Logo
image

বেছিভাগ ষ্ট্ৰোক বাথৰুমত কিয় হয় জানেনে?

গা ধুবলৈ গৈ প্ৰথমে আপুনি কি কৰে কেতিয়াবা মন কৰিছেনে? বেছিভাগেই প্ৰথমে মূৰ আৰু চুলি তিয়াই লয়৷ এয়া একেবাৰে উচিত নহয়৷ প্ৰচণ্ড গৰমত বা বাহিৰৰ পৰা আহি পোনে পোনে বাথৰুমত সোমাই মূৰত পানী ঢালিলে দ্ৰুতগতিত তেজ মূৰলৈ উঠি আহে৷ ইয়াৰ ফলত কৈশিক আৰু ধমনী একেলগে চিগিব পাৰে৷ ফলত ষ্ট্ৰোক হয়৷ 

কানাডাৰ মেডিকেল এছ’চিয়েশ্বনৰ আলোচনীত এই বিষয়ে অলপতে এক প্ৰতিবেদন প্ৰকাশ পায়৷ প্ৰতিবেদনটোত উল্লেখ কৰা মতে গা-ধোৱাৰ ক্ষেত্ৰত কেতবোৰ নিয়ম মানি নচলিলে বা সাৱধানতা অৱলম্বন নকৰিলে ষ্ট্ৰোক বা মিনি ষ্ট্ৰোকৰ দৰে দীৰ্ঘস্থায়ী আৰু ভয়াৱহ  সমস্যা হ’ব পাৰে৷ উল্লেখ্য যে শেহতীয়াকৈ গা ধোৱাৰ সময়ত ষ্ট্ৰোকত মৃত্যু বা পক্ষাঘাতত আক্ৰান্ত হোৱা ঘটনা দিনে দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ এনে ক্ষেত্ৰত গা ধুওতে চিকিৎসকসকলে সঠিক নিয়ম মানি চলিবলৈ পৰামৰ্শ আগবঢ়াইছে৷ উল্লেখ কৰা হ’ল গা ধোৱাৰ ক্ষেত্ৰত মানি চলিবলগীয়া কেইটামান নিয়ম–

[১] মূৰত পানী ঢলাৰ আগতে ভৰিৰ পতা দুখন তিয়াই লওঁক৷ ইয়াৰ পাছত লাহে লাহে ওপৰৰ পিনে অৰ্থাৎ কান্ধলৈকে পানী ঢালক৷ পাছত মুখত পানী লওক৷ একেবাৰে শেষতহে মূৰত পানী ঢালিব৷ 

[২] ৰাতি বা নিচেই পুৱা বাথৰুমলৈ যোৱাৰ পূৰ্বে অন্ততঃ ডেৰমিনিট সময় বাহিৰত কটাওক৷ কিয়নো হঠাৎ টোপনিৰ পৰা উঠাৰ  বাবে আপোনাৰ ব্ৰেইনত সঠিকভাৱে অক্সিজেনৰ সৰবৰাহ নঘটিব পাৰে৷  এনেকুৱা হ’লে ষ্ট্ৰোক  বা হাৰ্টএটেকৰ আশংকা থাকে৷ সেয়ে ৰাতি বা নিচেই পুৱা টোপনিৰ পৰা উঠি বাথৰুমত সোমোৱাৰ পূৰ্বে অন্ততঃ ডেৰমিনিট সময় বাহিৰত কটাওক৷ 

ষ্ট্ৰোকৰ পৰা হাত সাৰিবলৈ কি কৰিবঃ

[ক] দেহৰ ওজনৰ ক্ষেত্ৰত সচেতন হওক৷ অতিৰিক্ত ওজন লাহে লাহে কমোৱাৰ চেষ্টা কৰক৷

[খ] নিতৌ খাদ্য তালিকাত সুষম খাদ্য, পাচলি আৰু ফলমূল ৰখা কৰক৷

[গ] দৈনিক অন্ততঃ আধাঘণ্টা বা ৪৫ মিনিট সময় খোজ কাঢ়ক৷ 

[ঘ] ডায়েবেটিছ আৰু ৰক্তচাপৰ সমস্যা থাকিলে সেয়া নিয়ন্ত্ৰণ কৰাটো অত্যন্ত জৰুৰী৷ 

[ঙ] কোষ্ঠকাঠিন্য থাকিলে সেয়া দূৰ কৰিব লাগিব৷ জ্বলা, মছলাযুক্ত আৰু তৈলাক্ত খাদ্যৰ পৰা আঁতৰি থাকক৷

[ঞ] দৈনিক ৮ৰ পৰা ১০ গিলাচ পানী খাওঁক৷ পুৱা শুই উঠি খালীপেটত পানী খোৱাৰ অভ্যাস কৰক৷ 

[চ] ধুমপানৰ অভ্যাস ত্যাগ কৰাটো অত্যন্ত জৰুৰী৷

হঠাৎ সংজ্ঞা হেৰুৱাই পেলালে বা হাত-ভৰি বা শৰীৰৰ কোনো এটা ফালে অৱশ অনুভৱ কৰিলে, কথা কোৱাত অসুবিধা হ’লে বা চকুৰে ধোৱা-কোৱা দেখিলে লগে লগে চিকিৎসকৰ কাষ চাপক৷