Logo
image

৬টা বিতৰ্কিত স্থান লৈ অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ পুনৰ বৈঠক

আমাৰ অসম, ২২ আগষ্টঃ অসম আৰু মেঘালয়ৰ মাজত বাকী থকা সীমা সমস্যা সমাধানৰ বাবে দেওবাৰে গুৱাহাটীত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত এখন হাইভল্টেজ  গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়৷ জনতা ভৱনত অনুষ্ঠিত এই বৈঠকত ৰাজ্য দুখনৰ সীমান্তৰ বাকী থকা  ৬টা বিবদমান এলেকাৰ বিবাদ মীমাংসা সন্দৰ্ভত আলোচনা হয়৷ উল্লেখ্য যে অসম-মেঘালয়ৰ মাজত মুঠ বাৰটা বিবদমান অঞ্চলৰ ভিতৰত ইতিমধ্যে ছয়টা অঞ্চলৰ বিবাদ নিষ্পত্তি হৈছে৷ এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ২৯ মাৰ্চত নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছিল৷ সেই অনুসৰি বিবদমান তাৰাবাৰী, গিজাং, হাঁহিম, বক্লাপাৰা, খানাপাৰা-পিলিংকটা আৰু ৰাতাচেৰা অঞ্চলৰ সমস্যা সমাধান হৈছে৷ প্ৰথম পৰ্যায়ত এই ছয়টা অঞ্চলৰ সমস্যাৰ সমাধান সূত্ৰ ওলোৱাৰ পাছতে ৰাজ্য দুখনে এতিয়া বাকী থকা আন ছয়টা অঞ্চলৰ সমস্যা সমাধান কৰাৰ বাবে অগ্ৰসৰ হৈছে৷ দেওবাৰৰ বৈঠকত অসমৰ পক্ষৰ হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰা আৰু ৰাজ্য চৰকাৰৰ মুখপাত্ৰ তথা মন্ত্ৰী পীয়ুষ হাজৰিকাও উপস্থিত আছিল৷ অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰু মেঘালয়ৰ মুখ্য সচিব ডি পি ৱাহলাঙৰ লগতে দুয়োখন ৰাজ্যৰ শীৰ্ষ বিষয়াসকলো বৈঠকত উপস্থিত আছিল৷ বৈঠকৰ অন্তত অসম আৰু মেঘালয়ৰ দুয়ো মুখ্যমন্ত্ৰীয়ে এখন সংবাদ মেল সম্বোধন কৰে৷ সংবাদ মেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম-মেঘালয়ৰ বাকী থকা ৬টা বিবদমান এলেকাৰ বিবাদ মীমাংসা সন্দৰ্ভত আজি আলোচনা হয়৷ বাৰটা বিবাদমান অঞ্চলৰ ছয়টা সমস্যাৰ সমাধান কৰিবলৈ সক্ষম হৈছিলো৷ গৃহমন্ত্ৰীৰ উপস্থিতিত এই সমাধান সূত্ৰ ওলাইছিল৷ আজিৰ পৰা দ্বিতীয় পৰ্যায়ৰ কাম আৰম্ভ হৈছে৷ ছয়টা অঞ্চলৰ বাবে কাম চলি আছে৷ বুজাবুজিৰ মাজেৰে আগবাঢ়িছে দুয়োখন চৰকাৰ৷ মেঘালয়ৰ তিনিখন জিলাত আছে এই বিবাদমান অঞ্চলকেইটা৷ ৰিজ’নেল কমিটী পোন্ধৰ দিনৰ ভিতৰত গঠন হ’ব৷ এই কমিটীয়ে ভিজিট কৰি স্থানীয় লোকৰ সৈতে কথা পাতি সকলো চাই ৰিপ’ৰ্ট দিব৷ অসমৰ অন্তৰ্ভুক্ত কাৰ্বি আংলঙক লৈ কিছু সমস্যা আছে৷ সেয়েহে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদো থাকিব কমিটীত৷ দ্বিতীয় পৰ্যায়ৰ সমাধানৰ বাবে কিছু জটিলতা আছে৷ নিষ্পত্তি কেতিয়া হ’ব তাৰ ওপৰত গুৰুত্ব দিয়াতকৈ সমস্যাটোযে সমাধান হ’ব তাৰ ওপৰত গুৰুত্ব দিব লাগে৷ ইফালে সংবাদ মেলত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয় যে দুয়োখন চৰকাৰৰ প্ৰচেষ্টাত বৰ্ডাৰ সমস্যা নাইকীয়া কৰিবলৈ চেষ্টা কৰা হৈছে৷ এইটো এটা দীঘলীয়া প্ৰক্ৰিয়া আছিল৷ কিন্তু মাৰ্চত গৃহমন্ত্ৰীৰ উপস্থিতিত চুক্তি স্বাক্ষৰ হোৱাৰ পিছতো প্ৰক্ৰিয়াটো সহজ হৈ পৰিল৷ বিবাদমান অৱস্থাত থকা ছয়টা অঞ্চলৰ জৰীপ কৰা হ’ব৷ খান্দুৱালি, লাম্পি আদি ছয়টা অঞ্চলক লৈ পোন্ধৰ দিনৰ ভিতৰত গঠন কৰা হ’ব ৰিজনেল কমিটী৷ দুয়োখন চৰকাৰে মন্ত্ৰী আৰু বিষয়াক লৈ গঠন কৰা হ’ব ৰিজনেল কমিটী৷ উল্লেখ্য যে অসম-মেঘালয়ৰ সীমা-সমস্যাৰ সমাধানৰ বাবে পূৰ্বেও কেইবাবাৰো মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছিল৷