Logo
image

টমাট’ ফ্লু’ৰ লক্ষণ কি? কি খাদ্যই আপোনাক বচাব?

সমগ্ৰ বিশ্বত পুনৰ কৰ’নাৰ আতংক আৰম্ভ হৈছে৷ ইয়াৰ সমান্তৰালকৈ এইবাৰ আহিছে আকৌ মাংকি পক্স আৰু টমাট’ ফ্লু’ নামৰ আন দুবিধ ৰোগ৷ টমাট’ ফ্লু’ নামৰ এই ৰোগ বিধত বিশেষকৈ শিশুসকল আক্ৰান্ত হয়৷ মূলতঃ পাঁচ বছৰতকৈ কম বয়সৰ একাংশ শিশুক এই ৰোগত আক্ৰান্ত হোৱা দেখিবলৈ পোৱা গৈছে৷ টমাট’ ফ্লু’ত আক্ৰান্ত হ’লে জ্বৰ, গাৰ বিষ আৰু ছালৰ সংক্ৰমণৰ দৰে উপসৰ্গই দেখা দিয়ে৷ সেয়ে এই সময়ছোৱাত শিশুসকলৰ ক্ষেত্ৰত পিতৃ-মাতৃক সতৰ্কতা অৱলম্বন কৰাৰ বাবে চিকিৎসকসকলে আহ্বান জনাইছে৷ লগতে টমাট’ ফ্লু’ৰ পৰা হাত সাৰিবলৈ খাদ্য তালিকাত এইবোৰ সংযোজন কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছে৷ উল্লেখ কৰা হ’ল কোনবোৰ খাদ্যই টমাট’ ফ্লু’ৰ পৰা বচাই ৰাখে–

[১] পাচলিৰ চুপ খোৱা কৰক৷ পাচলিত কেলছিয়াম, প্ৰ’টিন আৰু ভিটামিনকে ধৰি বিভিন্ন উপকাৰী উপাদান থাকে৷ সেয়ে নিতৌ অসুস্থ ব্যক্তিক এবাতি হ’লেও পাচলি সিজাই খুৱাওক৷ জ্বৰ আদিৰ দৰে সংক্ৰামক ৰোগৰ হ’লে পাচলি চোবাই খোৱাটো কষ্টকৰ হয়৷ এনে ক্ষেত্ৰত পাচলিৰ চুপ প্ৰস্তুত কৰি খুৱাওক৷

[২] চিকেন চুপত জিংক, প্ৰ’টিন, ভিটামিনকে ধৰি বিভিন্ন উপকাৰী উপাদান পোৱা যায়৷ এনে ক্ষেত্ৰত কুকুৰাৰ মাংস সিজাই তেল-মছলা নোহোৱাকৈ চুপ বনাই খুৱালে অসুস্থ ৰোগজনে শৰীৰত শক্তি পায়৷ তদুপৰি চিকেন চুপে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷ সেয়ে এই সময়ত  ফ্লু’ৰ পৰা হাত সাৰি থাকিবলৈ চিকেন চুপ খোৱা কৰক৷

[৩] বিভিন্ন গৱেষণাত প্ৰমাণিত হৈছে যে নহৰুত এনে কিছুমান উপাদান আছে যিবোৰে শৰীৰ সুস্থ ৰখাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷ সেয়ে নিতৌ এফোটা নহৰু খোৱা কৰিব পাৰে৷

[৪] দৈ প্ৰ’বায়টিকৰ উৎকৃষ্ট উৎস৷ দৈ খালেও ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে৷ সেয়ে শৰীৰ সুস্থ ৰাখিবলৈ বা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ দৈ খোৱাটো অতি জৰুৰী৷ দৈয়ে শৰীৰ শীতল কৰি ৰাখে৷

[৫] মাংকি প’ক্সেই হওক বা টমাট’ ফ্লু’ৱেই হওক যিকোনো জ্বৰত আক্ৰান্ত হ’লে ভিটামিন চিযুক্ত ফল খোৱাটো অতি জৰুৰী৷ ভিটামিন ‘চি’ য়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে শৰীৰ সুস্থ ৰাখে৷ সেয়ে নিতৌ ভিটামিন ‘চি’ যুক্ত ফল খোৱা কৰক৷ তদুপৰি চিকিৎসকৰ পৰামৰ্শ অনুসৰি অন্যান্য উপকাৰী ফলো খাব পাৰে৷ 

[৬] নিতৌ পালেং শাক বা অন্যান্য শাক খোৱা কৰক৷ শাকত ভিটামিন এ, চি, ই আৰু ভিটামিন ও থাকে৷ এইবোৰে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ সেউজীয়া পাচলিয়ে শৰীৰত পুষ্টি যোগায়৷ অৱশ্যে পাচলি মছলাৰে ৰান্ধিলে তাত থকা সমস্ত পুষ্টিকৰ উপাদানসমূহ নাইকিয়া হৈ পৰে৷ সেয়ে কম তেল আৰু মছলা নোহোৱাকৈ ৰন্ধা পাচলিহে খোৱা কৰক৷

[৭] ব্ৰক’লিত একাধিক পুষ্টিকৰ উপাদান থাকে৷ ইয়াত প্ৰচুৰ পৰিমাণে কেলছিয়াম, ফাইবাৰ, ভিটামিন চি, আৰু ভিটামিন ও থাকে৷ বয়োজ্যেষ্ঠসকলৰ উপৰি শিশুসকলৰ বাবেও ব্ৰক’লি সমানেই উপযোগী৷

[৮] ওটছ খালেও সংক্ৰামক ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি৷ বহুতে ওজন কমোৱাৰ বাবে ওটছ খায়৷ ওটছে অত্যধিক ওজন হ্ৰাস কৰাৰ লগতে শৰীৰ সুস্থ ৰাখে আৰু যিকোনো ফ্লু’ৰ পৰা আঁতৰাই ৰাখে৷

[৯] যিকোনো ব্যঞ্জন প্ৰস্তুত কৰাৰ বাবে আদা আৰু হালধি ব্যৱহাৰ কৰা হয়৷ জানি আচৰিত হ’ব যে আদা আৰু হালধিয়ে ব্যঞ্জনৰ সোৱাগ বঢ়োৱাৰ লগতে বিভিন্ন ৰোগ নিৰাময় কৰে৷ হালধি আৰু আদাত প্ৰচুৰ পৰিমাণে এণ্টি ইনফ্লেমেটৰি উপাদান থাকে৷ এই উপাদানে শৰীৰ সুস্থ ৰাখে৷ গতিকে টমাট’ ফ্লু’ বা অন্যান্য সংক্ৰামক ৰোগৰ পৰা শিশুটিক আঁতৰত ৰাখিবলৈ খাদ্য তালিকাত ওপৰত উল্লেখ কৰা সমূহ সংযোজন কৰক৷