বুলি ড॰ হিমন্ত বিশ্ব শৰ্মাইও বিভিন্ন সময়ত দাবী কৰি আহিছে৷ অথচ সেইখন চৰকাৰৰে শিক্ষামন্ত্ৰীৰ পত্ৰই উদঙাই দিছে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাৰ প্ৰকৃত স্বৰূপ৷ যি সময়ত চৰকাৰে চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, সেই সময়ত চৰকাৰে হিতাধিকাৰীৰ সংখ্যা বঢ়োৱাতহে ব্যস্ত৷ ভোট বেংকৰ স্বাৰ্থত হিতাধিকাৰী সৃষ্টি কৰি ৰাজকোষৰ ধন অপচয় কৰা চৰকাৰখনৰ মুখ্যমন্ত্ৰীজনে আনকি এই বুলিও প্ৰকাশ কৰিছে যে তেওঁলোকে দল-সংগঠনৰ কথা মতে কাম নকৰে, চৰকাৰখনে তেওঁলোকক ভোট দিয়া লোকৰ স্বাৰ্থৰ অনুকূলেহে কাম কৰিব৷ ভোটাৰক টাৰ্গেট কৰিয়েই হয়তো অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা ২৬ লাখলৈ বৃদ্ধি কৰিব বুলি প্ৰকাশ কৰিছে৷ যিখন ৰাজ্যত দৰিদ্ৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি পায়, সেইখন ৰাজ্যৰ উন্নয়ন হোৱা বুলি ক’ব পাৰিনে? সকলো সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিৰ সময়ত জনসাধাৰণক প্ৰয়োজন কামৰ বিনিময়ত অৰ্থ উপাৰ্জনৰ সুযোগ দিয়া৷ কিন্তু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ভোটৰ স্বাৰ্থত হিতাধিকাৰীহে সৃষ্টি কৰি গৈছে৷ হিতাধিকাৰীৰ ৰাজনীতিয়ে কিছু সময়ৰ বাবে জনসাধাৰণৰ আস্থা অৰ্জন কৰিব পাৰিব যদিও দীৰ্ঘ সময়ৰ বাবে জনসাধাৰণক আশ্বস্ত কৰিব নোৱাৰিব৷ তেনে অৱস্থাত চৰকাৰে দৰিদ্ৰ জনতাৰ ভোট কিমান দিনলৈ লাভ কৰে সেয়া সময়েহে ক’ব৷ ইফালে ৰাজ্যৰ ৰাজভঁৰাল টনকিয়াল কৰিবলৈ প্ৰায় সকলো সামগ্ৰীতে কৰ আৰোপ কৰি জনসাধাৰণৰ জীৱন-ধাৰণ দুৰ্বিষহ কৰি তুলিছে৷ জনতাক শোষণ কৰি ৰাজভোগ কৰা জনপ্ৰতিনিধিসকলে ৰাইজৰ ক্ষোভৰ উমান লোৱা দৰকাৰ৷ অন্যথা ক্ষমতাৰ গাদীৰ পৰা আঁতৰিবলৈ সেইসকলক অধিক সময় নালাগিব৷ চৰকাৰে কেৱল পুঁজিপতিৰ স্বাৰ্থক সুৰক্ষিত নকৰি সৰ্বসাধাৰণৰ সাৰ্বিক কল্যাণৰ বাবে কাম কৰা উচিত৷






